প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

স্বাধীনতা দিৱসৰ ভাষণত ভাৰতৰ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰা প্ৰতিজন মহান সংগ্ৰামীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

১৪০ কোটি দেশবাসীক পৰিয়ালৰ সদস্য বুলি অভিহিত প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 15 AUG 2023 8:44AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা ভাষণ প্ৰদান কৰি তেওঁৰ ১৪০ কোটি ‘পৰিয়াল’ক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে এই সময়ত দেশৰ ওপৰত আস্থা শীৰ্ষত আছে।

ভাৰতৰ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী মহান সংগ্ৰামীক প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন আৰু সত্যাগ্ৰহ আন্দোলন আৰু ভগত সিং, সুখদেৱ, ৰাজগুৰু আৰু অসংখ্য নায়কৰ বলিদানৰ কথা স্মৰণ কৰি তেওঁ কয় যে সেই প্ৰজন্মৰ প্ৰায় সকলো লোকেই স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰিছিল।

এই স্মৰণীয় বৰ্ষত অনুষ্ঠিত হ'বলগীয়া মুখ্য বাৰ্ষিকীসমূহৰ কথাও উল্লেখ কৰে তেওঁ। মহান বিপ্লৱী আৰু আধ্যাত্মিক ব্যক্তি শ্ৰীঅৰবিন্দৰ ১৫০ তম জন্মজয়ন্তী বৰ্ষৰ আজি সমাপ্তি ঘটে। তেওঁ স্বামী দয়ানন্দৰ জন্মজয়ন্তীৰ ১৫০ তম বৰ্ষ, ৰাণী দুৰ্গাৱতীৰ ৫০০ তম জন্ম জয়ন্তীৰ কথাও উল্লেখ কৰে আৰু এই আটাইবোৰেই যিটো অতি উলহমালহেৰে উদযাপন কৰা হ’ব বুলিও উল্লেখ কৰে। তেওঁ ভক্তি যোগ সাধ্বী মীৰাবাঈৰ ৫২৫ বছৰ পুৰণি কাহিনীৰ কথাও উল্লেখ কৰে। “পৰৱৰ্তী গণতন্ত্ৰ দিৱস হ’ব ৭৫ সংখ্যক গণতন্ত্ৰ দিৱস।” – তেওঁ কয়। তেওঁ লগতে কয়, “বহুক্ষেত্ৰত বহুতো সুযোগ, বহুতো সম্ভাৱনা, প্ৰতিমুহূৰ্তত নতুন অনুপ্ৰেৰণা, প্ৰতিমুহূৰ্তত নতুন চেতনা, প্ৰতিটো মুহূৰ্তত সপোন দেখা, প্ৰতিটো মুহূৰ্তৰ সমাধান, ৰাষ্ট্ৰ নিৰ্মাণত জড়িত হোৱাৰ এনে কোনো ডাঙৰ সুযোগ জীৱনলৈ আৰু কেতিয়াও নাহিবও পাৰে।”

***


(रिलीज़ आईडी: 1949139) आगंतुक पटल : 163
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Khasi , English , Urdu , हिन्दी , Nepali , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam