উপ-ৰাষ্ট্ৰপতি সচিবালয়

সমান নাগৰিক সংহিতা (ইউচিচি) ৰূপায়নত যিকোনো ধৰণৰ বিলম্ব হ’লে আমাৰ মূল্যবোধৰ বাবে ক্ষতিকৰ হ’ব: উপৰাষ্ট্ৰপতি

যিকোনো বিদেশী সংস্থাক আমাৰ সাৰ্বভৌমত্ব আৰু সুনামৰ সৈতে খেলা কৰাৰ অনুমতি দিব নোৱাৰি- উপৰাষ্ট্ৰপতি

এতিয়া ভাৰত-বিৰোধী কাহিনীৰ নৃত্য পৰিচালকসকলক ফলপ্ৰসূভাৱে অস্বীকাৰ কৰাৰ সময় আহি পৰিছে- উপৰাষ্ট্ৰপতি

উপৰাষ্ট্ৰপতিয়ে ছাত্ৰ-ছাত্ৰীক ভাৰতীয় বুলি আৰু ভাৰতৰ ঐতিহাসিক প্ৰাপ্তিৰ ওপৰত গৌৰৱ কৰিবলৈ আহ্বান জনায়

Posted On: 04 JUL 2023 4:53PM by PIB Guwahati

উপ-ৰাষ্ট্ৰপতি শ্ৰীযুত জগদীপ ধনখৰে আজি আলোকপাত কৰে যে সমান নাগৰিক সংহিতাই ভাৰত আৰু ইয়াৰ জাতীয়তাবাদক অধিক ফলপ্ৰসূভাৱে বান্ধি ৰাখিব, আৰু জোৰ দি কয় যে "ইউচিচি ৰূপায়নত যিকোনোধৰণৰ বিলম্ব হ'লে আমাৰ মূল্যবোধৰ বাবে ক্ষতিকৰ হ'ব।"

আজি গুৱাহাটী আই আই টিৰ ২৫ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ভাষণ দি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে জোৰ দি কয় যে ৰাষ্ট্ৰীয় নীতিৰ নিৰ্দেশনামূলক নীতিসমূহ (ডিপিএছপি) ‘দেশৰ শাসনত মৌলিকআৰু ইয়াক নিয়মত পৰিণত কৰাটো ৰাজ্যৰ কৰ্তব্য। বহুতো ডিপিএছপি যেনে- পঞ্চায়ত, সমবায় আৰু শিক্ষাৰ অধিকাৰ ইতিমধ্যে আইনলৈ ৰূপান্তৰিত হৈছে বুলি উল্লেখ কৰি তেওঁ আঙুলিয়াই দিয়ে যে সংবিধানৰ ৪৪ নং অনুচ্ছেদ কাৰ্যকৰী কৰাৰ সময় আহি পৰিছে।

                                                                     

Uniform Civil Code will bind Bharat & its nationalism more effectively.

Any further delay in implementation of #UniformCivilCode will be corrosive of our values. @IITGuwahati pic.twitter.com/QladDMqiCM

— Vice President of India (@VPIndia) July 4, 2023

 

 

ভাৰতৰ ভাবমূৰ্তি কলংকিত কৰাৰ চেষ্টা আৰু "জাতীয় বিৰোধী আখ্যানৰ সঘন অৰ্কেষ্ট্ৰেচন"ৰ বিৰুদ্ধে সতৰ্ক কৰি দি শ্ৰী ধনখৰে জোৰ দি কয়, “ভাৰত-বিৰোধী কাহিনীৰ অৰ্কেষ্ট্ৰেচনৰ নৃত্য পৰিচালকসকলক ফলপ্ৰসূভাৱে নাকচ কৰাৰ সময় আহি পৰিছে।

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এইটোও আঙুলিয়াই দিয়ে যে কোনো বিদেশী সত্তাই আমাৰ সাৰ্বভৌমত্ব আৰু সুনামৰ সৈতে খেলা কৰিবলৈ দিব নোৱাৰি।" ভাৰতক বিশ্ব শান্তি আৰু সমন্বয়ক স্থিতিশীলতা প্ৰদান কৰা আটাইতকৈ পুৰণি, সৰ্ববৃহৎ, কাৰ্যক্ষম আৰু সজীৱ গণতন্ত্ৰ বুলি অভিহিত কৰি উপ-ৰাষ্ট্ৰপতিজনে জোৰ দি কয় যে, "আমি আমাৰ সমৃদ্ধিশালী আৰু জাতিষ্কাৰ গণতন্ত্ৰ আৰু সাংবিধানিক প্ৰতিষ্ঠানসমূহক ক্ষতিগ্ৰস্ত হ'বলৈ দিব নোৱাৰোঁ।"

এতিয়া দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতাৰ কথা উল্লেখ কৰি তেওঁ দুৰ্নীতিমুক্ত সমাজ গঢ়ি তুলিবলৈ আহ্বান জনায়। তেওঁ কয়, "দুৰ্নীতি গণতন্ত্ৰ-বিৰোধী, দুৰ্নীতি হৈছে দুৰ্বল শাসন, দুৰ্নীতিয়ে আমাৰ বিকাশ অৱনমিত কৰেএখন দুৰ্নীতিমুক্ত সমাজেই হৈছে আপোনাৰ বিকাশৰ গতিপথৰ আটাইতকৈ নিৰাপদ নিশ্চয়তা।" শ্ৰী ধনখৰে এই কথাৰ ওপৰতো নিজৰ অস্বীকৃতি ব্যক্ত কৰে যে কিছুমান মানুহে ভ্ৰষ্টাচাৰৰ বাবে ধৰা পৰিলে "আইনী প্ৰক্ৰিয়াৰ সহায় লোৱাৰ পৰিৱৰ্তে ৰাস্তালৈ ওলাই আহে"

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক ভাৰতীয় হোৱাৰ লগতে ইয়াৰ ঐতিহাসিক কৃতিত্বক লৈ গৌৰৱ অনুভৱ কৰিবলৈও কয়। লগতে তেওঁ বিচাৰে যে তেওঁলোক অৰ্থনৈতিক জাতীয়তাবাদৰ প্ৰতি দায়বদ্ধ হওক আৰু জাতি আৰু জাতীয়তাবাদৰ মূল্যত বিত্তীয় লাভৰ পৰা বিৰত থাকক। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক দূৰদৰ্শী ব্যক্তিত্ব ড° বি আৰ আম্বেদকাৰৰ মূল্যৱান কথাও সোঁৱৰাই দিয়ে - “আপুনি প্ৰথমে ভাৰতীয় হব লাগে, শেষত ভাৰতীয় হব লাগে আৰু ভাৰতীয়ৰ বাহিৰে আন একো হ'ব নালাগে।"

সমাৱৰ্তনত ভাষণ দি শ্ৰী ধনখৰে লগতে সহনশীল হোৱাৰ প্ৰয়োজনীয়তাৰ প্ৰতিও ছাত্ৰ-ছাত্ৰীৰ মনোযোগ আকৰ্ষণ কৰে। তেওঁ কয়, "আমি আন দৃষ্টিভংগীও বিবেচনা কৰা উচিত, কিয়নো বেছিভাগ সময়তে আন দৃষ্টিভংগীয়েই সঠিক দৃষ্টিভংগী।"

                                                                     

May Maa Kamakhya bless us all with eternal peace and prosperity!

Pleased to commence my visit to 'Awesome Assam' by seeking a blissful darshan at the most revered Shaktipeeth, Kamakhya Temple, which stands as a glorious symbol of our rich heritage. #KamakhyaTemple pic.twitter.com/GUjjeL2l7F

— Vice President of India (@VPIndia) July 4, 2023

 

 

ইয়াৰ পূৰ্বে শ্ৰীমতী (°) সুদেশ ধনখৰৰ সৈতে উপ-ৰাষ্ট্ৰপতিজনে গুৱাহাটীৰ প্ৰখ্যাত মা কামাখ্যা মন্দিৰত উপস্থিত হৈ প্ৰাৰ্থনা কৰে। পিছত গুৱাহাটীৰ আই আই টিৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে তেওঁৰ মত বিনিময় হয়।

অসমৰ ৰাজ্যপাল শ্ৰী গুলাব চান্দ কাটাৰিয়া, অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, চেয়াৰমেন ব'ৰ্ড অৱ গভৰ্ণৰ, আই আই টি গুৱাহাটী, ° ৰাজীৱ মোদী, আই আই টি গুৱাহাটীৰ সঞ্চালক, অধ্যাপক পৰমেশ্বৰ কে আয়াৰ, জ্যেষ্ঠ অধ্যাপক সদস্য, ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলো উপস্থিত আছিল।

আইআইটি গুৱাহাটীৰ ২৫ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতিৰ ভাষণৰ সম্পূৰ্ণ পাঠ পঢ়িবলৈ ক্লিক কৰক

( https://www.pib.gov.in/PressReleasePage.aspx?PRID=1937287)

**********



(Release ID: 1937376) Visitor Counter : 131