প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভাৰতে এক নতুন কৌশলগত শক্তি আহৰণ কৰিছে; সীমা আগতকৈ অধিক সুৰক্ষিত হৈছে: প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ পৰা দিয়া স্বাধীনতা দিৱসৰ ভাষণত উল্লেখ কৰে

"সশস্ত্ৰ বাহিনীৰ আধুনিকীকৰণৰ দিহা কৰা হৈছে; তেওঁলোকক যুৱ-শক্তিৰে উজ্জীৱিত কৰা আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানৰে মোকাবিলা কৰিব পৰাকৈ সাজু কৰাটো হৈছে আমাৰ শীৰ্ষ প্ৰাথমিকতা "

प्रविष्टि तिथि: 15 AUG 2023 2:00PM by PIB Guwahati

২০২৩ চনৰ ১৫ আগষ্টত ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ প্ৰাচীৰৰ পৰা ৰাষ্ট্ৰলৈ সম্বোধন কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, "শেহতীয়া বছৰবোৰত ভাৰতে এক নতুন কৌশলগত শক্তি লাভ কৰিছে আৰু আজি আমাৰ সীমান্ত আগতকৈ অধিক সুৰক্ষিত হৈছে।" তেওঁ সাম্প্ৰতিক গোলকীয় নিৰাপত্তা পৰিস্থিতিৰ মাজত ৰাষ্ট্ৰীয় নিৰাপত্তা নিশ্চিত কৰাৰ চৰকাৰৰ অটল সংকল্পৰ কথা দোহাৰে আৰু দাবী কৰে যে সশস্ত্ৰ বাহিনীৰ আধুনিকীকৰণ আৰু তেওঁলোকক যুৱ-শক্তিৰে উজ্জীৱিত কৰি ভৱিষ্যতৰ সকলো প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ সাজু কৰি তুলিবলৈ কেইবাটাও সামৰিক সংস্কাৰ হাতত লোৱা হৈছে।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে সন্ত্ৰাসবাদী আক্ৰমণৰ সংখ্যা যথেষ্ট হ্ৰাস পোৱাৰ বাবে দেশৰ জনসাধাৰণে আজি সুৰক্ষিত অনুভৱ কৰিছে। যেতিয়া দেশখন শান্তিপূৰ্ণ আৰু সুৰক্ষিত হয়, তেতিয়া উন্নয়নৰ নতুন লক্ষ্য প্ৰাপ্ত কৰাটো সম্ভৱ হয়, তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে এক পদ এক পেঞ্চন আঁচনিৰ কথাও উল্লেখ কৰে, যিটো প্ৰতিৰক্ষা পেঞ্চনাৰসকলৰ দীৰ্ঘদিনীয়া দাবী আছিল, যিটো চৰকাৰে শাসনলৈ অহাৰ লগে লগে কাৰ্যকৰী কৰিছিল। "অ'আৰঅ'পি আমাৰ দেশৰ সৈনিকসকলৰ প্ৰতি সন্মানৰ বিষয় আছিল। যেতিয়া আমি ক্ষমতালৈ আহিছিলো তেতিয়া আমি ইয়াক কাৰ্যকৰী কৰিছিলো। আজি প্ৰাক্তন সৈনিক আৰু তেওঁলোকৰ পৰিয়ালৰ হাতলৈ ৭০,০০০ কোটি টকা গৈছে," তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে সীমান্তত থকা সশস্ত্ৰ বাহিনীৰ কৰ্মীসকলক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে, যিসকলে নিশ্চিত কৰে যে দেশখন সুৰক্ষিত আৰু ইয়াৰ স্বাৰ্থ সুৰক্ষিত কৰা হৈছে।


(रिलीज़ आईडी: 1949228) आगंतुक पटल : 136
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , Kannada , English , Khasi , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Telugu , Malayalam