প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ফৰ্টেছকিউ মেটালছ গ্ৰুপ আৰু ফৰ্টেছকিউ ফিউচাৰ ইণ্ডাষ্ট্ৰীজৰ কাৰ্যবাহী অধ্যক্ষ তথা প্ৰতিষ্ঠাপক ড০ এণ্ড্ৰু ফৰেষ্টৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

পোষ্ট কৰা হৈছে: 23 MAY 2023 8:50AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২৩ মে’ত অষ্ট্ৰেলিয়াৰ ছিডনীত অষ্ট্ৰেলিয়াৰ আগশাৰীৰ উদ্যোগপতি ড০ এণ্ড্ৰু ফৰেষ্ট, ফ’ৰ্টেছকিউ মেটালছ গ্ৰুপ আৰু ফ’ৰ্টেছকিউ ফিউচাৰ ইণ্ডাষ্ট্ৰীজৰ কাৰ্যবাহী অধ্যক্ষ তথা প্ৰতিষ্ঠাপক ড০ এণ্ড্ৰু ফৰেষ্টক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় কোম্পানীসমূহৰ সৈতে গ্ৰীণ হাইড্ৰ’জেনৰ ক্ষেত্ৰত কাম কৰাৰ পৰিকল্পনাক আদৰণি জনায়। ভাৰতৰ অভিলাষী নবীকৰণযোগ্য শক্তি পৰিকল্পনাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতে গ্ৰহণ কৰা পৰিৱৰ্তনশীল সংস্কাৰ আৰু পদক্ষেপ, যেনে সেউজ হাইড্ৰ’জেন মিছনৰ ওপৰত আলোকপাত কৰে।

ড° ফৰেষ্টে প্ৰধানমন্ত্ৰীক ভাৰতৰ ফৰ্টেছকিউ ফিউচাৰ ইণ্ডাষ্ট্ৰীজৰ পৰিকল্পনা আৰু প্ৰকল্পৰ বিষয়ে অৱগত কৰে।

*****


(ৰিলিজ আই ডি : 1926822) অতিথি কক্ষ : 174