প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

অসমৰ কোকৰাঝাৰত ১৩২ সংখ্যক ডুৰাণ্ড কাপ উদ্বোধন প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙৰ

Posted On: 05 AUG 2023 2:53PM by PIB Guwahati

৫ আগষ্টত পৰা অসমৰ কোকৰাঝাৰৰ পৰা আৰম্ভ হ’ল ২০২৩ চনৰ ডুৰাণ্ড কাপৰ ১৩২ তম সংস্কৰণ। দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে। প্ৰতিযোগিতাখন সশস্ত্ৰ বাহিনীৰ দ্বাৰা আয়োজিত আৰু অসম চৰকাৰৰ সহযোগিতাত আয়োজন কৰা হৈছে।

এছএআই ষ্টেডিয়ামত উৎসাহী ক্ৰীড়াপ্ৰেমীক সম্বোধন কৰি প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে কোকৰাঝাৰত এক ইতিবাচক ক্ৰীড়া-অনুকূল পৰিৱেশ সৃষ্টি কৰাৰ ক্ষেত্ৰত সশস্ত্ৰ বাহিনী আৰু বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ (বিটিচি) প্ৰচেষ্টাক প্ৰশংসা কৰে, যাৰ ফলত প্ৰথমবাৰৰ বাবে চহৰখনত এনেদৰে আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠানটো অনুষ্ঠিত হয়। তেওঁ ফুটবলৰ প্ৰতি থকা উৎসাহ আৰু মৰমৰ বাবে উত্তৰ-পূৱৰ লোকসকলক প্ৰশংসা কৰে আৰু "এই ধুনীয়া খেল"ক কেৱল খেল নহয়, এক আৱেগ বুলি অভিহিত কৰে। তেওঁ কয় যে অসমে শেহতীয়াকৈ বহুতো ফুটবল প্ৰতিভা উলিয়াবলৈ সক্ষম হৈছে। শ্ৰী ৰাজনাথ সিঙে বিশ্বাস ব্যক্ত কৰি কয় যে ডুৰাণ্ড কাপে যুৱসকলক নতুন উদ্যমেৰে ক্ৰীড়াখেল খেলিবলৈ আগুৱাই অহাৰ এক পৰিৱেশৰ সূচনা কৰিব আৰু তেওঁলোকক উৎসাহিত কৰিব।

অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাই অঞ্চলটোৰ সমৃদ্ধ ক্ৰীড়া সংস্কৃতিৰ বিষয়ে বিস্তৃতভাৱে বক্তব্য ৰাখে আৰু অংশগ্ৰহণকাৰী সকলো দললৈ শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কোকৰাঝাৰত প্ৰতিযোগিতাখন আয়োজন কৰাৰ বাবে ভাৰতীয় সেনাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে আৰু বিটিচিয়ে কৰা সহায় প্ৰশংসা কৰে।

উদ্বোধনী অনুষ্ঠানত অসম তথা বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ১২,০০০ ফুটবলপ্ৰেমী উপস্থিত থাকে। উদযাপনৰ মুখ্য আকৰ্ষণসমূহৰ ভিতৰত আছিল চুখই-৩০ এমকেআই বিমান আৰু এমআই-১৭ হেলিকপ্টাৰৰ ফ্লাইপাষ্ট, মাৰ্শ্বাল প্ৰদৰ্শন, গাটকা আৰু ভাংৰা আৰু লগতে স্থানীয় দলৰ দ্বাৰা বড়ো সাংস্কৃতিক নৃত্য প্ৰদৰ্শন।

অনুষ্ঠানটোত, অসমৰ শক্তি, ক্ৰীড়া আৰু যুৱ কল্যাণ, সমবায় আৰু আইটিএফচি (পুৰাতত্ত্ব) মন্ত্ৰী শ্ৰীমতী নন্দিতা গোৰ্লোচা, হস্ততাঁত আৰু বস্ত্ৰ, মাটি সংৰক্ষণ আৰু বড়োলেণ্ড কল্যাণ মন্ত্ৰী শ্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি)ৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী প্ৰমোদ বড়ো, সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডে, পূৱ কমাণ্ডোৰ জিঅ’চি লেফটেনেণ্ট জেনেৰেল ৰাণাপ্ৰতাপ কলিতা, এঅ’চি ইন চীফ তথা ইষ্টাৰ্ণ এয়াৰ কমাণ্ড এয়াৰ মাৰ্শ্বেল এছ পি ধাৰকাৰ, গজৰাজ কৰ্পৰ জেনেৰেল অফিচাৰ কমাণ্ডিং লেফটেনেণ্ট জেনেৰেল মনীষ এৰি, ৰেড হৰ্ণছ ডিভিজনৰ জেনেৰেল অফিচাৰ কমাণ্ডিং মেজৰ জেনেৰেল এছ মুৰুগেচন আৰু সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ সভাপতি শ্ৰী কল্যাণ চৌবেও উপস্থিত থাকে।

উদ্বোধনী অনুষ্ঠানৰ পিছতে বড়োলেণ্ড এফ চি আৰু ৰাজস্থান য়ুনাইটেড এফ চিৰ মাজত প্ৰতিযোগিতাখনৰ উদ্বোধনী খেল অনুষ্ঠিত হয়। কোকৰাঝাৰত আঠখন গ্ৰুপ মেচ আৰু ২০২৩ চনৰ ২৪ আগষ্টত এখন কোৱাৰ্টাৰ ফাইনেল খেলোৱা হ'ব। প্ৰতিযোগিতাত নেপাল আৰু বাংলাদেশৰ দুটা বিদেশী দল, ভাৰতীয় সশস্ত্ৰ বাহিনীৰ তিনিওটা দল আৰু বড়োলেণ্ড এফ চিৰ স্থানীয় দলকে ধৰি মুঠ ২৪ টা দলে কলকাতা, গুৱাহাটী আৰু কোকৰাঝাৰৰ তিনিটা স্থানত প্ৰতিদ্বন্দিতা কৰিব।

******


(Release ID: 1946346) Visitor Counter : 145