ৰাষ্ট্ৰপতি সচিবালয়

৭৭সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্ সন্ধ্যা দেশবাসীক উদ্দেশ্যি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মূৰ ভাষণ

Posted On: 14 AUG 2023 7:40PM by PIB Guwahati

মোৰ প্ৰিয় দেশবাসী,

দেশৰ ৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আপোনালোক সকলোলৈ মোৰ আন্তৰিক অভিনন্দন! এই দিনটো আমাৰ সকলোৰে বাবে গৌৰৱ আৰু পবিত্ৰৰ দিন। চৌদিশে উৎসৱমুখৰ পৰিৱেশ দেখি মই অতি আনন্দিত হৈছোঁ। আনন্দ আৰু গৌৰৱৰ বিষয় এই যে চহৰ-গাঁৱত অৰ্থাৎ দেশৰ সকলো ঠাইতে শিশু, যুৱক-যুৱতী-বয়োজ্যেষ্ঠ সকলোৱে মিলি স্বাধীনতা দিৱস উৎসৱ উৎসাহপূৰ্ণ ভাৱে উদযাপন কৰিবলৈ সাজু হৈছে। আমাৰ দেশবাসীয়ে অতি উৎসাহেৰে ‘স্বাধীনতাৰ অমৃত মহোৎসৱ’ উদযাপন কৰিছে৷

স্বাধীনতা দিৱস উদযাপনে মোৰ শৈশৱৰ দিনবোৰৰ কথা মনত পেলাই দিয়ে। আমাৰ গাঁৱৰ বিদ্যালয়ত স্বাধীনতা দিৱস উদযাপনত অংশগ্ৰহণ কৰি আমাৰ আনন্দৰ সীমা নাথাকে৷ জাতীয় পতাকা উত্তোলন কৰাৰ সময়ত আমাৰ এনে শিহৰণ জাগে যেন আমাৰ শৰীৰৰ মাজেৰে বিদ্যুৎ সৰবৰাহ হৈছে৷ দেশপ্ৰেমৰ গৌৰৱেৰে ভৰা অন্তৰত আমি সকলোৱে জাতীয় পতাকাক প্ৰণাম জনাই জাতীয় সংগীত গাইছিলোঁ। মিঠাই বিতৰণ কৰা হয় আৰু দেশপ্ৰেমমূলক গীত গোৱা হয়, যিবোৰ বহু দিন আমাৰ মনত প্ৰতিধ্বনিত হৈছিল। মোৰ সৌভাগ্য যে স্কুলৰ শিক্ষক হোৱাৰ সময়ত সেই অভিজ্ঞতাবোৰ পুনৰুজ্জীৱিত কৰাৰ সুযোগ পাইছিলোঁ।

আমি এতিয়া ডাঙৰ হ’লো, সেয়েহে আমি হয়তো শিশুৰ দৰে নিজৰ আনন্দ প্ৰকাশ কৰিব নোৱাৰোঁ, কিন্তু জাতীয় উৎসৱৰ লগত জড়িত দেশপ্ৰেমৰ গভীৰ ভাৱ অলপো কমি নাযায় বুলি মোৰ বিশ্বাস। স্বাধীনতা দিৱসে আমাক সোঁৱৰাই দিয়ে যে আমি কেৱল ব্যক্তি নহয়,  আমি এনে এটা মহান সমূদায়ৰ অংশ, যি সঁচাকৈয়ে আটাইতকৈ ডাঙৰ আৰু সজীৱ সমূদায়৷ ই বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ নাগৰিকৰ এটা সমূদায়।

আমি যেতিয়া স্বাধীনতা দিৱস উদযাপন কৰো, তেতিয়া আচলতে আমি এক মহান গণতন্ত্ৰৰ নাগৰিক হিচাপে উদযাপন কৰো। আমাৰ প্ৰত্যেকৰে পৰিচয় বেলেগ বেলেগ। জাতি, ধৰ্ম, ভাষা আৰু অঞ্চলৰ বাহিৰেও আমাৰ পৰিয়াল আৰু কৰ্মক্ষেত্ৰৰ লগত জড়িত এক পৰিচয় আছে। কিন্তু আমাৰ এটা পৰিচয় আছে, যিটো সৰ্বোপৰি আৰু আমাৰ সেই পৰিচয় হৈছে আমি ভাৰতৰ নাগৰিক৷ আমি সকলোৱে, সমানে, এই মহান দেশৰ নাগৰিক। আমাৰ সকলোৰে সুযোগ আৰু অধিকাৰ সমান আৰু আমাৰ কৰ্তব্যও সমান।

কিন্তু সদায় এনেকুৱা নাছিল। ভাৰত গণতন্ত্ৰৰ মাতৃ আৰু  প্ৰাচীন কালত আমাৰ তৃণমূল পৰ্যায়ত বহুতো গণতান্ত্ৰিক প্ৰতিষ্ঠান আছিল। কিন্তু দীৰ্ঘদিনীয়া ঔপনিৱেশিক শাসনে সেই গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহ ধ্বংস কৰি পেলালে। ১৯৪৭ চনৰ ১৫ আগষ্টত দেশত এক নতুন সূৰ্যোদয় হ’ল। সেইদিনা আমি কেৱল বিদেশী শাসনৰ পৰাই স্বাধীনতা পোৱাই নহয়, নিজৰ ভাগ্য গঢ়াৰ স্বাধীনতাও পাইছিলোঁ।

আমাৰ স্বাধীনতাৰ লগে লগে বিদেশী শাসকে উপনিৱেশ ত্যাগ কৰাৰ সময় আৰম্ভ হ’ল আৰু উপনিৱেশবাদৰ অন্ত পৰিবলৈ ধৰিলে। আমাৰ দ্বাৰা স্বাধীনতাৰ লক্ষ্যত উপনীত হোৱাটো গুৰুত্বপূৰ্ণ আছিল, কিন্তু তাতোকৈ উল্লেখযোগ্য আছিল আমাৰ স্বাধীনতা সংগ্ৰামৰ অনন্য পদ্ধতি। মহাত্মা গান্ধী আৰু বহু অসাধাৰণ তথা দূৰদৰ্শী ব্যক্তিত্বৰ নেতৃত্বত আমাৰ জাতীয় আন্দোলন অনন্য আদৰ্শৰে অনুপ্ৰাণিত হৈছিল। গান্ধীজী আৰু অন্যান্য মহান বীৰসকলে ভাৰতৰ আত্মাক পুনৰ জগাই তুলিছিল আৰু আমাৰ মহান সভ্যতাৰ মূল্যবোধৰ বিষয়ে জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল। ভাৰতৰ উজ্জ্বল আদৰ্শ অনুসৰণ কৰি আমাৰ স্বাধীনতা সংগ্ৰামৰ মূল আধাৰশিলা-‘সত্য আৰু অহিংসা’-সমগ্ৰ বিশ্বৰ বহু ৰাজনৈতিক সংগ্ৰামত সফলতাৰে গ্ৰহণ কৰা হৈছে।

স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যাত ভাৰতৰ নাগৰিকৰ সৈতে একেলগে মইও সকলো পৰিচিত আৰু অচিনাকি স্বাধীনতা সংগ্ৰামীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ অগণিত ত্যাগৰ দ্বাৰা ভাৰতে বিশ্ব সমাজত পুনৰ গৌৰৱময় স্থান লাভ কৰিলে। মাতংগিনী হাজৰা আৰু কনকলতা বৰুৱাৰ দৰে নায়িকাসকলে ভাৰত মাতৃৰ বাবে প্ৰাণ আহুতি দিলে। জাতিৰ পিতা মহাত্মা গান্ধীৰ সৈতে খোজত খোজ মিলাই মা কস্তুৰবা সত্যাগ্ৰহৰ পথত গৈ থাকিল। সৰোজিনী নাইডু, আম্মু স্বামীনাথন, ৰমা দেৱী, অৰুণা আছাফ-আলী, সুচেতা কৃপলানীৰ দৰে বহু খ্যাতিসম্পন্ন মহিলা তেওঁলোকৰ পিছৰ সকলো প্ৰজন্মৰ মহিলাৰ বাবে আত্মবিশ্বাসেৰে দেশ আৰু সমাজৰ সেৱা কৰিবলৈ প্ৰেৰণাদায়ক আদৰ্শ স্থাপন কৰিছে। আজি মহিলাসকলে দেশৰ উন্নয়ন আৰু সেৱাৰ প্ৰতিটো ক্ষেত্ৰতে ব্যাপক অৱদান আগবঢ়াই জাতিৰ গৌৰৱ বৃদ্ধি কৰিছে। আজি আমাৰ মহিলাসকলে এনে বহু ক্ষেত্ৰত বিশেষ স্থান লাভ কৰিছে য’ত তেওঁলোকৰ অংশগ্ৰহণৰ কথা কেইটামান দশক আগতে কল্পনাও কৰিব পৰা নাছিল।

আমাৰ দেশত মহিলাৰ অৰ্থনৈতিক সবলীকৰণৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া দেখি মই আনন্দিত হৈছো। অৰ্থনৈতিক সবলীকৰণে পৰিয়াল আৰু সমাজত মহিলাৰ স্থান শক্তিশালী কৰে। সকলো দেশবাসীকে নাৰী সবলীকৰণক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাইছো। মই আমাৰ ভগ্নী-কন্যাই সকলো ধৰণৰ প্ৰত্যাহ্বান সাহসেৰে মুখামুখি হৈ জীৱনত আগবাঢ়ি যোৱাটো বিচাৰোঁ। নাৰীৰ বিকাশ স্বাধীনতা সংগ্ৰামৰ আদৰ্শৰ ভিতৰত অন্তৰ্ভুক্ত।

প্ৰিয় দেশবাসী,

স্বাধীনতা দিৱস আমাৰ বাবে আমাৰ ইতিহাসৰ সৈতে পুনৰ সংযোগ স্থাপনৰ এক সুযোগ। আমাৰ বৰ্তমানৰ মূল্যায়ন আৰু আগন্তুক পথৰ ওপৰত চিন্তা কৰাৰো এক সুযোগ। আজি আমি দেখিবলৈ পাইছো যে ভাৰতে কেৱল বিশ্ব মঞ্চত নিজৰ উচিত স্থান দখল কৰাই নহয়, আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাতো নিজৰ প্ৰতিপত্তি বৃদ্ধি কৰিছে। ভাৰতীয় প্ৰব্ৰজনকাৰীসকলৰ সৈতে মোৰ ভ্ৰমণ আৰু আদান-প্ৰদানত মই তেওঁলোকৰ দেশৰ প্ৰতি এক নতুন আত্মবিশ্বাস আৰু গৌৰৱ পৰ্যবেক্ষণ কৰিছো। সমগ্ৰ বিশ্বতে উন্নয়নৰ লক্ষ্য আৰু মানৱীয় সহযোগিতাৰ প্ৰসাৰৰ ক্ষেত্ৰত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। ভাৰতে আন্তঃৰাষ্ট্ৰীয় মঞ্চত অগ্ৰণী স্থান দখল কৰাৰ লগতে জি-২০ দেশৰ অধ্যক্ষতাৰ দায়িত্বও গ্ৰহণ কৰিছে।

যিহেতু জি-২০-এ বিশ্বৰ জনসংখ্যাৰ দুই তৃতীয়াংশক প্ৰতিনিধিত্ব কৰে, গতিকে বিশ্বৰ অগ্ৰাধিকাৰক সঠিক দিশত আগুৱাই নিয়াৰ বাবে আমাৰ বাবে এয়া এক অনন্য সুযোগ। জি-২০ৰ অধ্যক্ষতাৰ জৰিয়তে ভাৰতে বাণিজ্য আৰু বিত্তৰ ক্ষেত্ৰত সমতাপূৰ্ণ অগ্ৰগতিৰ দিশত সিদ্ধান্ত ল’বলৈ চেষ্টা কৰিছে। বাণিজ্য আৰু বিত্তৰ উপৰিও মানৱ উন্নয়নৰ লগত জড়িত বিষয়সমূহো কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছে। কোনো ভৌগোলিক সীমাৰেখাৰে বান্ধ খাই নথকাটো সমগ্ৰ মানৱ জাতিৰ বাবে গুৰুত্বপূৰ্ণ বিষয়। মোৰ বিশ্বাস যে ভাৰতৰ কাৰ্যকৰী নেতৃত্বৰ সহায়ত জি-২০ৰ সদস্য-দেশসমূহে সেই দিশসমূহত ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিব।

ভাৰতৰ জি-২০ৰ অধ্যক্ষতাত এটা নতুন কথা হ’ল কূটনীতিক তৃণমূল পৰ্যায়ৰ সৈতে সংযুক্ত কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় কূটনৈতিক কাৰ্যকলাপত জনসাধাৰণৰ অংশগ্ৰহণক উৎসাহিত কৰাৰ বাবে এয়া হৈছে এনেধৰণে আৰম্ভ কৰা প্ৰথম অভিযান। উদাহৰণস্বৰূপে, জি-২০ সম্পৰ্কীয় বিষয়ৰ ওপৰত বিদ্যালয়-মহাবিদ্যালয়ত আয়োজন কৰা কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীসকলে উৎসাহেৰে অংশগ্ৰহণ কৰা দেখি মই আনন্দিত হৈছো। জি-২০ৰ সৈতে জড়িত কাৰ্যসূচী সন্দৰ্ভত সকলো নাগৰিকৰ মাজত যথেষ্ট উৎসাহ দেখা গৈছে।

প্ৰিয় দেশবাসী,

সৱলীকৰণৰ মনোভাৱৰ সৈতে যুক্ত এই উৎসাহৰ মনোভাৱ আজি সম্ভৱ হৈ উঠিছে কাৰণ আমাৰ দেশে সকলো দিশতে সুন্দৰ অগ্ৰগতি লাভ কৰিছে। কঠিন সময়ত ভাৰতৰ অৰ্থনীতি কেৱল সুস্থিৰ বুলি প্ৰমাণিত হোৱাই নহয় আনৰ বাবেও আশাৰ উৎস হৈ পৰিছে। বিশ্বৰ অধিকাংশ অৰ্থনীতি জটিল পৰ্যায়ৰ মাজেৰে পাৰ হৈ আছে।

বিশ্ব সমুদায়ে বিশ্বজুৰি চলি থকা মহামাৰীৰ ফলত সৃষ্টি হোৱা অৰ্থনৈতিক সংকটৰ পৰা সম্পূৰ্ণৰূপে ওলাই অহাৰ প্ৰচেষ্টা অব্যাহত ৰাখোতেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সংঘটিত ঘটনাপ্ৰবাহৰ বাবে অনিশ্চয়তাৰ পৰিৱেশ আৰু অধিক গুৰুতৰ হৈ পৰিছে। তথাপি, চৰকাৰে কঠিন পৰিস্থিতিৰ সৈতে ভালদৰে মোকাবিলা কৰিবলৈ সক্ষম হৈছে। দেশে প্ৰত্যাহ্বানবোৰক সুযোগলৈ ৰূপান্তৰ কৰিছে আৰু আকৰ্ষণীয়ভাৱে বৰ্ধিত জিডিপিও আহৰণ কৰিবৈলৈ সক্ষম হৈছে। আমাৰ অন্নদাঁতা কৃষকসকলে আমাৰ অৰ্থনৈতিক বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। ৰাষ্ট্ৰ তেওঁলোকৰ ওচৰত ঋণী।

মুদ্ৰাস্ফীতি বিশ্বব্যাপী এক উদ্বেগৰ কাৰণ হৈ আছে, কিন্তু চৰকাৰ আৰু ৰিজাৰ্ভ বেংকে ইয়াক নিয়ন্ত্ৰণ কৰাত সফল হৈছে। চৰকাৰে মুদ্ৰাস্ফীতিক সাধাৰণ মানুহৰ ওপৰত বিশেষ প্ৰভাৱ পেলাবলৈ দিয়া নাই আৰু একে সময়তে দৰিদ্ৰ লোকসকলক এক ব্যাপক সুৰক্ষাকৰ্মেও  প্ৰদান কৰিছে। বিশ্বব্যাপী অৰ্থনৈতিক বিকাশৰ বাবে আজি বিশ্বৰ চকু ভাৰতৰ ওপৰত নিবদ্ধ হৈছে। আজি ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি হৈ পৰিছে। বিশ্বৰ দ্ৰুততম বিকাশশীল বৃহৎ অৰ্থনীতি হিচাপে, ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হ'বলৈ সাজু হৈছে। আমাৰ অৰ্থনৈতিক প্ৰগতিৰ এই যাত্ৰাত, সামগ্ৰিক বিকাশৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

ধাৰাবাহিক অৰ্থনৈতিক প্ৰগতিৰ দুটা মুখ্য বিধি আছে। এফালে, ব্যৱসায় কৰা সহজ হৈছে আৰু নিযুক্তিৰ সুযোগ সৃষ্টি কৰি উদ্যোগৰ পৰিৱেশ গঢ়ি তোলাৰ লগতে সেয়া প্ৰচাৰো কৰা হৈছে। আনফালে, দৰিদ্ৰ আৰু কল্যাণমূলক কাৰ্যসূচীসমূহ বৃহৎ পৰিমাণে চলোৱাত সহায় কৰাৰ বাবে বিভিন্ন ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা হৈছে। দৰিদ্ৰসকলক অগ্ৰাধিকাৰ দিয়াটো আমাৰ নীতি আৰু কাৰ্যৰ কেন্দ্ৰবিন্দু হৈ আছে। ফলশ্ৰুতিত, বিগত দশকত বৃহৎ সংখ্যক লোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰাতো সম্ভৱ হৈছে। একেদৰে, জনজাতীয় লোকসকলৰ অৱস্থা উন্নত কৰিবলৈ আৰু তেওঁলোকক প্ৰগতিৰ যাত্ৰাত অন্তৰ্ভুক্ত কৰাৰ বাবে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। মই মোৰ জনজাতীয় ভাই-ভনীসকলক অনুৰোধ জনাইছো যে আপোনালোক সকলোৱে আপোনাৰ পৰম্পৰাক সমৃদ্ধ কৰা উচিত আৰু আধুনিকতা গ্ৰহণ কৰা উচিত।

অৰ্থনৈতিক বিকাশৰ লগতে মানৱ উন্নয়নৰ দিশবোৰকো যথেষ্ট অগ্ৰাধিকাৰ দিয়া দেখি মই আনন্দিত হৈছো। যিহেতু মই এগৰাকী শিক্ষক আছিলোঁ, মই এইটোও বুজি পাইছো যে শিক্ষা হৈছে সামাজিক সবলীকৰণৰ আটাইতকৈ কাৰ্যকৰী মাধ্যম। ২০২০ বৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি সলনি হ’বলৈ আৰম্ভ কৰিছে। বিভিন্ন স্তৰত শিক্ষাৰ্থী আৰু শিক্ষাবিদসকলৰ সৈতে মোৰ বাৰ্তালাপে মোক সজাগ কৰি তুলিছে যে অধ্যয়নৰ প্ৰক্ৰিয়াটো অধিক নমনীয় হৈ পৰিছে। এই দূৰদৰ্শী নীতিৰ এটা মুখ্য উদ্দেশ্য হৈছে প্ৰাচীন মূল্যবোধক আধুনিক দক্ষতাৰ সৈতে একত্ৰিত কৰা। ইয়াৰ ফলত অনাগত বছৰবোৰত শিক্ষাৰ ক্ষেত্ৰত অভূতপূৰ্ব পৰিৱৰ্তন ঘটিব আৰু ইয়াৰ ফলস্বৰূপে দেশখনত এক বৃহৎ পৰিৱৰ্তন দেখা যাব। ভাৰতৰ প্ৰগতিক আমাৰ দেশবাসী, বিশেষকৈ যুৱ প্ৰজন্মৰ সপোনৰ দ্বাৰা উদগনি দিয়া হৈছে। উন্নয়নৰ অন্তহীন সম্ভাৱনাই দেশবাসীৰ বাবে অপেক্ষা কৰি আছে। ষ্টাৰ্ট-আপৰ পৰা ক্ৰীড়ালৈকে, আমাৰ যুৱপ্ৰজন্মই উৎকৃষ্টতাৰ ন ন শিখৰত আৰোহন কৰিছে।

আজিৰ নতুন ভাৰতৰ উচ্চাকাংক্ষাৰ নতুন দিগন্ত সীমাহীন। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই নতুন উচ্চতাত আৰোহণ কৰিছে আৰু উৎকৃষ্টতাৰ নতুন মাত্ৰা নিৰ্ধাৰণ কৰিছে। এই বছৰ, ইছৰোৱে চন্দ্ৰযান-৩ উৎক্ষেপণ কৰিছে, যি ইতিমধ্যে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশো কৰিছে, আৰু নিৰ্ধাৰিত সূচী অনুসৰি অহা কেইদিনমানৰ ভিতৰত ইয়াৰ লেণ্ডাৰ ‘বিক্ৰম’ আৰু ‘প্ৰজ্ঞান’ নামৰ ৰোভাৰ চন্দ্ৰত অৱতৰণ কৰিব। এইটো আমাৰ সকলোৰে বাবে এক গৌৰৱৰ মুহূৰ্ত হ’ব আৰু মই সেই মুহূৰ্তটোৰ বাবেও অধীৰভাৱে অপেক্ষা কৰি আছো। চন্দ্ৰলৈ যোৱা এই অভিযানটো মহাকাশক্ষেত্ৰত আমাৰ ভৱিষ্যত কাৰ্যসূচীৰ বাবে মাথো এটা পদক্ষেপ। আমি বহুদূৰ যাব লাগিব। 

কেৱল মহাকাশ অভিযানতে নহয়, ধৰাতো আমাৰ বিজ্ঞানী আৰু প্ৰযুক্তিবিদসকলে দেশক গৌৰৱান্বিত কৰি আহিছে। গৱেষণা, উদ্ভাৱন আৰু উদ্যোগৰ প্ৰচাৰৰ বাবে চৰকাৰে পৰৱৰ্তী পাঁচ বছৰত ৫০,০০০ কোটি টকা ব্যয়েৰে অনুসন্ধান ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেচন স্থাপন কৰিবলৈ লৈছে। এই ফাউণ্ডেচনে আমাৰ মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু গৱেষণা কেন্দ্ৰসমূহত গৱেষণা আৰু বিকাশৰ আধাৰ প্ৰদান কৰিব, লগতে সেইবোৰক বিকশিত কৰাৰ সমান্তৰালকৈ আগুৱাই লৈ যাব। 

মোৰ আদৰৰ দেশবাসী,

আমাৰ লক্ষ্য কেৱল জ্ঞান-বিজ্ঞানতেই উৎকৃষ্ট হোৱা নহয়, বৰঞ্চ আমাৰ বাবে সেইবোৰ হৈছে মানৱতাৰ বিকাশৰ মাধ্যম। সমগ্ৰ বিশ্বৰ বিজ্ঞানী আৰু নীতি নিৰ্ধাৰকসকলে অধিক নিষ্ঠাৰে গুৰুত্ব প্ৰদান কৰিব লগা এটা ক্ষেত্ৰ হ'ল জলবায়ু পৰিৱৰ্তন। শেহতীয়াকৈ কেইটামান বছৰত, যথেষ্ট সংখ্যক প্ৰতিকূল বতৰৰ ঘটনা সংঘটিত হৈছে। দেশৰ ভালেমান এলেকা অভূতপূৰ্ব প্ৰলয়ংকৰী বানপানীৰ সন্মুখীন হৈছে। বহু ঠাইত খৰাং হোৱাৰ সম্ভাৱনাও আছে। গোলকীয় উষ্ণতা বৃদ্ধি এই সকলোবোৰৰ এটা মুখ্য কাৰণ বুলি গণ্য কৰা হৈছে। সেয়েহে, পৰিৱেশৰ হিতাৰ্থত স্থানীয়, ৰাষ্ট্ৰীয় আৰু বিশ্ব পৰ্যায়ত প্ৰচেষ্টা অব্যাহত ৰখাৰ প্ৰয়োজনীয়তা আছে। এই সন্দৰ্ভত, এইটো লক্ষণীয় যে আমি নৱীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত অভূতপূৰ্ব লক্ষ্য আহৰণ কৰিবলৈ সক্ষম হৈছো। ভাৰতে আন্তৰ্জাতিক সৌৰ শক্তি অভিযানত নেতৃত্ব প্ৰদান কৰিছে। আমাৰ দেশখনে আন্তঃৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি পূৰণত এক অগ্ৰণী ভূমিকা পালন কৰি আছে। আমি বিশ্ব সমুদায়ক ‘LiFE’ অৰ্থাৎ পৰিৱেশৰ বাবে জীৱনশৈলীৰ মন্ত্ৰ দিছো।

আদৰৰ দেশবাসী,

অস্বাভাৱিক বতৰৰ বিক্ষিপ্ত ঘটনাই সকলোকে প্ৰভাৱিত কৰে। কিন্তু দৰিদ্ৰ আৰু নিস্পেষিত শ্ৰেণীৰ লোকৰ ওপৰত ইয়াৰ অধিক গুৰুতৰ প্ৰভাৱ পৰে। জলবায়ু পৰিৱৰ্তনৰ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ চহৰ আৰু পাহাৰীয়া অঞ্চলবোৰ বিশেষভাৱে সাজু হৈ থকাৰ প্ৰয়োজন আছে।

মই পুনৰাই ক’বলৈ বিচাৰো যে লিপ্সাৰ কুসংস্কৃতিয়ে পৃথিৱীখনক প্ৰকৃতিৰ পৰা আঁতৰাই লৈ যায় আৰু এতিয়া আমি উপলব্ধি কৰিছো যে আমি আমাৰ শিপালৈ ঘূৰি যোৱা উচিত। আজিও, বহুতো জনজাতীয় সমুদায় আছে যি প্ৰকৃতিৰ অতি নিকটত অৱস্থান কৰে আৰু প্ৰকৃতিৰ সৈতে সামঞ্জস্য ৰাখি বাস কৰে। তেওঁলোকৰ জীৱনৰ মূল্যবোধ আৰু জীৱনশৈলীয়ে জলবায়ু প্ৰক্ৰিয়াৰ ক্ষেত্ৰত অনবদ্য পাঠ প্ৰদান কৰে।

জনজাতীয় সমুদায়বোৰে যুগ যুগ ধৰি তেওঁলোকৰ অস্তিত্ব বজাই ৰখাৰ ৰহস্য মাত্ৰ এটা শব্দত প্ৰকাশ কৰিব পাৰি। সেয়া হৈছে সহানুভূতি। জনজাতীয় সমুদায়ৰ লোকসকলে প্ৰকৃতিক মাতৃ হিচাপে গণ্য কৰে আৰু তেওঁৰ সকলো সন্তান অৰ্থাৎ উদ্ভিদ আৰু জীৱজন্তুৰ প্ৰতি সহানুভূতিশীল হয়, দয়ালু হয়। কেতিয়াবা পৃথিৱীত সহানুভূতিৰ অভাৱ হয়। কিন্তু ইতিহাস এই সত্যৰ সাক্ষী যে এনে সময় কেৱল অলপ সময়ৰ বাবেহে আহে, কিয়নো সহানুভূতি হৈছে আমাৰ মৌলিক প্ৰকৃতি। মোৰ অভিজ্ঞতাই কয় যে মহিলাসকলে সহানুভূতিৰ গুৰুত্ব অধিক গভীৰভাৱে অনুভৱ কৰে আৰু যেতিয়া মানৱতা ইয়াৰ পথৰ পৰা বিচ্যুত হয় তেতিয়াই ই সঠিক পথ প্ৰদৰ্শন কৰে।

আমাৰ দেশখনে নতুন সংকল্পেৰে ‘অমৃত কাল’ত প্ৰৱেশ কৰিছে আৰু আমি ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ দিশত আগবাঢ়িছো। আহক আমি সকলোৱে আমাৰ সাংবিধানিক মৌলিক কৰ্তব্য পালন কৰাৰ সংকল্প লওঁ আৰু ব্যক্তিগত তথা সামূহিক কাৰ্যকলাপৰ সকলো ক্ষেত্ৰতে উৎকৃষ্টতা আহৰণৰ চেষ্টা কৰোঁ, যাতে আমাৰ দেশ সৰ্বসমৃদ্ধ হৈ থাকে আৰু অধ্যৱসায় আৰু সফলতাৰ নতুন উচ্চতাত আৰোহণ কৰিবলৈ সক্ষম হয়। 

আদৰৰ দেশবাসী,

আমাৰ সংবিধান হৈছে আমাৰ পথপ্ৰদৰ্শক দস্তাবেজ। সংবিধানৰ প্ৰস্তাৱনাত আমাৰ স্বাধীনতা সংগ্ৰামৰ আদৰ্শ নিহিত হৈ আছে। আহক আমি আমাৰ ৰাষ্ট্ৰনিৰ্মাতাসকলৰ সপোনবোৰ বাস্তৱায়িত কৰিবলৈ সম্প্ৰীতি আৰু ভাতৃত্ববোধেৰে আগবাঢ়ি যাওঁ।

স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত মই আপোনালোক সকলোকে, বিশেষকৈ সীমান্তত পহৰা দিয়া সৈনিকসকলক, আভ্যন্তৰীণ নিৰাপত্তা প্ৰদান কৰা সকলো সুৰক্ষা বাহিনী আৰু আৰক্ষী কৰ্মী আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰবাসী ভাৰতীয়সকলক আকৌ এবাৰ অভিনন্দন জনাইছো। মৰমৰ প্ৰতিগৰাকী দেশবাসীলৈ শুভেচ্ছা!

ধন্যবাদ!

জয় হিন্দ!

জয় ভাৰত!



(Release ID: 1948680) Visitor Counter : 143