প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰত মাণ্ডপামত অনুষ্ঠিত ভাৰতৰ জি-২০ অধ্যক্ষতাৰ সমন্বয় সমিতিৰ সপ্তমখন বৈঠকত অধ্যক্ষতা ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিবৰ

৯ আৰু ১০ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিতব্য জি-২০ সন্মিলনৰ বাবে গুৰুত্বপূৰ্ণ আৰু লজিষ্টিক ব্যৱস্থাৰ অগ্ৰগতি পৰ্যালোচনা

শীৰ্ষ সন্মিলনৰ বাবে ৩২০০ৰো অধিক আন্তঃৰাষ্ট্ৰীয় আৰু স্থানীয় সংবাদকৰ্মীৰ নাম পঞ্জীয়ন

Posted On: 08 AUG 2023 6:15PM by PIB Guwahati

ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ড০ পি কে মিশ্ৰৰ সভাপতিত্বত আজি নতুন দিল্লীৰ প্ৰগতি ময়দানৰ ভাৰত মাণ্ডপামত ভাৰতৰ জি-২০ অধ্যক্ষতাৰ সমন্বয় সমিতিৰ সপ্তমখন বৈঠক অনুষ্ঠিত হৈ যায়। বৈঠকত আগন্তুক শীৰ্ষ সন্মিলনৰ প্ৰস্তুতিৰ বিষয়ে গুৰুত্বপূৰ্ণ দিশৰ লগতে লজিষ্টিক দিশবোৰৰো আলোচনা কৰা হয়। আজিৰ বৈঠকত শ্বেৰ্পা আৰু ফাইনেন্স দুয়োটা ট্ৰেকতে অগ্ৰগতি আৰু ফলাফলৰ পৰ্যালোচনা কৰা হয়।

এই সন্দৰ্ভত জি-২০ৰ শ্বেৰ্পা, অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব, আৰু তথ্য আৰু সম্প্ৰচাৰ সচিবে এলানি প্ৰেজেণ্টেশ্যন দাঙি ধৰে। আজিৰ বৈঠকত সেউজ উন্নয়ন, বহনক্ষম উন্নয়নৰ লক্ষ্য ত্বৰান্বিতকৰণ, শক্তিশালী বহনক্ষম সুষম আৰু সৰ্বাংগীন বিকাশ, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, লিংগ সমতা, বহুপক্ষীয় প্ৰতিষ্ঠানসমূহৰ সংস্কাৰকে ধৰি ভাৰতীয় ৰাষ্ট্ৰপতিৰ অগ্ৰাধিকাৰসমূহৰ ওপৰত আলোচনা কৰা হয়।

জি-২০ৰ শ্বেৰ্পাই জনোৱা মতে, এতিয়ালৈকে দেশৰ প্ৰায় সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সামৰি মন্ত্ৰী পৰ্যায়ৰ ১৩ খনকে ধৰি মুঠ ১৮৫ খন বৈঠক সম্পন্ন হৈছে। ১২ টা ফলাফলৰ নথিপত্ৰৰ উপৰিও সহমতৰ সৈতে আন ১২টা দিশৰ কৰণীয়বোৰ অৰ্থাৎ ডেলিভাৰেবল গ্ৰহণ কৰা হৈছে বুলিও উল্লেখ কৰে জি২০ শ্বেৰ্পাই।

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ সচিবে জনোৱা মতে, ক্ৰিপ্টো সম্পত্তিৰ কাৰ্যক্ৰমণিকা, বিত্তীয় অন্তৰ্ভুক্তি, জলবায়ু বিত্ত সংগঠিত কৰা আৰু বহনক্ষম উন্নয়নৰ লক্ষ্যৰ বাবে বিত্তীয় দিশ টনকিয়াল কৰাকে ধৰি বিত্তীয় ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰা হৈছে।

ইফালে তথ্য আৰু সম্প্ৰচাৰ সচিবে সংবাদ মাধ্যমৰ বাবে কৰা ব্যৱস্থা ক্ৰমে মিডিয়া চেণ্টাৰ স্থাপন আৰু সংবাদ মাধ্যমৰ পঞ্জীয়ণ আংদি সম্পৰ্কে অৱগত কৰে। এতিয়ালৈকে ১৮০০ গৰাকী বিদেশী আৰু ১২০০ ৰো অধিক স্থানীয় সাংবাদিককে ধৰি ৩২০০ৰো অধিক সংবাদকৰ্মীয়ে এই সন্মিলনৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰিছে। বিদেশী সংবাদ মাধ্যমৰ লগতে ঘৰুৱা সংবাদ মাধ্যমৰ সুবিধাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা কৰা হৈছে বুলিও বৈঠকত অৱগত কৰা হৈছে।

উল্লেখ্য যে আজিৰ বৈঠকৰ অধ্যক্ষ প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিবগৰাকীয়ে লজিষ্টিক আৰু নিৰাপত্তাৰ দিশৰ সৈতে জড়িত পূৰ্বৰ সিদ্ধান্তসমূহ কাৰ্যকৰী কৰাৰ বিষয়েও পৰ্যালোচনা কৰে। দিল্লী চৰকাৰ আৰু দিল্লী আৰক্ষী আয়ুক্তকে ধৰি নিৰাপত্তা বিষয়াসকলে ভ্ৰমণকাৰী গণ্যমান্য ব্যক্তিসকলক আতিথ্য প্ৰদানৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ, যান-বাহন ব্যৱস্থাপনা, বিমানবন্দৰ আৰু নিৰাপত্তাৰ ব্যৱস্থাৰ পৰিকল্পনা, আৰু লীডাৰ্ছ ছামিটৰ প্ৰাকক্ষণত দিল্লী এনচিআৰত গ্ৰহণ কৰা সৌন্দৰ্য্যবৰ্ধন কাৰ্যসূচীৰ বিষয়ে অৱগত কৰে। অহা মাহত জি-২০ নেতাৰ সন্মিলন আয়োজন কৰাৰ ক্ষেত্ৰত লাভ কৰা ইতিবাচক অগ্ৰগতিৰ প্ৰতি লক্ষ্য কৰি প্ৰধান সচিবগৰাকীয়ে সংশ্লিষ্ট সকলোকে অনাগত কেইদিনমানৰ ভিতৰত সকলো ব্যৱস্থা সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে যাতে আখৰা ততালিকে আৰম্ভ কৰিব পাৰে।

শ্ৰী মিশ্ৰই সময়মতে আৰু পৰ্যাপ্ত প্ৰস্তুতি নিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পন্থা আৰু কাৰ্য্যৰ ফলপ্ৰসূ ৰূপায়নত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে শীৰ্ষ সন্মিলনৰ বাবে এমাহ বাকী থকাৰ সময়তে নিখুঁতভাৱে সকলো কাম শেষ কৰাৰ সময় আহি পৰিছে। তেওঁ কয় যে বিশদ এছ অ’ পি প্ৰস্তুত কৰি সুচাৰুৰূপে কাৰ্যকৰী কৰাৰ বাবে বিষয়াসকলক নিৰ্দিষ্ট কৰ্তব্য আৰু দায়িত্ব অৰ্পণ কৰা উচিত। প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনাত দেশৰ বিভিন্ন প্ৰান্তৰ যুৱ বিষয়াসকলক এই সন্মিলনৰ আয়োজনত অংশগ্ৰহণ আৰু শিকিবলৈ সুযোগ দিয়া হৈছে বুলিও তেওঁ উল্লেখ কৰে।

উল্লেখ্য যে এই বৈঠকত দিল্লীৰ লেফটেনেণ্ট ৰাজ্যপাল, কেবিনেট সচিব আৰু সংশ্লিষ্ট মন্ত্ৰালয় তথা বিভাগৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে।

****



(Release ID: 1947435) Visitor Counter : 78