স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

লিম্ফেটিক ফাইলেৰীয়াচিছৰ বাবে বাৰ্ষিক ৰাষ্ট্ৰজোৰা গণ ঔষধ প্ৰশাসনৰ (এমডিএ) পদক্ষেপৰ দ্বিতীয় পৰ্যায়ৰ উদ্বোধন কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ মনসুখ মাণ্ডৱিয়াৰ

মিছন মোড, বহু অংশীদাৰ, বহুপাক্ষিক নিৰ্ধাৰিত লক্ষ্য অভিযানৰ জৰিয়তে ২০২৭চনৰ ভিতৰত বিশ্বৰ লক্ষ্যৰ তিনি বছৰ পূৰ্বেই লিম্ফেটিক ফাইলেৰিয়াছিছ নিৰ্মূল কৰিব লক্ষ্যত উপনীত হোৱাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈছে ভাৰতঃ মনসুখ মাণ্ডবিয়া

“সজাগতা সৃষ্টি আৰু গাঁৱে-ভূঞে যোগাযোগ অভিযান নিশ্চিত কৰি, পঞ্চায়তসমূহে সমগ্ৰ দেশতে ব্যাপক প্ৰসাৰ হ’বলগীয়া আন্দোলনক জোৰদাৰ কৰি তুলিব”

“জন অংশীদাৰ আৰু ‘সমগ্ৰ চৰকাৰ’ আৰু ‘সমগ্ৰ সমাজ’ পদ্ধতিৰ জৰিয়তে আমি দেশৰ পৰা এই ৰোগ নিৰ্মূল কৰিবলৈ সক্ষম হ’ম”

Posted On: 10 AUG 2023 2:21PM by PIB Guwahati

মিছন মোড, বহু অংশীদাৰ, বহুপাক্ষিক নিৰ্ধাৰিত লক্ষ্য অভিযানৰ জৰিয়তে ২০২৭চনৰ ভিতৰত বিশ্বৰ লক্ষ্যৰ তিনি বছৰ পূৰ্বেই লিম্ফেটিক ফাইলেৰিয়াছিছ নিৰ্মূল কৰিব লক্ষ্যত উপনীত হোৱাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈছে ভাৰত।” বাৰ্ষিক ৰাষ্ট্ৰজোৰা গণ ঔষধ প্ৰশাসনৰ (এমডিএ) পদক্ষেপৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰি আজি এই মন্তব্য কৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ মনসুখ মাণ্ডবিয়াই। এই উপলক্ষে অনুষ্ঠানত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ড ভাৰতী প্ৰবীণ পাৱাৰ, আৰু অধ্যাপক এছ.পি. সিং ভাগেল উপস্থিত থাকে।

এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সজোৰে কয় যে “জন অংশীদাৰ আৰু ‘সমগ্ৰ চৰকাৰ’ আৰু ‘সমগ্ৰ সমাজ’ পদ্ধতিৰ জৰিয়তে আমি দেশৰ পৰা এই ৰোগ নিৰ্মূল কৰিবলৈ সক্ষম হ’ম”।২০২৩ চনৰ ১০ আগষ্টৰ পৰা আৰম্ভ হোৱা দ্বিতীয় পৰ্যায়ত ৯খন ৰাজ্য (অসম, বিহাৰ, ছত্তীশগড়, ঝাৰখণ্ড, কৰ্ণাটক, মহাৰাষ্ট্ৰ, ওড়িশা, তেলেংগানা আৰু উত্তৰ প্ৰদেশ)ৰ ৮১ খন জিলা সামৰি লোৱা হ’ব।

উদ্বোধনী অনুষ্ঠানত ছত্তীশগড়ৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী. টি.এছ. সিং দেও, উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী বৃজেশ পাঠক, ওড়িশাৰ স্বাস্থ্যমন্ত্ৰী শ্ৰী নিৰঞ্জন পূজাৰী, অসমৰ স্বাস্থ্য মন্ত্ৰী শ্ৰী কেশব মহন্ত আৰু ঝাৰখণ্ডৰ স্বাস্থ্য মন্ত্ৰী শ্ৰী বান্না গুপ্তাই ভাৰ্চুৱেলী যোগদান কৰে।

                                                    

এই উপলক্ষে বৈঠকত ভাষণ আগবঢ়াই ড মাণ্ডবিয়াই কয় যে “প্ৰয়াস কেৱল ঔষধ সেৱনতে সীমাবদ্ধ থাকিব নালাগে, বৰঞ্চ ম’হৰ জৰিয়তে ৰোগৰ বিস্তাৰ নিৰ্মূল কৰাত সহায় কৰিব লাগিব, যাৰ অবিহনে আমাৰ লক্ষ্যত উপনীত হোৱাত বাধা আহিব।”

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে সকলোৰে বাবে সুস্থ দেশ নিশ্চিত কৰাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত সহযোগিতা বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। স্বাস্থ্যৰ ক্ষেত্ৰত জন আন্দোলন অভিযানৰ সফলতাক আন আন বিষয়ৰ লগতে নি-ক্ষয় মিত্ৰৰ উদাহৰণ উল্লেখ কৰি ড মাণ্ডবিয়াই কয়, “তৃণমূল পৰ্যায়ৰ পৰা আৰম্ভ কৰি সকলো অংশীদাৰক জড়িত কৰি এই অভিযানত সফলতা লাভ কৰাত সম্প্ৰদায়ৰ সহযোগিতাই যথেষ্ট অৰিহণা যোগাব।” গণ আন্দোলনৰ ব্যাপক পৰিসৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি স্বাস্থ্যমন্ত্ৰীয়ে লগতে কয় যে “সজাগতা সৃষ্টি আৰু গাঁৱে-ভূঞে যোগাযোগ অভিযান নিশ্চিত কৰি, পঞ্চায়তসমূহে সমগ্ৰ দেশতে ব্যাপক প্ৰসাৰ হ’বলগীয়া আন্দোলনক জোৰদাৰ কৰি তুলিব।” চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৱলী আৰু অধিক শক্তিশালী কৰিবলৈ ড মাণ্ডবিয়াই এই ৰোগ নিৰ্মূলৰ ব্যৱস্থা হিচাপে স্বাস্থ্যসেৱা কৰ্মী বা পেছাদাৰী ব্যক্তিৰ সন্মুখত ঔষধ সেৱনত অধিক গুৰুত্ব দিয়াৰ পোষকতা কৰে।

এই উপলক্ষে ড মাণ্ডবিয়াই ডেংগু জ্বৰ, ২০২৩ আৰু চিকুনগুনিয়া জ্বৰৰ ক্লিনিকেল মেনেজমেণ্টৰ বাবে ৰাষ্ট্ৰীয় নিৰ্দেশাৱলী মুকলি কৰে।

                                                         

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব সুধাংশ পণ্টে লগতে কয়, "ফাইলেৰিয়াচিছৰ বিৰুদ্ধে গণ ঔষধ প্ৰশাসনৰ অভিযান আৰম্ভ কৰাটো আমাৰ দেশৰ স্বাস্থ্য এজেণ্ডাত এক গুৰুত্বপূৰ্ণ বিষয়। আমাৰ সামূহিক সংকল্পই লিম্ফেটিক ফাইলেৰিয়াছিছ নিৰ্মূল কৰি স্থানীয় অঞ্চলসমূহৰ জীৱন ৰূপান্তৰিত কৰাৰ কাম কৰিব।”

                                                            

বৈঠকত স্বাস্থ্য সেৱা সঞ্চালক প্ৰধান ডাঃ অতুল গোৱেল, ৯খন ৰাজ্যৰ প্ৰধান সচিব আৰু মিছন সঞ্চালক, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব আৰু মিছন সঞ্চালক (এনএইচএম), লামচোংঘোই ছুইটি চাংছান, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ যুটীয়া সচিব ৰাজীৱ মাঞ্জী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ বিভাগ, আনুষংগিক মন্ত্ৰালয়ৰ যুটীয়া সচিব, ৰাষ্ট্ৰীয় ভেক্টৰ বৰ্ণ ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰৰ সঞ্চালক ডাঃ তনু জৈন, কৰ্ণাটকৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সেৱা সঞ্চালকালয়ৰ সঞ্চালক ডাঃ এম ইন্দুমতী,  ৯ খন ৰাজ্যৰ জ্যেষ্ঠ আঞ্চলিক সঞ্চালক আৰু আঞ্চলিক সঞ্চালক আৰু চৰকাৰী উচ্চপদস্থ বিষয়াসকলো উপস্থিত থাকে।

****



(Release ID: 1947553) Visitor Counter : 96