প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

সুলভ মূল্যত ঔষধৰ উপলব্ধ কৰাৰ বাবে ২৫,০০০ জন ঔষধি কেন্দ্ৰ মুকলি কৰিব চৰকাৰে

“২০,০০০ কোটি টকা ৰাহিৰে দেশৰ মধ্যবিত্ত শ্ৰেণীক নতুন শক্তি প্ৰদান কৰিছে জন ঔষধি কেন্দ্ৰসমূহে”

“জন ঔষধি কেন্দ্ৰৰ সংখ্যা ২৫,০০০লৈ বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে”

Posted On: 15 AUG 2023 1:58PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ পৰা স্বাধীনতা দিৱস উপলক্ষ আগবঢ়োৱা ভাষণৰ সময়ত কয় যে চৰকাৰে ‘জন ঔষধি কেন্দ্ৰ’ৰ সংখ্যা ১০,০০০ৰ পৰা ২৫,০০০লৈ বৃদ্ধিৰ পৰিকল্পনা কৰিছে৷

তেওঁ কয় জন ঔষধি কেন্দ্ৰসমূহে জনসাধাৰণক, বিশেষকৈ মধ্যবিত্ত শ্ৰেণীক এক নতুন শক্তি প্ৰদান কৰিছে৷ যদি কোনো লোকে মধুমেহ ৰোগৰ চিকিৎসা কৰে, তেতিয়াহ’লে তেওঁৰ মাহিলী ৩,০০০ টকা খৰচ হয়৷

জন ঔষধি কেন্দ্ৰসমূহৰ জৰিয়তে ঔষধৰ মূল্য ১০০টকীয়াটো আমি ১০ৰ পৰা ১৫টকা দি আছো,” তেওঁ কয়৷

                                                    

চৰকাৰে যিসকলৰ লোকৰ পৰম্পৰাগত দক্ষতা আছে, তেওঁলোকৰ বাবে অহা মাহৰ পৰা ১৩,০০০ৰ পৰা ১৫,০০০ কোটি টকা ধাৰ্যৰে বিশ্বকৰ্মা আঁচনি শুভাৰম্ভ কৰিব৷ তেওঁ কয় যে চৰকাৰে ‘জন ঔষধি কেন্দ্ৰ(সুলভ মূল্যৰ ঔষধৰ দোকান) ১০,০০০ৰ পৰা ১৫,০০০লৈ বৃদ্ধিৰ দিশত কাম কৰি আছে৷’

***



(Release ID: 1949142) Visitor Counter : 93