প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পাপুয়া নিউগিনিৰ গৱৰ্ণৰ-জেনেৰেলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

Posted On: 22 MAY 2023 8:39AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত-প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ সহযোগিতা মঞ্চৰ (FIPIC) ৩য় সন্মিলনত অংশগ্ৰহণৰ মাজতে ২০২৩ৰ ২২ মে’ত প’ৰ্ট ম’ৰেছবিৰ চৰকাৰী বাসগৃহত পাপুয়া নিউগিনিৰ (PNG) গৱৰ্ণৰ-জেনেৰেল ছাৰ বব দাদাই তেখেতৰ সৈতে মিলিত হয়।

প্ৰধানমন্ত্ৰীগৰাকীক প্ৰথমবাৰৰ বাবে পিএনজি ভ্ৰমণৰ অৰ্থে দেশখনলৈ উষ্ম আদৰণি জনায় গৱৰ্ণৰ-জেনেৰেলজনে। দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক আৰু উন্নয়নমূলক অংশীদাৰিত্বৰ তাৎপৰ্য্যকে ধৰি দুয়োগৰাকী নেতাই এই সহযোগিতা অধিক গভীৰ কৰি তুলিবলৈ আগ্ৰহ প্ৰকাশ কৰে।

****



(Release ID: 1928592) Visitor Counter : 93