প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ফ্ৰান্সৰ ‘নেশ্যনেল এছেম্বলী’ৰ অধ্যক্ষৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

प्रविष्टि तिथि: 14 JUL 2023 9:22PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১৪ জুলাইত পেৰিছৰ ‘হোটেল ডি লাছে’ নামৰ তেওঁৰ চৰকাৰী বাসভৱনত মধ্যাহ্নভোজনৰ সময়ত ফ্ৰান্সৰ ‘নেশ্যনেল এছেম্বলী’ৰ অধ্যক্ষ মহামান্যা শ্ৰীমতী য়াইল ব্ৰাউন-পিভেট আৰু পৰিষদৰ জ্যেষ্ঠ নেতৃত্ববৃন্দৰে মিলিত হয়।

 

দুয়োগৰাকী নেতাই গণতন্ত্ৰ, স্বাধীনতা, সমতা আৰু ভ্ৰাতৃত্বৰ অংশীদাৰী মূল্যবোধত আলোকপাত কৰে। তেওঁলোকে দুয়োখন সংসদৰ মাজত সহযোগিতাৰ পৰিসৰ আৰু বৃদ্ধি কৰাৰ উপায় সন্দৰ্ভতো আলোচনা কৰিছিল।

 

ভাৰতৰ বিশাল নিৰ্বাচনী প্ৰক্ৰিয়াৰ বাবে ফ্ৰান্স-পক্ষৰ তৰফৰ পৰা প্ৰশংসাসূচক মন্তব্য প্ৰকাশ কৰে। আলোচনাত বাণিজ্য আৰু অৰ্থনীতি, পৰিৱেশ, প্ৰযুক্তি আৰু সংস্কৃতিকে ধৰি কৌশলগত অংশীদাৰিত্বৰ বিভিন্ন স্তম্ভসমূহকো সামৰি লোৱা হয়। তেওঁলোকে আঞ্চলিক আৰু গোলকীয় বিষয় সন্দৰ্ভতো মত বিনিময় কৰে।

 

 

***


(रिलीज़ आईडी: 1940615) आगंतुक पटल : 144
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam