প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ১২ আগষ্টত মধ্য প্ৰদেশ ভ্ৰমণ কৰিব
প্ৰধানমন্ত্ৰীয়ে সন্ত শিৰোমণি গুৰুদেৱ শ্ৰী ৰবিদাসজী মেম'ৰিয়েল স্থানত ভূমি পূজন কৰিব
প্ৰধানমন্ত্ৰীয়ে সন্ত শিৰোমণি গুৰুদেৱ শ্ৰী ৰবিদাসজী মেম'ৰিয়েল স্থানৰ আধাৰশিলা স্থাপন কৰিব, যিটো ১০০ কোটি টকাতকৈও অধিক ব্যয়েৰে নিৰ্মাণ কৰা হৈছে
প্ৰধানমন্ত্ৰীয়ে ১৫৮০ কোটি টকাতকৈও অধিক ব্যয়েৰে বিকশিত হ'ব লগা দুটা পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব
প্ৰধানমন্ত্ৰীয়ে ২৪৭৫ কোটি টকাতকৈও অধিক ব্যয়েৰে বিকশিত কৰা কোটা-বিনা ৰে'ল পথদুগুণ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব
Posted On:
10 AUG 2023 4:50PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ আগষ্ট, ২০২৩ তাৰিখে মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব৷ দুপৰীয়া প্ৰায় ২:১৫বজাত তেওঁ সাগৰ জিলাত উপস্থিত হ'ব, য'ত তেওঁ সন্ত শিৰোমণি গুৰুদেৱ শ্ৰী ৰবিদাসজী স্মাৰক স্থানত ভূমি পূজা কৰিব৷ আবেলি প্ৰায় ৩:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে ধনত এক ৰাজহুৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব য'ত তেওঁ সন্ত শিৰোমণি গুৰুদেৱ শ্ৰী ৰবিদাস জী স্মাৰকৰ আধাৰশিলা স্থাপন কৰিব।
বিশিষ্ট সন্ত আৰু সমাজ সংস্কাৰকসকলক সন্মান জনোৱাটো প্ৰধানমন্ত্ৰীৰ এক নিয়মীয়া কাম হৈআহিছে। তেওঁৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত হৈ ১১.২৫ একৰতকৈ অধিক এলেকাত আৰু ১০০ কোটি টকাতকৈ অধিক ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব সন্ত শিৰোমণি গুৰুদেৱ শ্ৰী ৰবিদাস জী স্মাৰক। এই স্মৃতিসৌধত সন্ত শিৰোমণি গুৰুদেৱ শ্ৰী ৰবিদাস জীৰ জীৱন, দৰ্শন আৰু শিক্ষাৰ বিভিন্ন দিশ প্ৰদৰ্শনৰ বাবে এক আকৰ্ষণীয় কলা সংগ্ৰহালয় আৰু গেলেৰী থাকিব। ইয়াৰ উপৰিও স্মৃতিসৌধলৈ অহা ভক্তসকলৰ বাবে ভক্ত নিৱাস, ভোজনালয় আদিৰ সুবিধা থাকিব।
এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৪০০০ কোটি টকাতকৈ অধিক মূল্যৰ ৰেল আৰু পথ খণ্ডৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।
কোটা-বিনা ৰে’লপথ দুগুণ কৰাৰ কাম সম্পূৰ্ণ হোৱাৰ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে এই প্ৰকল্পটো দেশৰ বাবে উৎসৰ্গা কৰিব। আনুমানিক ২৪৭৫ কোটি টকাতকৈ অধিক ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্পটোৱে ৰাজস্থানৰ কোটা আৰু বৰাণ জিলা, আৰু মধ্যপ্ৰদেশৰ গুনা, অশোকনগৰ আৰু সাগৰ জিলাৰ মাজেৰে পাৰ হৈ গৈছে। অতিৰিক্ত ৰে’ল লাইনে উন্নত গতিশীলতাৰ বাবে ক্ষমতা বৃদ্ধি কৰিব আৰু পথটোৰে ৰে’লৰ গতি উন্নত কৰাত সহায় কৰিব।
প্ৰধানমন্ত্ৰীয়ে ১৫৮০ কোটি টকাতকৈও অধিক ব্যয়েৰে দুটা পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ভিতৰত আছে মৰিকোৰি-বিদিশা-হিনোটিয়াক সংযোগ কৰা চাৰি লেনৰ পথ প্ৰকল্প আৰু হিনোটিয়াক মেহলুৱাৰ সৈতে সংযোগ কৰা আন এক পথ প্ৰকল্প।
***
(Release ID: 1949147)
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam