যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
azadi ka amrit mahotsav

উত্তৰ-পূৰ্বাঞ্চলত ক্ৰীড়া আন্তঃগাঁথনিৰ উন্নয়নে এক অনবদ্য পৰিবৰ্তন লাভ কৰিছে : অনুৰাগ সিং ঠাকুৰ

মণিপুৰত স্থাপন হৈছে প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয়

प्रविष्टि तिथि: 03 AUG 2023 7:39PM by PIB Guwahati

‘উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰীড়াৰ ওপৰত প্ৰদান কৰা অহৰহ গুৰুত্বই বিগত ৯ বছৰত মাননীয় প্ৰধানমন্ত্ৰীৰ নেতৃত্বত এক উল্লেখযোগ্য পৰিৱৰ্তনৰ সাক্ষী হৈছে। উন্নয়নী নীতি ‘লুক ইষ্ট পলিচী’ৰ পৰা ‘এক্ট ইষ্ট পলিচী’লৈ পৰ্যবসিত হোৱাৰ লগে লগে চৰকাৰে অঞ্চলটোৰ ক্ৰীড়া আন্তঃগাঁথনিৰ ওপৰত বিশেষ গুৰুত্ব আৰু গতি প্ৰদান কৰিছে। মণিপুৰত ৬৩৪.৩৪ কোটি টকা ব্যয়েৰে দেশৰ প্ৰথমখন ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপনৰ পৰা আৰম্ভ কৰি উত্তৰ-পূৰ্বাঞ্চলত ২৭২ টা খেলো ইণ্ডিয়া কেন্দ্ৰ (প্ৰতি জিলাত ২টাকৈ) স্থাপন কৰালৈকে সকলো স্তৰতে ক্ৰীড়াৰ পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰা আৰু উত্তৰ-পূৱৰ খেলুৱৈসকলক আগবঢ়াই অনাৰ বাবে চৰকাৰৰ দায়বদ্ধতা প্ৰতিফলিত কৰে।” আজি ৰাজ্যসভাত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰে উত্তৰ হিচাপে এই কথা উল্লেখ কৰে।

তেওঁ লগতে কয় যে উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ বাবে ৫২০.৭ কোটি টকা ব্যয় সাপেক্ষে অতিৰিক্ত ৭৫টা ক্ৰীড়া প্ৰকল্পটো অনুমোদন জনোৱা হৈছে। ইয়াৰ উপৰি সম্প্ৰতি ০৩ টা ৰাষ্ট্ৰীয় উৎকৰ্ষ সাধন কেন্দ্ৰ, ১২ টা ছাই প্ৰশিক্ষণ কেন্দ্ৰ, আৰু ২২টা স্বীকৃতিপ্ৰাপ্ত একাডেমীও আছে উত্তৰ-পূৱত। উল্লেখ্য যে খেলো ইণ্ডিয়া আঁচনিৰ অধীনত প্ৰথম খেলো ইণ্ডিয়া গেমছ নতুন দিল্লীত অনুষ্ঠিত হৈ যায়, য’ত ৩০০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল, ইয়াৰ বিপৰীতে দ্বি গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় খেলো ইণ্ডিয়া গেমছত ৬১০০ খেলুৱৈৰ অংশগ্ৰহণে সকলোকে উৎসাহিত কৰিছিল। ইয়াৰ ফলত উত্তৰ-পূৱৰ ক্ৰীড়াই এক বৃহৎ গতি লাভ কৰিছিল।

ইফালে, চলিত বৰ্ষৰ এপ্ৰিল মাহত মণিপুৰৰ ইম্ফলত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীসকলৰ দুদিনীয়া 'চিন্তন শিৱিৰ' অনুষ্ঠিত হৈ যায়, য'ত বিভিন্ন ৰাজ্য, আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা ১০০ গৰাকীতকৈ অধিক আমন্ত্ৰিত অতিথিয়ে অংশগ্ৰহণ কৰি কেনেকৈ ক্ৰীড়া ক্ষেত্ৰক আগুৱাই নিব পাৰি তাৰ বাবে উপায় উদ্ভাৱন আৰু পৰিকল্পনা উদ্দেশ্যে গুৰুত্বপূৰ্ণ আলোচনা সম্পন্ন হৈ যায়। 

তেওঁ লগতে উল্লেখ কৰে যে উত্তৰ-পূৱৰ ক্ৰীড়াবিদ ক্ৰমে মেৰী কম, মীৰাবাই চানু, বাইচুং ভুটীয়া, শিৱ থাপা, আৰু লাভলিনা বৰগোহাঁইয়ে অলিম্পিক, কমনৱেলথ গেমছ, আৰু বিশ্ব চেম্পিয়নশ্বিপ আদি আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ইভেণ্টত দেশলৈ বঁটাৰ লগতে সন্মান কঢ়িয়াই আনিছে।

 

JN/PG


(रिलीज़ आईडी: 1945622) आगंतुक पटल : 157
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Manipuri , Bengali , Tamil