স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

বিশ্ব উচ্চ ৰক্তচাপ দিৱস

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে অভিলাষী "৭৫/২৫" পদক্ষেপ ঘোষণা কৰিছে- ‘পিএইচচি’সমূহৰ জৰিয়তে ২০২৫ চনৰ ভিতৰত উচ্চ ৰক্তচাপ আৰু মধুমেহত ভোগা ৭৫ নিযুত লোকক ‘ষ্টেণ্ডাৰ্ড কেয়াৰ’ত ৰখা হ'ব

‘স্বশক্ত পৰ্টেল’ৰ জৰিয়তে সমাজত স্বাস্থ্যসেৱা উপলব্ধ কৰাৰ বাবে ‘এনচিডি’সমূহৰ বাবে ‘মানক চিকিৎসা ৱৰ্কফ্ল'ৰ’ত ৪০,০০০ প্ৰাথমিক স্বাস্থ্য সেৱা চিকিৎসা বিষয়াক প্ৰশিক্ষণ দিয়া হ'ব

অ-সংক্ৰামক ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে ‘ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ সংশোধিত কাৰ্যকৰী বিধি-নিৰ্দেশনা’সমূহ অধিক বিস্তৃত ভাবে জাৰী কৰা হৈছে

ই সম্পদ আৱণ্টন, সামৰ্থ্য বৰ্দ্ধন, উত্সাহ তথা বহুখণ্ডীয় সহযোগিতাৰে ‘এনচিডি’জনিত সমস্যা সমাধানৰ বাবে চৰকাৰে গ্ৰহণ কৰা স্পষ্ট সংকল্পকে সূচায়: ড০ ভি কে পল

দেশৰ ‘এনচিডি’সমূহৰ বৰ্ধিত পয়োভৰ ৰোধৰ বাবে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ মাজত আন্তঃ-খণ্ডীয় সহযোগিতাৰ প্ৰয়োজন: স্বাস্থ্য সচিব

২০২৫ চনৰ ভিতৰত প্ৰাথমিক স্বাস্থ্যসেৱাৰ ‘ষ্টেণ্ডাৰ্ড কেয়াৰ’ৰ অধীনত উচ্চ ৰক্তচাপত ভোগা ৭৫ নিযুত লোকৰ কাষলৈ যোৱাৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা অভিলাসী লক্ষ্য হৈছে প্ৰাথমিক স্বাস্থ্যসেৱাৰ বাবে বিশ্ব

Posted On: 17 MAY 2023 2:32PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে আজি ইয়াত ‘বিশ্ব উচ্চ ৰক্তচাপ দিৱস’ উপলক্ষে ২০২৫ চনৰ ভিতৰত উচ্চ ৰক্তচাপ আৰু মধুমেহ ৰোগত ভোগা ৭৫ নিযুত লোকৰ ৰোগ পৰীক্ষণ তথা যতন লোৱাৰ বাবে যুগুতোৱা ‘ষ্টেণ্ডাৰ্ড কেয়াৰ’-ৰ এক অভিলাষী কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। কেন্দ্ৰীয় স্বাস্থ্য সচিব শ্ৰী ৰাজেশ ভূষণ আৰু স্বাস্থ্য মন্ত্ৰালয়ৰ বিশেষ সচিব শ্ৰী এছ গোপালকৃষ্ণনৰ উপস্থিতিত ‘নীতি আয়োগ’ৰ সদস্য (স্বাস্থ্য) ড০ ভি কে পলে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয় আৰু ‘বিশ্ব স্বাস্থ্য সংস্থা’ৰ দ্বাৰা ‘জি-২০’ উপলক্ষে আয়োজিত "উচ্চ ৰক্তচাপ আৰু মধুমেহৰ প্ৰতিৰোধ আৰু ব্যৱস্থাপনা ত্বৰান্বিত কৰণ" শীৰ্ষক বিশেষ অনুষ্ঠানত এই ঘোষণা কৰে। ‘বিশ্ব স্বাস্থ্য সংস্থা’ৰ মহানিৰ্দেশক ড০ টেড্ৰোছ অধানম ঘেব্ৰেয়েছাছ আৰু ‘বিশ্ব স্বাস্থ্য সংস্থা’ৰ সঞ্চালক ড০ পুনম ক্ষেত্ৰপাল সিঙে ‘ভাৰ্চুৱেল’ মাধ্যমেৰে অনুষ্ঠানটো সম্বোধন কৰে।

উদ্ভাৱনমূলক আঁচনিখনৰ ওপৰত আলোকপাত কৰি ড০ পলে কয় যে স্বাস্থ্য সেৱাৰ প্ৰাথমিক স্তৰৰ পৰা আৰম্ভ কৰি এক সম্প্ৰদায় আধাৰিত দৃষ্টিভংগীৰে বিশ্বৰ প্ৰাথমিক স্বাস্থ্য সেৱা কাৰ্যসূচীত ই হ’ব এনচিডি  সংক্ৰান্তীয় সৰ্ববৃহৎ সম্প্ৰসাৰণ। ই সম্পদ আৱণ্টন, সামৰ্থ্য বৃদ্ধি, উত্সাহ তথা বহুক্ষেত্ৰীয় সহযোগিতাৰ দ্বাৰা এনচিডিজনিত সমস্যা সমাধানৰ বাবে চৰকাৰে গ্ৰহণ কৰা স্পষ্ট সংকল্পৰ ইংগিত দিয়ে বুলি তেওঁ উল্লেখ কৰে। "মাননীয় প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ‘অমৃত কাল’ত অহা ২৫টা বছৰত ভাৰত এখন উন্নত ৰাষ্ট্ৰ হ'বলৈ সংকল্পবদ্ধ হৈছে। এই লক্ষ্যৰ দিশত ভাৰতে জীৱনৰ প্ৰত্যাশা, মাতৃত্বকালীন মৃত্যুৰ হাৰ, ‘এনচিডি’ৰ দৰে সামাজিক সূচকত সাফল্য লাভ কৰাৰ বাবে প্ৰচেষ্টা চলাই আছে" বুলি  তেওঁ অভিমত ব্যক্ত কৰে। কেন্দ্ৰীয় বাজেট ২০২৩-২৪-ৰ ফলাফল সম্পৰ্কীয় বাজেট দস্তাবেজে প্ৰথমবাৰৰ বাবে উচ্চ ৰক্তচাপ আৰু মধুমেহ চিকিৎসাক সূচক হিচাপে গ্ৰহণ কৰিছে, যিয়ে উচ্চ ৰক্তচাপ আৰু মধুমেহ চিকিত্সা সেৱাৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰিব।

ড০ পলে উল্লেখ কৰে যে ‘এনচিডি’সমূহৰ বিৰুদ্ধে প্ৰাথমিক স্বাস্থ্যসেৱা পৰ্যায়ৰ জৰিয়তে যুঁজিব লাগিব, আৰু তেওঁ উল্লেখ কৰে যে ভাৰতে ১.৫ লাখতকৈয়ো অধিক ‘এইচডব্লিউচি’ স্থাপন কৰাৰ লগতে ‘টেলিমেডিচিন’ আৰু ‘ডিজিটেল স্বাস্থ্য সেৱা’ৰ কাৰ্যকৰীকৰণৰ জৰিয়তে সংকটৰ বিৰুদ্ধে যুঁজিবলৈ এখন মঞ্চ গঢ়ি তুলিছে।

উচ্চ ৰক্তচাপৰ প্ৰতিৰোধ আৰু ব্যৱস্থাপনা ত্বৰান্বিত কৰিবলৈ, ড. পলে ৰাজ্যিক গোটসমূহক সকলো বিধি-নিৰ্দেশনা, বিশেষকৈ তৃণমূল পৰ্যায়ৰ বিধি-নিৰ্দেশনাসমূহ সঠিকভাৱে পালন কৰিবলৈ আহ্বান জনায়, কিয়নো ‘স্ক্ৰীণিং’ বা ৰোগ-নিৰূপণ হৈছে যিকোনো ৰোগৰ সফল প্ৰৱন্ধনৰ আধাৰস্বৰূপ। অৱশ্যে, তেওঁ উল্লেখ কৰে যে কেৱল ‘স্ক্ৰীণিং’য়েই যথেষ্ট নহয়। ৰোগ চিনাক্তকৰণে সফল চিকিত্সা সম্ভৱ কৰিব পাৰিব লাগিব। সেয়েহে তেওঁ সংশ্লিষ্ট সকলো পক্ষকে ৰোগ নিৰ্ণয় কৰা লোকসকলৰ কমেও ৮০%ই চিকিৎসাধীন হোৱাটো নিশ্চিত কৰিবলৈ আহ্বান জনায়। এই প্ৰয়াসত ব্যক্তিগত খণ্ডৰজড়িত হোৱাৰ প্ৰয়োজনীয়তা আৰু অভিলাষী লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে আৰ্হি আৰু বিভিন্ন নিৰ্মাণ খণ্ড সৃষ্টিৰ লগতে শৈক্ষিক আৰু গৱেষণা খণ্ডৰ অৱদানৰ ক্ষেত্ৰতো তেওঁ গুৰুত্ব আৰোপ কৰে।

ভাল খাদ্য খোৱা, ব্যায়াম কৰা আৰু সুস্থতা সম্পৰ্কীয় অন্যান্য অভ্যাসসমূহৰ জৰিয়তে জীৱনশৈলীৰ পৰিৱৰ্তন সাধনৰে প্ৰতিৰোধ গঢ়ি তোলাৰ ক্ষেত্ৰত অধিক পৰিশ্ৰম কৰা উচিত বুলিও তেওঁ অভিমত ব্যক্ত কৰে। সমাজৰ অংশগ্ৰহণৰ জৰিয়তে এই প্ৰচেষ্টাক অধিক দৃশ্যমান কৰাৰ বাবে ‘জন আন্দোলন’ৰ প্ৰয়োজনীয়তাৰ ওপৰত তেওঁ আলোকপাত কৰে। দেশসমূহে একেলগে কাম কৰাৰ প্ৰয়োজনীয়তা দোহাৰি "এক পৃথিৱী, এক স্বাস্থ্য"ৰ ভাৱনাৰে ইজনে সিজনৰ সফলতাসমূহৰ ভাগ বাটোৱাৰা কৰাৰো তেওঁ পোষকতা কৰে।

বৃহত্ পৰিসৰত ৰূপায়ণ কৰিব খোজা এই পদক্ষেপৰ বাবে ভাৰতক অভিনন্দন জনাই ড০ টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছে কয় যে "২০২৫ চনৰ ভিতৰত প্ৰাথমিক স্বাস্থ্যসেৱাত ‘ষ্টেণ্ডাৰ্ড কেয়াৰ’ৰ অধীনত উচ্চ ৰক্তচাপত ভোগা ৭৫ নিযুত লোকৰ কাষলৈ যোৱাৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা অভিলাসী লক্ষ্য হৈছে প্ৰাথমিক স্বাস্থ্যসেৱাৰ বাবে বিশ্বৰ সৰ্ববৃহৎ ‘এনচিডি’ প্ৰতিৰোধী কৱচ"।

তেওঁৰ ‘ভাৰ্চুৱেল’ ভাষণত ড০ পুনম ক্ষেত্ৰপাল সিঙে অভিলাসী স্বাস্থ্যসেৱা প্ৰচেষ্টা আৰম্ভ কৰাৰ বাবে ভাৰত চৰকাৰক অভিনন্দন জনায়। তেওঁ প্ৰাথমিক স্বাস্থ্যসেৱাৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিক প্ৰশংসা কৰে আৰু ১.৫ লাখতকৈয়ো অধিক ‘আয়ুষ্মান ভাৰত স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰ’ৰ কাৰ্যকৰীকৰণক এক গুৰুত্বপূৰ্ণ সাফল্য হিচাপে চিহ্নিত কৰে। তেওঁ দক্ষিণ-পূব এছিয়া অঞ্চলৰ দেশসমূহক ‘এনচিডি’-ৰ নিয়ন্ত্ৰণ ত্বৰান্বিত কৰিবলৈ এক নতুন আৰু কাৰ্যকৰী আঞ্চলিক ‘ৰোডমেপ’ যুগুতাই উলিয়াবলৈ আহ্বান জনায়।

কেন্দ্ৰীয় স্বাস্থ্য সচিব শ্ৰী ৰাজেশ ভূষণে অৰ্থনীতি, সামাজিক শক্তি আৰু ‘মহামাৰী বিজ্ঞান’ৰ শক্তিৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক সন্দৰ্ভত আলোকপাত কৰে। তেওঁ কয় যে যোৱা দুটা দশকত ৭% তকৈয়ো অধিক অৰ্থনৈতিক বিকাশৰ সৈতে ভাৰতত লোকসকলৰ গড় আয়ুস আজি প্ৰায় ৭০লৈ বৃদ্ধি পাইছে। জনসংখ্যাৰ এটা বৃহৎ অংশৰ জীৱনশৈলী আগৰ তুলনাত অধিক স্থবিৰতাপূৰ্ণ হৈ পৰিছে। কেন্দ্ৰীয় স্বাস্থ্য সচিবগৰাকীয়ে উল্লেখ কৰে যে ‘এনচিডি’-ৰ সমস্যা সমাধান হৈছে এক সামাজিক দৃষ্টিভংগী য'ত সজাগতা, প্ৰতিৰোধ, স্বাস্থ্য প্ৰচাৰ আৰু সুস্থতাক একত্ৰ দৃষ্টিভংগীৰে চোৱা হয়। তেওঁ লগতে "দেশত ‘এনচিডি’-ৰ বৰ্ধিত পয়োভৰ ৰোধ কৰাৰ বাবে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ আন্তঃ-খণ্ডীয় সহযোগিতামূলক প্ৰয়াসত গুৰুত্ব আৰোপ কৰে"।

‘৭৫/২৫ পদক্ষেপ’ৰ উপৰিও, সমাজত স্বাস্থ্য সেৱা প্ৰদানৰ বাবে আৰম্ভ কৰা ‘এনচিডি’ সম্পৰ্কীয় ‘মানক চিকিৎসা ৱৰ্কফ্ল'ৰ’ত ৪০,০০০ প্ৰাথমিক স্বাস্থ্য সেৱা চিকিৎসা বিষয়াৰ প্ৰশিক্ষণৰ বাবে ‘স্বশক্ত পৰ্টেল’ মুকলি কৰা হৈছে। ‘অ-সংক্ৰামক ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ’ৰ বাবে ‘ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ সংশোধিত কাৰ্যকৰী নিৰ্দেশনা’ও অধিক বিস্তৃত কভাৰেজৰ লক্ষ্যৰে মুকলি কৰা হৈছে। কাৰ্যসূচীটোৱে এতিয়া উচ্চ ৰক্তচাপ, মধুমেহ আৰু মুখ, স্তন আৰু গ্ৰীৱাকে ধৰি তিনিটা সাধাৰণ কৰ্কটৰোগৰ উপৰিও ‘ক্ৰনিক অবষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ’ (চিঅপিডি) আৰু হাপানি, ‘ক্ৰনিক কিডনী ডিজিজ’ (চিকেডি) আৰু ‘নন-এলকহলিক ফেটি লিভাৰ ডিজিজ’ (এনএএফএলডি), ‘মায়োকাৰ্ডিয়েল ইনফাৰ্কচন’ (ষ্টেমি)ৰ দৰে ৰোগৰ বিপৰীতে সেৱা আগবঢ়াইছে।

স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰী বিশাল চৌহান,  বিশ্ব স্বাস্থ্য সংস্থাৰ ভাৰতস্থ প্ৰতিনিধি ড০ ৰোডেৰিকো এইচ অফ্ৰিন অফ্ৰিন, ‘জি-২০’ৰ প্ৰতিনিধিবৃন্দ, বিশ্ব স্বাস্থ্য সংস্থাৰ ‘এছইএআৰঅ’ দেশৰ অংশগ্ৰহণকাৰীবৃন্দ, বিশ্ব স্বাস্থ্য সংস্থা, ৰাষ্ট্ৰসংঘ আৰু অন্যান্য সংগঠনৰ উচ্চ ৰক্তচাপ আৰু মধুমেহ সন্দৰ্ভত কাম কৰা আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকল, ৰাজ্যসমূহৰ জ্যেষ্ঠ ৰাজ্যিক বিষয়া, ৰাষ্ট্ৰীয় ‘এনচিডি’ অংশীদাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল অনুষ্ঠানটোত উপস্থিত আছিল।

****



(Release ID: 1925040) Visitor Counter : 143