তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

‘মন কি বাতে’ ইণ্ডিয়াক ভাৰতৰ সৈতে সংযোগ কৰিছে

নতুন দিল্লীৰ আইআইএমচিয়ে কৰা এক বিশেষ অধ্যয়নত ৭৬% সংবাদকৰ্মীয়ে মতামত আগবঢ়ায়

৬৩% লোকে ইউটিউবত ‘মন কি বাত’ শুনি ভাল পায়

৪০% লোকৰ বাবে শিক্ষাই হৈছে কাৰ্যসূচীৰ আটাইতকৈ প্ৰভাৱশালী বিষয়বস্তু

প্ৰধানমন্ত্ৰীৰ এই ৰেডিঅ’ অনুষ্ঠানত ‘আধুনিক ভাৰতৰ অখ্যাত নিৰ্মাতা’সকলক সমগ্ৰ ৰাষ্ট্ৰৰ সৈতে চিনাকি কৰাই দিয়া হৈছে

Posted On: 29 APR 2023 12:19PM by PIB Guwahati

ইণ্ডিয়ান ইনষ্টিটিউট অৱ মাছ কমিউনিকেশ্যনে (আইআইএমচি) কৰা এক বিশেষ অধ্যয়নত দেখা গৈছে যে ভাৰতীয় সংবাদ মাধ্যমৰ ৭৬% লোকে বিশ্বাস কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয় ৰেডিঅ’ অনুষ্ঠান ‘মন কী বাতে’ প্ৰকৃত ভাৰতক দেশবাসীৰ আগত পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিছে। এই অনুষ্ঠানে এনে এটা ধাৰা আৰম্ভ কৰিছে য’ত এতিয়া জনতাই দেশৰ আন অঞ্চলৰ বস্তুবোৰৰ প্ৰতি অধিক সচেতন হৈছে আৰু তেওঁলোকে সেইবোৰৰ প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিছে। ৭৫% উত্তৰদাতাই অনুভৱ কৰে যে ‘মন কী বাত’ এক মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে, য’ত ভাৰতৰ দুৰ্গম অঞ্চলত বসবাস কৰা লোকসকলৰ জীৱনত এক উল্লেখযোগ্য পৰিৱৰ্তন নিশ্চিত কৰিবলৈ নিস্বাৰ্থভাৱে কাম কৰা তৃণমূল পৰ্যায়ৰ উদ্ভাৱকসকলক পৰিচয় কৰাই দিয়া হৈছে।

আইআইএমচিৰ সঞ্চালক প্ৰধান অধ্যাপক সঞ্জয় দ্বিবেদীৰ কয় যে ২০২৩ চনৰ ১২ এপ্ৰিলৰ পৰা ২৫ এপ্ৰিলৰ ভিতৰত প্ৰতিষ্ঠানটোৰ আউটৰীচ্চ বিভাগে এই অধ্যয়ন চলাইছিল। সমগ্ৰ দেশৰ ১১৬টা মিডিয়া হাউচ, শৈক্ষিক প্ৰতিষ্ঠান আৰু বিশ্ববিদ্যালয়ৰ সৈতে জড়িত মুঠ ৮৯০ জন সাংবাদিক, সংবাদকৰ্মী, মিডিয়া ফেকাল্টি, সংবাদ মাধ্যমৰ গৱেষক আৰু সংবাদ মাধ্যমৰ শিক্ষাৰ্থীয়ে এই অধ্যয়নত অংশগ্ৰহণ কৰিছিল। ইয়াৰে ৩২৬গৰাকী মহিলা আৰু ৫৬৪গৰাকী পুৰুষ। অধ্যয়নত অংশগ্ৰহণ কৰা ৬৬% লোকৰ বয়স ১৮ৰ পৰা ২৫ বছৰৰ ভিতৰৰ।

উত্তৰদাতাসকলৰ মতে, ‘দেশৰ বিষয়ে জ্ঞান’ আৰু ‘দেশক লৈ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী’ দুটা গুৰুত্বপূৰ্ণ কাৰণ যিবোৰে তেওঁলোকক এই অনুষ্ঠান শুনিবলৈ প্ৰেৰণা যোগায়। কোনো খণ্ড সময়মতে শুনিবলৈ নাপালে কৰিলে তেওঁলোকে অনুষ্ঠানটো কেনেকৈ শুনে বুলি সোধা প্ৰশ্নৰ উত্তৰত ৬৩% লোকে কয় যে তেওঁলোকে আন মাধ্যমতকৈ ইউটিউবক বেছি পছন্দ কৰে। ‘মন কী বাত’ত বিভিন্ন বিষয়ত প্ৰধানমন্ত্ৰী মোদীৰ কথা শুনি ৭৬% লোকে নিজকে গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণকাৰী বুলি অনুভৱ কৰে।

অধ্যাপক দ্বিবেদীয়ে উল্লেখ কৰে যে এই অধ্যয়নত ‘মন কী বাত’ত প্ৰধানমন্ত্ৰীয়ে আলোচনা কৰা কোনটো বিষয়ে জনসাধাৰণক আটাইতকৈ বেছি প্ৰভাৱিত কৰিছিল সেয়াও বুজিবলৈ চেষ্টা কৰা হৈছে। ইয়াৰ উত্তৰত ৪০% লোকে ‘শিক্ষা’ৰ কথা উল্লেখ কৰাৰ বিপৰীতে ২৬% লোকে ‘তৃণমূল পৰ্যায়ৰ উদ্ভাৱকৰ বিষয়ে তথ্য’ক আটাইতকৈ প্ৰভাৱশালী বিষয় বুলি কয়।

‘মন কী বাত’ত আলোচনা কৰা বিষয়সমূহৰ বিষয়ে ৰাইজে কাৰ লগত তথ্য ভাগ-বতৰা কৰে সেই বিষয়েও অধ্যয়নচ জনাৰ চেষ্টা কৰা হয়। এই সন্দৰ্ভত ৩২% লোকে কয় যে তেওঁলোকে অনুষ্ঠানত আলোচনা কৰা বিষয়সমূহৰ ওপৰত তেওঁলোকৰ চিন্তাধাৰা পৰিয়ালৰ সদস্যসকলৰ সৈতে ভাগ-বতৰা কৰে, আনহাতে ২৯% লোকে কয় যে তেওঁলোকে নিজৰ বন্ধু-বান্ধৱ আৰু সহকৰ্মীৰ সৈতে বিষয়সমূহৰ সন্দৰ্ভত আলোচনা কৰে। অধ্যয়নত উত্থাপিত হোৱা আন এটা আমোদজনক তথ্য হ’ল ১২% লোকে ৰেডিঅ’, ১৫% লোকে টেলিভিছন আৰু ৩৭% লোকে ‘মন কী বাত’ শুনিবলৈ ইণ্টাৰনেট ভিত্তিক মঞ্চ ব্যৱহাৰ কৰে।

***********



(Release ID: 1920844) Visitor Counter : 94