প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ফ্ৰান্স গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

Posted On: 20 MAY 2023 4:55PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিৰোছিমাত জি-৭ সন্মিলনৰ সময়ত ২০মে ২০২৩ তাৰিখে ফ্ৰান্স গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰী ইমানুৱেল মেক্ৰ'নৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়।

প্ৰধানমন্ত্ৰীয়ে ২০২৩ চনৰ ১৪ জুলাইত বেষ্টিল দিৱসত তেওঁক সন্মানীয় অতিথি হিচাপে আমন্ত্ৰণ জনোৱাৰ বাবে ৰাষ্ট্ৰপতি মেক্ৰনক ধন্যবাদ জ্ঞাপন কৰে।

নেতাদ্বয়ে বাণিজ্য আৰু অৰ্থনৈতিক ক্ষেত্ৰত সহযোগিতা, অসামৰিক বিমান পৰিবহন; নৱীকৰণযোগ্য; সংস্কৃতি; প্ৰতিৰক্ষা খণ্ডত সহ-উৎপাদন আৰু উৎপাদন; লগতে অসামৰিক পাৰমাণৱিক সহযোগিতাকে ধৰি বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে আৰু সন্তোষ ব্যক্ত কৰে। নেতাদ্বয়ে নতুন ক্ষেত্ৰলৈ অংশীদাৰীত্ব সম্প্ৰসাৰিত কৰিবলৈ সহমত প্ৰকাশ কৰে।

ভাৰতৰ জি-২০ অধ্যক্ষতাৰ ক্ষেত্ৰত ফ্ৰান্সৰ সমৰ্থনৰ বাবে ৰাষ্ট্ৰপতি মেক্ৰনক ধন্যবাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে। নেতাদ্বয়ে আঞ্চলিক উন্নয়ন আৰু গোলকীয় প্ৰত্যাহ্বান সন্দৰ্ভত মত বিনিময় কৰে।

 

******



(Release ID: 1925993) Visitor Counter : 115