প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘চিঅ'পি২৮’-ৰ মনোনীত অধ্যক্ষ ড০ চুলতান অল জবেৰৰে প্ৰধানমন্ত্ৰীৰ বৈঠক

Posted On: 15 JUL 2023 5:16PM by PIB Guwahati


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১৫ জুলাইত আবু ধাবিত ‘চিঅ'পি২৮’-ৰ মনোনীত অধ্যক্ষ আৰু ‘আবু ধাবি নেশ্যনেল অইল কোম্পানী’ৰ ‘গ্ৰুপ চিইঅ' ড০ চুলতান অল জবেৰক সাক্ষাৎ কৰে।

‘ইউএই’-ৰ সভাপতিত্বত অনুষ্ঠিতব্য ‘ইউএনএফচিচিচি’-ৰ আগন্তুক ‘চিঅ’পি-২৮’-সন্দৰ্ভত আলোচনা অনুষ্ঠিত হৈছিল। ড০ জবেৰে এই গুৰুত্বপূৰ্ণ বৈঠকখনৰ প্ৰতি পোষণ কৰা ‘ইউএই’-ৰ দৃষ্টিভংগীৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে। প্ৰধানমন্ত্ৰীয়ে ‘চিঅ'পি-২৮’-ৰ সভাপতিত্বৰ বাবে ‘ইউএই’-ক ভাৰতৰ সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ কথা জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰীয়ে ‘আন্তঃৰাষ্ট্ৰীয় সৌৰমিত্ৰতা’, ‘দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁট’, ‘আন্তঃৰাষ্ট্ৰীয় বাজ্ৰা বৰ্ষ’ আৰু ‘পৰিৱেশৰ বাবে মিছন লাইফষ্টাইল’কে ধৰি জলবায়ু পৰিৱৰ্তনৰে মোকাবিলাৰ বাবে ভাৰতে গ্ৰহণ কৰা প্ৰচেষ্টা আৰু পদক্ষেপ সন্দৰ্ভত আলোকপাত কৰে।

আলোচনাত ভাৰত আৰু ইউএই-ৰ মাজৰ শক্তি সহযোগিতাকো সামৰি লোৱা হৈছিল।

 


***
DS/AK

 



(Release ID: 1940614) Visitor Counter : 75