প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ১৮ মে’ত ওড়িশাত ৮০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক ৰেলৱে প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উৎসৰ্গা কৰিব

পুৰী আৰু হাওৰাৰ মাজত বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিব প্ৰধানমন্ত্ৰীয়ে

ওড়িশাৰ ৰেল নেটৱৰ্কৰ ১০০% বৈদ্যুতীকৰণক উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে

পুৰী আৰু কটক ৰেলৱে ষ্টেচনৰ পুনৰ উন্নয়নৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 17 MAY 2023 5:28PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৮ মে’ৰ দুপৰীয়া প্ৰায় ১২:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ওড়িশাত ৮০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক ৰেলৱে প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উৎসৰ্গা কৰিব।

এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে পুৰী আৰু হাওৰাৰ মাজত বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিব। এই ৰেলখন ওড়িশাৰ খোৰ্ধা, কটক, জাজপুৰ, ভদ্ৰক, বালাচোৰ জিলা আৰু পশ্চিমবংগৰ পশ্চিম মেদিনীপুৰ, পূব মেদিনীপুৰ জিলাৰ মাজেৰে পাৰ হ’ব। এই ৰেলখনে ৰেলযাত্ৰীসকলক দ্ৰুত, আৰামদায়ক আৰু সুবিধাজনক ভ্ৰমণৰ অভিজ্ঞতা প্ৰদানৰ লগতে অঞ্চলটোৰ পৰ্যটনক উদ্দীপনা যোগান তথা অৰ্থনৈতিক উন্নয়নক প্ৰোৎসাহিত কৰিব।

প্ৰধানমন্ত্ৰীয়ে পুৰী আৰু কটক ৰেলৱে ষ্টেচনৰ পুনৰ উন্নয়নৰ আধাৰশিলা স্থাপন কৰিব। পুনৰ উন্নীত ষ্টেচনসমূহত ৰেল যাত্ৰীসকলক বিশ্বমানৰ অভিজ্ঞতা প্ৰদানকাৰী সকলো আধুনিক সুবিধা থাকিব।

প্ৰধানমন্ত্ৰীয়ে ওড়িশাৰ ৰেল নেটৱৰ্কৰ ১০০% বৈদ্যুতীকৰণৰ উৎসৰ্গা কৰিব। ইয়াৰ ফলত পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ ব্যয় হ্ৰাস পাব তথা আমদানিকৃত খাৰুৱা তেলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাব।

প্ৰধানমন্ত্ৰীয়ে সম্বলপুৰ-তিতলাঘৰ ৰেল লাইন দ্বৈতকৰণৰ কামো উৎসৰ্গা কৰিব; আংগুল-সুকিন্দাৰ মাজত নতুন ব্ৰড গজৰ ৰেল লাইন; মনোহৰপুৰ-ৰৌৰকেল্লা-ঝাৰছুগুডা-জামগা সংযোগী তৃতীয় লাইন আৰু বিচুপলি-ঝাৰতৰভাৰ মাজৰ নতুন ব্ৰড-গজ লাইন উৎসৰ্গা কৰিব। এইসমূহে ওড়িশাৰ তীখা, শক্তি আৰু মাইনিং খণ্ডৰ দ্ৰুত ঔদ্যোগিক বিকাশৰ বাবে বৃদ্ধি পোৱা যাতায়াতৰ চাহিদা পূৰণ কৰিব আৰু এই ৰেল চেক্সনসমূহত যাত্ৰীৰ চাহিদা পূৰণত সহায় কৰিব।

*****



(Release ID: 1925852) Visitor Counter : 98