প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শতবৰ্ষ পূৰ্তিত গীতা প্ৰেছক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

Posted On: 03 MAY 2023 7:49PM by PIB Guwahati

গীতা প্ৰেছৰ ১০০ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে। দেশৰ আধ্যাত্মিক ঐতিহ্যক দেশ-বিদেশলৈ আগুৱাই লৈ যোৱাৰ প্ৰকাশকৰ ১০০ বছৰীয়া যাত্ৰাক অবিশ্বাস্য আৰু অবিস্মৰণীয় বুলি অভিহিত কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে:

"অযুত শুভকামনা! ভাৰতীয় আধ্যাত্মিক ঐতিহ্যক নিজৰ প্ৰকাশনৰ জৰিয়তে দেশ-বিদেশত বিস্তাৰ কৰিবলৈ গীতা প্ৰেছৰ ১০০ বছৰীয়া এই নিৰন্তৰ যাত্ৰা আশ্চৰ্যজনক আৰু অবিস্মৰণীয়।"

***********



(Release ID: 1922352) Visitor Counter : 109