প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ সৈতে অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ প্ৰাৰম্ভিক বিবৃতিৰ ইংৰাজী উপস্থাপনৰ অনুবাদ

Posted On: 23 JUN 2023 6:46PM by PIB Guwahati

ৰাষ্ট্ৰপতি মহোদয়

মই আপোনাৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে জিল বাইডেনৰ প্ৰতিও আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। আপুনি মোক আৰু আমাৰ প্ৰতিনিধিদলটোক যিদৰে উষ্ম আদৰণি জনাইছে তাৰ বাবে মই আপোনালোকলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু লগতে আজি আপুনি ভাৰতীয় সম্প্ৰদায়ৰ বাবে হোৱাইট হাউছৰ দুৱাৰ মুকলি কৰিছে আৰু আমেৰিকা আৰু ভাৰতৰ মাজত ভৱিষ্যতৰ কৌশলগত সম্পৰ্ক চাবলৈ হাজাৰ হাজাৰ ভাৰতীয় আমাৰ মাজত সমবেত হৈছেহি।

মহামহিম,
আপুনি সদায় ভাৰতৰ শুভাকাংক্ষী আছিল আৰু যেতিয়াই আৰু য'তেই আপুনি সুযোগ পাইছে, আপুনি সদায় ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্কৰ প্ৰয়োজনীয়তাত যথেষ্ট গুৰুত্ব আৰোপ কৰি আহিছে। আৰু মোৰ এতিয়াও মনত আছে যে ৮ বছৰ আগতে, ‘আমেৰিকা-ভাৰত বাণিজ্যিক পৰিষদ’ক সম্বোধন কৰাৰ সময়ত আপুনি এটা অতি গুৰুত্বপূৰ্ণ কথা কৈছিল। আপুনি কৈছিল – "আমাৰ লক্ষ্য হৈছে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ বন্ধু হোৱা।" আপোনাৰ এই শব্দকেইটা আজিও প্ৰতিধ্বনিত হৈ আছে। ভাৰতৰ প্ৰতি আপোনাৰ ব্যক্তিগত প্ৰতিশ্ৰুতিয়ে আমাক কেইবাটাও সাহসী আৰু উচ্চাকাংক্ষী পদক্ষেপ ল'বলৈ অনুপ্ৰাণিত কৰিছে।

মহামহিম,
আজি ভাৰত আৰু আমেৰিকাই মহাকাশৰ উচ্চতাৰ পৰা সাগৰৰ গভীৰতালৈ, প্ৰাচীন সংস্কৃতিৰ পৰা কৃত্ৰিম বুদ্ধিমত্তালৈকে প্ৰতিটো ক্ষেত্ৰতে কান্ধত কান্ধ মিলাই খোজ দি আহিছে।

যেতিয়া কূটনৈতিক দৃষ্টিকোণৰ পৰা যিকোনো দুখন দেশৰ মাজৰ সম্পৰ্কৰ কথা আহে, ই সাধাৰণতে আনুষ্ঠানিক যুটীয়া বিবৃতি, কাৰ্যকৰী গোট আৰু বুজাবুজি চুক্তিৰ বিষয়ে হয়। প্ৰকৃততে, ইয়াৰ নিজা গুৰুত্ব থাকে, কিন্তু ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্কক আগুৱাই নিয়া প্ৰকৃত ‘ইঞ্জিন’ হৈছে মানুহৰ মাজত শক্তিশালী ৰূপত স্থাপিত হোৱা পাৰস্পৰিক সম্পৰ্ক। আৰু এই মাত্ৰ ঠিক বাহিৰত, হোৱাইট হাউছৰ ‘লন’ত আমি এই ‘ইঞ্জিন’টোৰ এটা ডাঙৰ গৰ্জন শুনিবল পাইছিলো।

মহামহিম,

আপুনি কোৱা কথাখিনিকে মই পুনৰাবৃত্তি কৰিব বিচাৰো। আজিৰ দ্ৰুত পৰিৱৰ্তনশীল গোলকীয় পৰিস্থিতিত, বিশ্বৰ দুখন বৃহৎ গণতান্ত্ৰিক দেশ, অৰ্থাৎ ভাৰত আৰু আমেৰিকাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ আছে। মই বিশ্বাস কৰোঁ যে গণতান্ত্ৰিক মূল্যবোধত বিশ্বাস কৰা সকলো শক্তিৰ বাবে, বিশ্বশান্তি আৰু স্থিৰতাৰ লগতে মানৱজাতিৰ কল্যাণৰ বাবে আমাৰ কৌশলগত অংশীদাৰীত্ব আগতকৈ অধিক গুৰুত্বপূৰ্ণ আৰু অধিক প্ৰাসংগিক হৈ উঠিছে।

মই নিশ্চিত যে আমি একেলগে সমগ্ৰ বিশ্বৰ সম্ভাৱনা বৃদ্ধি কৰাত নিশ্চিতভাৱে সফল হ'ম।

আজি আমাৰ বাৰ্তালাপৰ সময়ত আমি এনে ধণৰ বহুবোৰ বিষয় আলোচনা কৰিম আৰু আমাৰ কৌশলগত সম্পৰ্কত এক নতুন মাত্ৰা যোগ কৰিম। আমাৰ বন্ধুত্বৰ বাবে মই আকৌ এবাৰ আপোনালোকলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।

 

***



(Release ID: 1935288) Visitor Counter : 127