যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া ৭ বজাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ ২০২২ শুভাৰম্ভ হোৱা বুলি ঘোষণা কৰিব

খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ ২০২২ উত্তৰ প্ৰদেশৰ বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠানৰ বাবে সাজু লক্ষ্ণৌ

Posted On: 25 MAY 2023 10:51AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া ৭ বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ ২০২২ শুভাৰম্ভ হোৱা বুলি ঘোষণা কৰিব। খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ (কেআইইউজি)২০২২ উত্তৰ প্ৰদেশৰ বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠানৰ বাবে সাজু হৈছে ৰাজ্যৰ ৰাজধানী লক্ষ্ণৌ, যি হৈছে এতিয়া উচ্চ শিক্ষা পৰ্যায়ত ভাৰতৰ সৰ্ববৃহৎ বহু-ক্ৰীড়া প্ৰতিযোগিতাৰ তৃতীয় সংস্কৰণ।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত উপস্থিত  থাকিব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ, কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ আৰু ক্ৰীড়া ৰাজ্য মন্ত্ৰী শ্ৰী নিশিথ প্ৰমাণিক।

বি.বি.ডি. বিশ্ববিদ্যালয় ক্ৰিকেট খেলপথাৰত আয়োজিত ৭০ মিনিটযোৰা অনুষ্ঠানটো সেনাবাহিনীৰ বেণ্ডৰ দ্বাৰা পৰিৱেশিত দ্বাৰা ৰাষ্ট্ৰীয় সংগীতেৰে আনুষ্ঠানিকভাৱে সন্ধিয়া ৬.৫০ বজাত আৰম্ভ হব। অনুষ্ঠানটোত বিশিষ্ট ব্যক্তিসকলে ভাষণ দিয়াৰ উপৰিও, ৰাজ্যখনৰ এজন বিখ্যাত ক্ৰীড়া ব্যক্তিত্বৰ দ্বাৰা গান আৰু আহ্বান, বিষয়ভিত্তিক প্ৰদৰ্শন, টৰ্চ এনিমেচন আৰু ৰাজ্যখনৰ এগৰাকী প্ৰসিদ্ধ খেলুৱৈৰ দ্বাৰা গেমছ টৰ্চ প্ৰজ্বলন, আতচবাজী প্ৰদৰ্শন আৰু লাইফ মিছনৰ শপত বাক্য পাঠ কৰোৱা হ'ব। ৰাজ্যিক পশু বৰাসিংহাৰ দ্বাৰা অনুপ্ৰাণিত গেমছৰ শুভংকৰ জিতুও উদযাপনৰ এক অবিচ্ছেদ্য অংশ হ'ব। অনুষ্ঠানটোৰ সামৰণি হ'ব প্ৰখ্যাত গায়ক কৈলাশ খেৰৰ এক বিশেষ প্ৰদৰ্শনৰ সৈতে ।

অনুষ্ঠানটোৰ পূৰ্বে ভাষণ প্ৰদান কৰি উত্তৰ প্ৰদেশ চৰকাৰৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব নৱনীত চেহগলে কয়, "উত্তৰ প্ৰদেশৰ ক্ৰীড়াৰ বাবে ই এক ঐতিহাসিক দিন আৰু আমি সকলোৱে আগ্ৰহেৰে অনুষ্ঠানটোৰ বাবে অপেক্ষা কৰি আছো, যাৰ পৰিকল্পনা মাননীয় মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী নিৰ্দেশনাত অতি সতৰ্কতাৰে কৰা হৈছে। ই এক বিশ্বমানৰ অনুষ্ঠান হ'ব, যিয়ে ৰাজ্যখনৰ সমৃদ্ধ সাংস্কৃতিক পৰম্পৰাৰ সৈতে আধুনিকতাৰ দিশত বৰ্তমানৰ দ্ৰুত বিকাশ প্ৰতিফলিত কৰিব । আমি নিশ্চিত যে অনুষ্ঠানটোৰ সফলতা সুনিশ্চিত কৰিবলৈ সমগ্ৰ ৰাজ্যই যিকোনো প্ৰকাৰে আমাৰ সৈতে যোগ দিব, যিয়ে অঞ্চলটোৰ ক্ৰীড়া আৰু খেলুৱৈসকলৰ বাবে এক বিপ্লৱৰ সূচনা কৰিব।"

২০২৩ চনৰ ২৩ মে'ত গ্ৰেটাৰ নয়ডাৰ শ্বহীদ বিজয় সিং পথিক (এছভিএছপি) ষ্টেডিয়ামত পুৰুষ আৰু মহিলাৰ কাবাডীত গ্ৰুপ লীগৰ খেল আৰম্ভ হয়। ২৪ মে, ২০২৩ তাৰিখে লক্ষ্ণৌৰ তিনিটা স্থানত বাস্কেটবল, ফুটবল, ৰাগবী, টেনিছ, টেবুল টেনিছ, ভলীবল আৰু মাল্লখাম্ব নামৰ আন সাতটা খেলৰ প্ৰাথমিক ৰাউণ্ড আৰু গ্ৰুপ গেম আৰম্ভ হৈছিল। প্ৰতিযোগিতাসমূহ ০৩ জুন, ২০২৩ তাৰিখে সমাপ্ত হব আৰু বাৰাণসীত সামৰণী অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

কেআইইউজিৰ তৃতীয় সংস্কৰণত দেশৰ ২০০ তকৈও অধিক বিশ্ববিদ্যালয়ৰ ৪০০০ তকৈও অধিক খেলুৱৈয়ে ২১ টা ক্ৰীড়া শাখাত অংশগ্ৰহণ কৰিব। ৰাজ্যখনৰ চাৰিখন চহৰ যেনে লক্ষ্ণৌ, বাৰাণসী, গোৰখপুৰ আৰু নয়ডাই বিভিন্ন ক্ৰীড়াৰ আয়োজক হিচাপে থাকিব আৰু দিল্লীৰ ডঃ কৰ্ণী সিং শ্বুটিং ৰেঞ্জত শ্বুটিং প্ৰতিযোগিতাৰ অনুষ্ঠিত হব। গোৰখপুৰৰ ৰামগড় তালত অনুষ্ঠিত হ'বলগীয়া ৰয়িং-ৰ জৰিয়তে কেআইইউজিৰ এই সংস্কৰণত জল-ক্ৰীড়াৰ আত্মপ্ৰকাশ ঘটিব।

কেআইইউজিৰ এই সংস্কৰণত অংশগ্ৰহণ কৰিবলগীয়া কিছুসংখ্যক বিশিষ্ট ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ হৈছে মনু ভাকাৰ, হৃদয় হাজৰিকা, মেহুলি ঘোষ, অৰ্জুন বাবুটা আৰু শ্বুটিঙত চিফত কৌৰ সামৰা, টেবুল টেনিছত দিয়া চিতালে আৰু অনন্যা বাচাক, ফুটবলত এছ কে চাহিল, সাঁতোৰত অনীশ গৌড়া, বেডমিণ্টনত মালবিকা বনচোদ, জুডোত যশ ঘাংগাছ আৰু কুস্তিত প্ৰিয়া মালিক আৰু সাগৰ জগলানকে ধৰি ভালেমান খেলুৱৈ।

 

 

*************************



(Release ID: 1928176) Visitor Counter : 85