প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২৫ মে’ত দেৰাডুনৰ পৰা দিল্লীলৈ বন্দে ভাৰত এক্সপ্ৰেছৰ প্ৰাৰম্ভিক যাত্ৰাৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে

উত্তৰাখণ্ডত প্ৰৱৰ্তন কৰিবলগীয়া এইখন প্ৰথমখন বন্দে ভাৰত

প্ৰধানমন্ত্ৰীয়ে লগতে নতুনকৈ বৈদ্যুতিকৰণ কৰা ৰে’ল পথৰ অংশ ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব আৰু উত্তৰাখণ্ডৰ ৰে’লপথৰ ১০০% বৈদ্যুতিকৰণ কৰা ৰাজ্য হিচাপে ঘোষণা কৰিব

Posted On: 24 MAY 2023 3:40PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ৰ পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে দেৰাডুনৰ পৰা দিল্লীলৈ চলিবলগীয়া বন্দে ভাৰত এক্সপ্ৰেছৰ প্ৰাৰম্ভিক যাত্ৰাৰ শুভাৰম্ভ কৰিব৷

উত্তৰাখণ্ডত প্ৰৱৰ্তন কৰিবলগীয়া এইখন প্ৰথমখন বন্দে ভাৰত ৰে’ল৷ বিশ্বমানৰ সুবিধাসম্পন্ন এই ৰে’লখনে আৰামদায়ক যাত্ৰা অভিজ্ঞতা, বিশেষকৈ ৰাজ্যখনলৈ ভ্ৰমণৰ বাবে অহা পৰ্যটকৰ বাবে এক নতুন যুগৰ সূচনা কৰিব৷ থলুৱাভাৱে নিৰ্মিত এই ৰে’লখনত কবক প্ৰযুক্তিকে ধৰি অত্যাধুনিক সুৰক্ষা ব্যৱস্থাৰে সমৃদ্ধ৷

ৰাজহুৱা পৰিবহণৰ স্বচ্ছতা প্ৰদানৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত হৈ ভাৰতীয় ৰে’লৱে দেশৰ ৰে’ল পথ সম্পূৰ্ণৰূপে বৈদ্যুতীকৰণ কৰাৰ অভিযানত নামি পৰিছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰীয়ে উত্তৰাখণ্ডৰ নতুনকৈ বৈদ্যুতিকৰণ কৰা ৰে’ল লাইনৰ অংশ উচৰ্গা কৰিব। ইয়াৰ লগে লগে ৰাজ্যখনৰ সমগ্ৰ ৰে’লপথ ১০০% বিদ্যুৎ সংযোগ হ’ব। বিদ্যুৎ পৰিবাহী অংশত বৈদ্যুতিক ট্ৰেকচনৰ দ্বাৰা চলোৱা ৰে’লৰ ফলত ৰে’লৰ গতি বৃদ্ধিৰ লগতে পৰিবহণ ক্ষমতা বৃদ্ধি পাব।

****



(Release ID: 1927445) Visitor Counter : 104