প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

অষ্ট্ৰেলিয়াৰ ছিডনীত ভাৰতীয় সমাজৰে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়

Posted On: 23 MAY 2023 6:40PM by PIB Guwahati

প্ৰধানমন্ত্ৰীৰ লগতে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী মহামহিম এন্টনি আলবেনিজে ২০২৩ৰ ২৩ মে’ত ছিডনীৰ কুড’ছ বেংক এৰিনাত ভাৰতীয় সমাজখনক সম্বোধন আৰু তেওঁলোকৰ সৈতে মত-বিনিময় কৰে।

ছাত্ৰ-ছাত্ৰী, গৱেষক, পেছাদাৰী আৰু ব্যৱসায়ী প্ৰবাসী ভাৰতীয়সকলে পৰম উৎসাহেৰে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। অষ্ট্ৰেলিয়াৰ কেইবাজনো মন্ত্ৰী, সাংসদ আৰু আন-আন গণ্যমান্য ব্যক্তিয়েও এই অনুষ্ঠানত ভাগ লয়।

দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে যৌথভাৱে এক বৃহৎ প্ৰবাসী ভাৰতীয়ৰ বাসস্থান পশ্চিম ছিডনীৰ পাৰমাটাৰ হেৰিছ পাৰ্কত নিৰ্মাণ হ’বলগীয়া ‘লিটল ইণ্ডিয়া’ গেটৱেৰ আধাৰশিলা উন্মোচন কৰে।

 

******



(Release ID: 1928323) Visitor Counter : 96