গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় ‘গৃহ পৰিক্ৰমা তথা সমবায় দপ্তৰ’ৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত সংসদ, ৰাজ্যিক বিধানসভা আৰু বিভিন্ন মন্ত্ৰালয়ৰ বিষয়াসকলৰ বাবে ‘প্ৰাইড’ আৰু ‘আইচিপিএছ’-য়ে আয়োজন কৰা ‘বিধেয়কৰ খচৰা প্ৰস্তুতকৰণ সম্পৰ্কীয় এক প্ৰশিক্ষণ কাৰ্যসূচী’ উদ্বোধন কৰে

যোৱা ৯টা বছৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ আইনী ক্ষেত্ৰত যথেষ্ট কাম কৰা হৈছে, মোদী চৰকাৰেও দেশৰ স্বাৰ্থত সময় অনুসৰি বহুতো আইন প্ৰস্তুত কৰিছে

হাজাৰৰো অধিক অপ্ৰাসংগিক আইন বাতিল কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে সমাজ আৰু আদালতক আইনৰ মেৰপাকৰৰ পৰা মুক্ত কৰিছে

বিধেয়কৰ খচৰা প্ৰস্তুত কৰাটো আমাৰ গণতন্ত্ৰৰ এক গুৰুত্বপূৰ্ণ অংশ, ইয়াৰ বিষয়ে তথ্যৰ অভাৱে আইন আৰু সমগ্ৰ গণতান্ত্ৰিক ব্যৱস্থাটোকে কেৱল দুৰ্বল নকৰে, বৰঞ্চ ন্যায়পালিকাৰ কামকো প্ৰভাৱিত কৰে

যিকোনো গণতান্ত্ৰিক দেশৰ বাবে বিধেয়কৰ খচৰা প্ৰস্তুত কৰাটো অতি গুৰুত্বপূৰ্ণ, সেয়েহে ইয়াৰ দক্ষতা সদায় সময়ৰ সৈতে উন্নীত, বিকশিত আৰু অধিক দক্ষতাসম্পন্ন হৈ থাকিব লাগে

বিধায়িনী বিভাগৰ কাম হৈছে ৰাজনৈতিক ইচ্ছা প্ৰকাশ কৰা, জনসাধাৰণৰ সমস্যা আৰু দেশৰ বিভিন্ন প্ৰয়োজনীয়তা আইনৰ ৰূপত সমাধান কৰাৰ উপায় আগবঢ়োৱা আৰু সেয়েহে খচৰা প্ৰস্তুত কৰাটো অতি গুৰুত্বপূৰ্ণ

চৰকাৰৰ আটাইতকৈ শক্তিশালী অঙ্গ হৈছে সংসদ আৰু ইয়াৰ শক্তি হৈছে আইন, যিকোনো দেশক ভালকৈ চলোৱাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পদ্ধতি হৈছে আইনী খচৰা

আইনী খচৰা প্

Posted On: 15 MAY 2023 3:40PM by PIB Guwahati

কেন্দ্ৰীয় ‘গৃহ তথা সমবায় দপ্তৰ’ৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত সংসদ, ৰাজ্যিক আইনসভা, বিবিধ মন্ত্ৰালয়, বিধি সংস্থা আৰু অন্যান্য চৰকাৰী বিভাগৰ বিষয়াসকলৰ বাবে ‘প্ৰাইড’ আৰু ‘আইচিপিএছ’-য়ে আয়োজন কৰা ‘আইনী খচৰা প্ৰস্তুতকৰণ সম্পৰ্কীয় এক প্ৰশিক্ষণ কাৰ্যসূচী’ উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলা, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশী, শ্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু কেন্দ্ৰীয় গৃহ সচিব উপস্থিত আছিল।


অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰী অমিত শ্বাহে কয়, “বিধেয়কৰ খচৰা প্ৰস্তুত কৰাটো আমাৰ গণতন্ত্ৰৰ এক গুৰুত্বপূৰ্ণ অংশ, ইয়াৰ বিষয়ে তথ্যৰ অভাৱে আইন আৰু সমগ্ৰ গণতান্ত্ৰিক ব্যৱস্থাটোকে কেৱল দুৰ্বল নকৰে, বৰঞ্চ ন্যায়পালিকাৰ কামকো প্ৰভাৱিত কৰে”। তেওঁ কয়, “যিকোনো গণতান্ত্ৰিক দেশৰ বাবে বিধেয়কৰ খচৰা প্ৰস্তুত কৰাটো অতি গুৰুত্বপূৰ্ণ, সেয়েহে ইয়াৰ দক্ষতা সদায় সময়ৰ সৈতে উন্নীত, বিকশিত আৰু অধিক দক্ষতাসম্পন্ন হৈ থাকিব লাগে”।
গৃহমন্ত্ৰীগৰাকীয়ে স্বাধীনতা সংগ্ৰামী সুখদেৱৰ জন্ম জয়ন্তী আৰু প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি শ্ৰী ভৈৰোঁ সিং শ্বেখাৱতৰ মৃত্যু বাৰ্ষিকী উপলক্ষে দুয়োগৰাকী পুৰোধালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

শ্ৰী অমিত শ্বাহে কয় যে ভাৰতীয় গণতন্ত্ৰক বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ হিচাপে স্বীকাৰ কৰা হয়, আৰু এক প্ৰকাৰে ভাৰতত গণতন্ত্ৰৰ জন্ম হৈছিল, যিহেতু ইয়াৰ ধাৰণা কেৱল ভাৰততহে উদ্ভৱ হৈছিল। আমি সমগ্ৰ ভাৰতকে গণতন্ত্ৰৰ পৰম্পৰাৰে সমাহিত কৰিছো। শ্ৰী শ্বাহে কয় যে ভাৰতৰ সংবিধানক বিশ্বৰ আটাইতকৈ নিখুঁত সংবিধান বুলি গণ্য কৰা হয় আৰু আমাৰ সংবিধান প্ৰস্তুত কৰা লোকসকলে কেৱল ইয়াত দেশৰ পৰম্পৰাগত গণতান্ত্ৰিক মূল্যবোধ অন্তৰ্ভুক্ত কৰাই নহয়, বৰঞ্চ সমসাময়িক সময়ৰ প্ৰয়োজনীয়তা অনুসৰি ধুনিকীকৰণৰ প্ৰয়াসো কৰিছে।

গৃহ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে কয় যে গণতন্ত্ৰৰ তিনিটা মুখ্য স্তম্ভ হৈছে – ‘বিধায়িনী’, ‘কাৰ্যবাহী’ আৰু ‘ন্যায়পালিকা’, আৰু আমাৰ সংবিধান প্ৰস্তুতকৰ্তাসকলে এই তিনিটা স্তম্ভৰ ওপৰত আমাৰ সমগ্ৰ গণতান্ত্ৰিক শাসন ব্যৱস্থাটো গঢ়ি তুলিছে। এই তিনিটা প্ৰণালীৰ কাম-কাজ দক্ষতাৰে বিভক্ত কৰা হৈছে। শ্ৰী শ্বাহে কয় যে আইনসভাৰ কাম হৈছে “জনসাধাৰণৰ কল্যাণ সাধন কৰা, সমস্যাসমূহ বিবেচনা কৰা আৰু আইনী প্ৰক্ৰিয়া অনুসৰণ কৰি সমাধান বিচাৰি উলিওৱা। সংসদত বিশ্বৰ বিভিন্ন ক্ষেত্ৰত লক্ষ্য কৰা পৰিৱৰ্তনসমূহৰ বিষয়ে আলোচনা কৰা হয় আৰু সেই অনুসৰি নতুন নতুন আইন যুগুতোৱা হয়, আৰু আমাৰ ব্যৱস্থাটোক অধিক প্ৰাসংগিক কৰি তুলিবলৈ পুৰণি আইনৰ সংশোধন কৰা হয়। পৰিণতি স্বৰূপে, নতুনকৈ প্ৰস্তুত কৰা আইনৰ দৃষ্টিভংগী অনুসৰণ কৰি কাৰ্যবাহীয়ে ইয়াক কাৰ্যকৰীকৰণৰ পদক্ষেপ গ্ৰহণ কৰে”। শ্ৰী শ্বাহে কয় যে “ন্যায়িক বিবাদৰ ক্ষেত্ৰত আইনৰ ব্যাখ্যা কৰিবলৈ আমাৰ দেশত ন্যায়পালিকাই স্বতন্ত্ৰভাৱে কাম কৰে। আৰু সংবিধান প্ৰণেতাসকলে আমাৰ সামগ্ৰিক গণতান্ত্ৰিক ব্যৱস্থাত এই তিনিটা স্তম্ভৰ ভূমিকা বিভাজিত কৰিছে”।

শ্ৰী শ্বাহে কয় যে “বিধায়িনী বিভাগৰ কাম হৈছে সংসদ আৰু কেন্দ্ৰীয় কেবিনেটৰ ৰাজনৈতিক ইচ্ছাক আইনত পৰিণত কৰা। বিধায়িনী বিভাগৰ কাম হৈছে ৰাজনৈতিক ইচ্ছাশক্তি আৰু দেশৰ জনসাধাৰণৰ সমস্যা আৰু বিভিন্ন প্ৰয়োজনীয়তাসমূহৰ সমাধানৰ উপায়সমূহক আইনী বিন্যাস প্ৰদান কৰা, আৰু এই কাৰণেই খচৰা প্ৰণয়ন কৰাটো প্ৰসংগটোৱে যথেষ্ট গুৰুত্ব লাভ কৰে” বুলিও তেওঁ অভিমত ব্যক্ত কৰে। শ্ৰী শ্বাহে কয় যে যদি খচৰাখন ভাল হয়, কাৰ্যবাহীয়ে ইয়াক ৰূপায়ণৰ সময়ত ত্ৰুটিৰ আংশকা নিম্নতম হ'ব। তেওঁ কয় যদি খচৰা প্ৰস্তুত কৰোতে ধূসৰ এলেকাবোৰ এৰি যোৱা হয়, তেন্তে ইয়ে আইনীব্যাখ্যাৰ ভিন্নতাৰ পয়োভৰ ঘটাব, আনহাতে, যদি খচৰাখন সম্পূৰ্ণ আৰু স্পষ্ট হয়, তেন্তে ইয়াৰ ব্যাখ্যাও স্পষ্ট হ'ব।


শ্ৰী শ্বাহে কয়, “সংসদ হৈছে চৰকাৰৰ আটাইতকৈ শক্তিশালী অঙ্গ আৰু ইয়াৰ শক্তি হৈছে আইন। যিকোনো দেশক ভালধৰণে শাসন কৰাৰ বাবে আইনী খচৰা প্ৰস্তুত কৰাটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ পদ্ধতি। সংসদ আৰু জনসাধাৰণৰ ইচ্ছাক আইনলৈ ৰূপান্তৰ কৰাৰ সময়ত বহুতো বিষয় বিবেচনা কৰিব লাগিব, যেনে সংবিধান, ৰীতি-নীতি, সংস্কৃতি, ঐতিহাসিক ঐতিহ্য, শাসনৰ গাঁথনি, সমাজ, দেশৰ আৰ্থ-সামাজিক বিকাশ আৰু আন্তঃৰাষ্ট্ৰীয় চুক্তি”। শ্ৰী শ্বাহে কয় যে “আইনী খচৰা প্ৰস্তুত কৰাটো কোনো বিজ্ঞান বা কলা নহয়, কিন্তু ই এক দক্ষতা যাক আত্মাৰ আবেগৰে ব্যৱহাৰ কৰিব লাগিব। তেওঁ কয় সদায় ধূসৰ এলেকাবোৰ হ্ৰাস কৰাত গুৰুত্ব দিয়া উচিত আৰু আইনখন স্পষ্ট হ'ব লাগে”।
শ্ৰী অমিত শ্বাহে কয় যে চৰকাৰী নীতিসমূহক আইনলৈ ৰূপান্তৰ কৰাৰ সময়ত পুৰণি আৰু নিম্নতম বিতৰ্কিত আইনসমূহ অধ্যয়ন কৰাটো প্ৰয়োজনীয়। লিখনি হৈছে এক দক্ষতা আৰু বিৰামচিহ্নবোৰ আইনী খচৰা প্ৰস্তুত কৰোতে অতি যত্ন আৰু দক্ষতাৰে ব্যৱহাৰ কৰিব লাগে। ইয়াৰ বাহিৰেও, খচৰা প্ৰণেতাসকলৰ ভাষাৰ ওপৰত ভাল আধিপত্য থাকিব লাগে, কিয়নো আমাৰ ভাষাৰ আত্মা প্ৰতিফলিত কৰাটো অতি গুৰুত্বপূৰ্ণ। তেওঁ কয় যে প্ৰতিটো ভাষাৰ এটা সীমাবদ্ধতা আছে আৰু শব্দসমূহৰ কেৱল অনুবাদেই কাম নকৰে, বৰং ভাবানুবাদ কৰাহে উচিত।
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে দক্ষতা-বৰ্দ্ধন এক নিৰন্তৰ প্ৰক্ৰিয়া আৰু সংসদৰ প্ৰতিটো বিভাগ, ৰাজ্যসমূহৰ ৰাজ্যিক আইনসভাসমূহত আইনী-খচৰা প্ৰণেতাসকলৰ দক্ষতা উন্নত কৰাটো অতি গুৰুত্বপূৰ্ণ। তেওঁ কয় যে পৃথিৱীখন অতি দ্ৰুতগতিত সলনি হৈ আছে আৰু আমি পৰিৱৰ্তনশীল পৃথিৱীৰ সৈতে খোজত খোজ মিলোৱাৰ লগতে নিজকে তাৰ সৈতে সংপৃক্ত কৰিব পাৰিব লাগিব। তেওঁ কয় এইক্ষেত্ৰত যদি আমি মুকলিমূৰীয়া নহওঁ, তেন্তে আমি অপ্ৰাসংগিক আৰু অপাংক্তেয় হৈ পৰিম।

শ্ৰী অমিত শ্বাহে কয় যে খচৰা প্ৰস্তুত কৰাটো যিমান সম্ভৱ সৰল আৰু স্পষ্ট শব্দৰে কৰা উচিত, কিয়নো দ্ব্যথসূচক শব্দৰে প্ৰস্তুত কৰা আইনে সদায় বিতৰ্কৰ সৃষ্টি কৰে। তেওঁ কয় যে আইনৰ শব্দ যিমানেই সৰল আৰু স্পষ্ট হয় সিমানেই ই বিতৰ্কৰহিত হয়। ন্যায়ালয়ে হস্তক্ষেপ কৰাৰ প্ৰয়োজন নথকা আইন এখন ভাল আইনৰ খচৰা প্ৰস্তুত কৰাৰ বাবে আগবঢ়োৱা এক পদকস্বৰূপ। আৰু সৰল আৰু স্পষ্ট ভাষাত আইনৰ খচৰা প্ৰস্তুত কৰাটো আমাৰ লক্ষ্য হোৱা উচিত বুলি তেওঁ অভিমত ব্যক্ত কৰে।
মন্ত্ৰীগৰাকীয়ে কয় যে শ্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰা চৰকাৰে আইনৰ ক্ষেত্ৰত যথেষ্ট কাম কৰিছে আৰু ২০১৫ চনৰ পৰা এতিয়ালৈকে চৰকাৰে হাজাৰ হাজাৰ অপ্ৰাসংগিক আইন বাতিল কৰাৰ কাম কৰি আহিছে। তেওঁ কয় যে এনে পদক্ষেপ গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে আইনজীৱী, সমাজ আৰু আদালতক আইনৰ মেৰপাকৰ পৰা মুক্ত কৰাৰ কাম কৰিছে। শ্ৰী শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এইখন চৰকাৰেও দেশৰ স্বাৰ্থত সময়ৰ আহ্বান সাৰোগত কৰি বহুতো আইন প্ৰণয়ন কৰিছে। তেওঁ কয় যে আইন লিখাৰ সময়ত, আইনসভাৰ অভিপ্ৰায় স্পষ্টভাৱে, অস্পষ্টতা অবিহনে, সৰল আৰু স্পষ্ট শব্দত প্ৰকাশ কৰিবলৈ কুণ্ঠাবোধ কৰা উচিত নহয়।

 

*****
 



(Release ID: 1924455) Visitor Counter : 93