প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ওড়িশাত ৰে’ল দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

Posted On: 02 JUN 2023 9:52PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাত ৰে’ল দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

“ওড়িশাৰ ৰে’ল দুৰ্ঘটনাক লৈ মৰ্মাহত হৈছো৷ এই শোকৰ মুহূৰ্তত শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি মই সমবেদনা জ্ঞাপন কৰিছো৷ আহতসকলৰ আশু আৰোগ্য কামনা কৰিলো৷ ৰে’লমন্ত্ৰী @AshwiniVaishnawৰ সৈতে কথা পাতি পৰিস্থিতিৰ বুজ লৈছো৷ দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত আছে আৰু পীড়তসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়োৱা হৈছে৷”

***



(Release ID: 1934424) Visitor Counter : 66