গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত ‘চৰকাৰী ভাষা সম্পৰ্কীয় সংসদীয় সমিতি’ৰ ৩৮ সংখ্যক বৈঠকত সভাপতিত্ব কৰে

বৈঠকত ‘চৰকাৰী ভাষা সম্পৰ্কীয় সংসদীয় সমিতি’ৰ প্ৰতিবেদনৰ ‘দ্বাদশ খণ্ড’টোলৈ অনুমোদন জনোৱা হয়, খণ্ডটো ৰাষ্ট্ৰপতিৰ ওচৰত উপস্থাপন কৰা হ'ব

Posted On: 04 AUG 2023 5:02PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত ‘চৰকাৰী ভাষা সম্পৰ্কীয় সংসদীয় সমিতি’ৰ ‘৩৮ সংখ্য’ক বৈঠকত সভাপতিত্ব কৰে। বৈঠকত ‘চৰকাৰী ভাষা সম্পৰ্কীয় সংসদীয় সমিতি’ৰ প্ৰতিবেদনৰ ‘দ্বাদশ খণ্ড’টোলৈ অনুমোদন জনোৱা হয়। অনুমোদিত খণ্ডটো ৰাষ্ট্ৰপতিৰ ওচৰত উপস্থাপন কৰা হ'ব।

ভাষণ পপ্ৰসংগত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে ‘আজাদী কা অমৃত মহোৎসৱ’বৰ্ষত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে "পঞ্চ প্ৰাণ"ক দেশৰ সন্মুখত উপস্থাপন কৰিছিল, যাৰ ভিতৰত দুটা ‘প্ৰাণ’ হৈছে ঐতিহ্যৰ প্ৰতি সন্মান আৰু দাসত্বৰ লক্ষণবোৰক মচি পেলোৱা। শ্ৰী শ্বাহে কয় যে এই দুয়োটা প্ৰাণৰ ১০০% ৰূপায়ণৰ বাবে সকলো ভাৰতীয় ভাষা আৰু চৰকাৰী ভাষাই তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰিব লাগিব। তেওঁ কয় যে ভাষাৰ সন্মান অবিহনে ঐতিহ্যৰ সন্মান অসম্পূৰ্ণ আৰু চৰকাৰী ভাষা গ্ৰহণ তেতিয়াহে সম্ভৱ হ’ব যেতিয়া আমি স্থানীয় ভাষাসমূহক সন্মান দিবলৈ আৰম্ভ কৰিম। শ্ৰী শ্বাহে কয় যে হিন্দীয়ে স্থানীয় ভাষাৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ নহয়, সকলো ভাৰতীয় ভাষাৰ উত্তৰণৰ দ্বাৰাহে ৰাষ্ট্ৰ শক্তিশালী হৈ উঠিব। তেওঁ কয় যে কোনো ধৰণৰ বিৰোধিতাৰ অৱতাৰণা নোহোৱাকৈয়ে চৰকাৰী ভাষাৰ বাবে গ্ৰহণযোগ্যতা বিকাশৰ প্ৰয়োজন আছে, লাগিলে ইয়াৰ গতি লেহেমেই নহওক কিয়!

 

মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ টা ভাষাত অভিযান্ত্ৰিক আৰু চিকিৎসা পাঠ্যক্ৰম আৰম্ভ কৰাৰ উদ্যোগ গ্ৰহণ কৰিছে আৰু শীঘ্ৰেই এই পাঠ্যক্ৰমসমূহ সকলো ভাৰতীয় ভাষাত উপলব্ধ হ'ব আৰু সেই মুহূৰ্তটো স্থানীয় ভাষা আৰু চৰকাৰী ভাষাৰ উত্থানৰ আৰম্ভণি হিচাপে পৰিগণিত হ'ব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গৌৰৱেৰে হিন্দী আৰু আন সকলো ভাৰতীয় ভাষাক বিশ্বমঞ্চত উপস্থাপন কৰাৰ মুহূৰ্তবোৰতকৈ ভাৰতীয় ভাষাৰ প্ৰচাৰৰ বাবে আন কোনো অনুকূল মুহূৰ্ত থাকিব নোৱাৰে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে সংসদত ইংৰাজী ভাষাত এটাও ভাষণ দিয়া নাই আৰু চৰকাৰৰ মন্ত্ৰীসকলেও ভাৰতীয় ভাষাত ভাষণ দিবলৈ চেষ্টা কৰি আহিছে, এই প্ৰয়াসে বিভিন্ন ভাষা সংযোগৰ আন্দোলনটোক যথেষ্ট গতি প্ৰদান কৰিছে।

 

শ্ৰী অমিত শ্বাহে কয় যে আইন বা সূচনা-পত্ৰৰ জৰিয়তে চৰকাৰী ভাষা গ্ৰহণ কৰাব নোৱাৰি, বৰঞ্চ সদিচ্ছা, অনুপ্ৰেৰণা আৰু উৎসাহৰেহে এয়া সম্ভৱ হয়। তেওঁ কয় যে দাসত্বৰ সময়ছোৱাৰ পিছতো ভাৰতীয় ভাষা আৰু এই ভাষাসমূহৰ অভিধান অক্ষুণ্ণ আছে, যিটো হৈছে এক ডাঙৰ সাফল্য। শ্ৰী শ্বাহে কয় যে ভাষাসমূহে আমাৰ দেশক একত্ৰিত কৰাৰ বাবে কাম কৰি আহিছে।

 

কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে কয় যে স্বাধীনতাৰ পিছৰে পৰা ২০১৪ চন পৰ্যন্ত চৰকাৰী ভাষা সম্পৰ্কীয় সংসদীয় সমিতিৰ ৯টা খণ্ডৰ প্ৰতিবেদন দাখিল কৰা হৈছিল, আৰু ২০১৯ চনৰ পৰা তিনিটা খণ্ডলৈ অনুমোদন জনোৱা হৈছে। তেওঁ কয় যে এই খণ্ডসমূহ বিষয় অনুসৰি প্ৰস্তুত কৰা হৈছে আৰু দ্বাদশ খণ্ডৰ বিষয়বস্তু হৈছে 'সৰলীকৰণ'। শ্ৰী অমিত শ্বাহে চৰকাৰী ভাষা সম্পৰ্কীয় সংসদীয় সমিতিৰ সকলো সদস্যক ধন্যবাদ জ্ঞাপন কৰে আৰু ভৱিষ্যতেও চৰকাৰী ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে সমিতিখনে কাম কৰি যাব বুলি বিশ্বাস ব্যক্ত কৰে। চৰকাৰী ভাষা সম্পৰ্কীয় সংসদীয় সমিতিৰ উপাধ্যক্ষ শ্ৰী ভৰ্ত্ৰুহাৰী মহতাব, কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী শ্ৰী অজয় কুমাৰ মিশ্ৰ আৰু শ্ৰী নিশিথ প্ৰমাণিক আৰু সমিতিৰ সদস্যসকল বৈঠকত উপস্থিত আছিল।

 

*****



(Release ID: 1946733) Visitor Counter : 102