কেবিনেট

ইউনিভাৰ্ছেল পোষ্টেল ইউনিয়ন (ইউপিইউ)ৰ সৈতে এক চুক্তি সাপেক্ষে নতুন দিল্লী, ভাৰতত ইউপিইউৰ এটা মাণ্ডলিক কাৰ্যালয় স্থাপনত কেবিনেটৰ অনুমোদন

Posted On: 31 MAY 2023 3:37PM by PIB Guwahati

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ইউপিইউৰ সৈতে এক চুক্তি অনুসৰি অঞ্চলটোত ইউপিইউৰ উন্নয়নমূলক সহযোগিতা আৰু প্ৰযুক্তিগত সাহায্য কাৰ্য চলাবলৈ নতুন দিল্লী, ভাৰতত ইউনিভাৰ্ছেল পোষ্টেল ইউনিয়ন (ইউপিইউ)ৰ এটা মাণ্ডলিক কাৰ্যালয় স্থাপন কৰিবলৈ অনুমোদন জনায়।

এই অনুমোদনে দক্ষিণ-দক্ষিণ আৰু তিনিকোণীয়া সহযোগিতাত গুৰুত্বসহকাৰে ডাক খণ্ডত বহুমাত্ৰিক সংস্থাত ভাৰতক সক্ৰিয় ভূমিকা পালন কৰিবলৈ সক্ষম কৰিব। ইউপিইউৰ মাণ্ডলিক কাৰ্যালয়ৰ বাবে ভাৰতে এজন ক্ষেত্ৰ প্ৰকল্প বিশেষজ্ঞ, ষ্টাফ আৰু অফিচ ছেট আপ প্ৰদান কৰিব। সক্ষমতা নিৰ্মাণ আৰু প্ৰশিক্ষণ, দক্ষতা উন্নীতকৰণ আৰু ডাক সেৱাৰ মান, ডাক প্ৰযুক্তিৰ বৃদ্ধি, ই-কমাৰ্চ আৰু বাণিজ্য বৃদ্ধি ইত্যাদি সন্দৰ্ভত এই অঞ্চলৰ বাবে প্ৰজেক্ট ইউপিইউৰ সহযোগত এই কাৰ্যালয়ে প্ৰস্তুত আৰু ৰূপায়ন কৰিব।

এই তৎপৰতাই অন্য দেশৰ সৈতে ভাৰতৰ কূটনৈতিক পদচিহ্ন সম্প্ৰসাৰণ আৰু সম্পৰ্ক শক্তিশালী কৰাত সহায় কৰিব, বিশেষকৈ এছিয়া-পেচিফিক অঞ্চলত আৰু বিশ্ব পোষ্টেল মঞ্চসমূহত ভাৰতৰ উপস্থিতি সম্প্ৰসাৰিত কৰিব।

**********



(Release ID: 1928674) Visitor Counter : 72