প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কাশ্মীৰৰ চহকী সংস্কৃতি, কলা-কৃষ্টি প্ৰদৰ্শন কৰা “ভিটাষ্টা-দ্য ফেষ্টিভেল অৱ কাশ্মীৰ” কাৰ্যসূচীৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
28 JUN 2023 2:28PM by PIB Guwahati
প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাশ্মীৰৰ চহকী সংস্কৃতি, কলা-কৃষ্টি প্ৰদৰ্শন কৰা “ভিটাষ্টা- দ্য ফেষ্টিভেল অৱ কাশ্মীৰ”ক প্ৰশংসা কৰে।
কাশ্মীৰৰ চহকী কলা, সংস্কৃতি, সাহিত্য, শিল্প, খাদ্য সম্ভাৰক সমগ্ৰ দেশলৈ লৈ যোৱাৰ বাবে আয়োজন কৰা হৈছিল এই ভিটাষ্টা- দ্য ফেষ্টিভেল অৱ কাশ্মীৰৰ কাৰ্যসূচী।
চেন্নাইৰ পৰা আৰম্ভ হোৱা এলানি কাৰ্যসূচীৰ অন্ত পৰে শ্ৰীনগৰত। ইয়াতেই অংশগ্ৰহণকাৰী যুৱক-যুৱতীসকলে কাশ্মীৰী সংস্কৃতিক জানিবলৈ উৎসাহ প্ৰকাশ কৰে। কাশ্মীৰৰ সংস্কৃতিক জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে একাধিক কৰ্মশালা, আৰ্ট ইনষ্টলেশ্যন শিবিৰ, আলোচনা চক্ৰ, শিল্প প্ৰদৰ্শনীৰ দৰে ভালেমান অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। যথেষ্টসংখ্যক লোকৰ সমাগমেৰে এই কাৰ্যসূচীত অনবদ্য ৰূপত কাশ্মীৰী সংস্কৃতি প্ৰতিফলিত হয়।
ভিটাষ্টা কাৰ্যসূচী সন্দৰ্ভত অমৃত মহোৎসৱৰ টুইট থ্ৰেডসমূহৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
“এই অনবদ্য পদক্ষেপৰ বাবে বহুত অভিনন্দন। বহু বছৰৰ পাছত “ভিটাষ্টা- দ্য ফেষ্টিভেল অৱ কাশ্মীৰ”ই সমগ্ৰ দেশৰ মানুহক ৰাজ্যখনৰ চহকী সংস্কৃতি আৰু ঐতিহ্যৰ বিষয়ে জানিবলৈ সুযোগ দিয়াই নহয়, এই অনুষ্ঠানটোৱে দেশবাসীক একত্ৰিত কৰাৰ এক বৃহৎ প্ৰচেষ্টাও।”
******
(रिलीज़ आईडी: 1940464)
आगंतुक पटल : 148
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu