প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মধ্য প্ৰদেশৰ খাৰগণত পথ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

ভুক্তভোগীসকললৈ প্ৰধানমন্ত্ৰী সাহায্যপুঁজিৰ পৰা সাহায্য ঘোষণা

Posted On: 09 MAY 2023 11:39AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ খাৰগণত সংঘটিত পথ দুৰ্ঘটনাৰ ফলত প্ৰাণহানিক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (PMNRF)ৰ পৰা ভুক্তভোগীসকলৰ বাবে সাহায্য ঘোষণা কৰিছে।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা এইদৰে টুইট কৰা হৈছে -

"খাৰগণত সংঘটিত পথ দুৰ্ঘটনাটো অতি দুখজনক। ইয়াৰ ফলত যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা। ইয়াৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ। ৰাজ্য চৰকাৰৰ তত্বাৱধানত স্থানীয় প্ৰশাসনে সকলো সম্ভাৱ্য উপায়েৰে সহায় কৰাৰ চেষ্টা কৰি আছে।" : প্ৰধানমন্ত্ৰী

"মধ্যপ্ৰদেশৰ খাৰগোণত সংঘটিত হোৱা বাছ দুৰ্ঘটনাত নিহত প্ৰতিজন ব্যক্তিৰ নিকটাত্মীয়ক প্ৰধানমন্ত্ৰী সাহায্যপুঁজিৰ পৰা ২ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হ’ব। আহতসকলক ৫০ হাজাৰ টকাকৈ দিয়া হ'ব: প্ৰধানমন্ত্ৰী"।

 

****



(Release ID: 1928023) Visitor Counter : 73