আয়ুষ
আয়ুসক এক ইতিবাচক বিশ্বাস জন্মোৱাত ‘মন কী বাত’ অনুষ্ঠানে সহায় কৰিছেঃ শ্ৰী সৰ্বানন্দ সোণোৱাল
সাময়িক আয়ুৰ্বেদিক গৱেষণা, আয়ুৰ্বেদিক বিজ্ঞানৰ ওপৰত গুৰুত্ব আৰোপ কৰি “আয়ুষ খণ্ডত মন কী বাতৰ প্ৰভাৱ” শীৰ্ষক গৱেষণা আলোচনীৰ বিশেষ সংস্কৰণ উন্মোচন
प्रविष्टि तिथि:
28 APR 2023 3:13PM by PIB Guwahati
আয়ুষ মন্ত্ৰালয়ে “আয়ুষ খণ্ডত মন কী বাতৰ প্ৰভাৱ” বিষয়ক কেন্দ্ৰ কৰি কেন্দ্ৰীয় আয়ুৰ্বেদিক বিজ্ঞান গৱেষণা পৰিষদ (চিচআৰএএছ), আয়ুৰ্বেদিক বিজ্ঞানৰ গৱেষণা আলোচনী (জেআৰএএছ)ৰ চৰকাৰী গৱেষণা গ্ৰন্থৰ বিশেষ সংস্কৰণ উন্মোচন কৰে। আয়ুষ আৰু বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি আয়ুষৰ সম্পাদক বৈদ্য ৰাজেশ কোটেচা আৰু মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াৰ উপস্থিতিত আলোচনীৰ বিশেষ সংস্কৰণ উন্মোচন কৰে।
ভাষণ প্ৰসংগত শ্ৰী সৰ্বানন্দ সোণোৱালে কয়, “প্ৰধানমন্ত্ৰীৰ “মন কী বাত” অনুষ্ঠানে আয়ুষক ইতিবাচক বিশ্বাস জন্মোৱাত সহায়ক হৈছে। ইয়াৰ উদ্ভাৱনীমূলক আৰু অনন্য মত বিনিময় শৈলীৰ উপস্থাপনৰ দ্বাৰা ৰেডিঅ’ অনুষ্ঠানটোৱে ইয়াৰ বাবে এক নিৰ্দিষ্ট স্থান নিগাজী কৰিছে আৰু বিভিন্ন সম্প্ৰদায়ৰ মাজত জনপ্ৰিয় হৈ পৰিছে। আলোচনীখনৰ এই বিশেষ সংস্কৰণৰ বিষয়বস্তু আয়ুষ খণ্ডৰ ওপৰত আমাৰ প্ৰধানমন্ত্ৰীৰ বিভিন্ন চিন্তাৰ পৰা প্ৰেৰণা লোৱা হৈছে।”

“মন কী বাত”ৰ প্ৰায় ৩৭টা খণ্ডত আয়ুষৰ নাম উল্লেখ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলক সুস্থ জীৱনশৈলী গ্ৰহণ কৰিবলৈ, যোগাসন কৰিবলৈ, প্ৰমাণভিত্তিক আয়ুৰ্বেদ গ্ৰহণ কৰিবলৈ আৰু আয়ুৰ্বেদ জীৱনশৈলীক নিজৰ জীৱনশৈলীত গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। আয়ুস খণ্ডক প্ৰসাৰিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰচেষ্টাৰ ফলস্বৰূপে কেৱল ভাৰততে নহয়, বিশ্বজুৰি পৰম্পৰাগত ভাৰতীয় চিকিৎসা পদ্ধতিৰ উপকাৰিতাৰ বিষয়ে সজাগতা বৃদ্ধি পাইছে।
আলোচনীখনৰ বিশেষ সংস্কৰণৰ বিষয়বস্তু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বিগত ৯ বছৰৰ ভিতৰত আয়ুস ব্যৱস্থাৰ ওপৰত কৰা বিভিন্ন মত বিনিময়ৰ পৰা অনুপ্ৰাণিত। ইয়াত আয়ুস খণ্ডত “মন কী বাত”ৰ প্ৰভাৱ আৰু আয়ুষ কেনেকৈ দেশৰ ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি আৰু স্বাস্থ্য ব্যৱস্থাৰ মৌলিক স্তম্ভ হৈ পৰিছে সেই বিষয়ে আলোকপাত কৰা হৈছে। ৭টা সম্ভাৱ্য ক্ষেত্ৰ অৰ্থাৎ নীতি আৰু জনস্বাস্থ্য, বিজ্ঞান আৰু প্ৰমাণ, স্বাস্থ্য শিক্ষা আৰু সজাগতা, যোগ আৰু স্বাস্থ্যৱিত্ৰ (জীৱনশৈলী, ব্যায়াম, খাদ্য, পুষ্টি), ক’ৰোনাৰ বিৰুদ্ধে যুঁজ, উদ্যোগ আৰু শিক্ষাৰ সহযোগিতা, গোলকীকৰণ আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ওপৰত মুঠ ২৪গৰাকী বিশিষ্ট বিশেষজ্ঞৰ প্ৰবন্ধ অন্তৰ্ভুক্ত কৰা হৈছে।
বিশেষ সংস্কৰণত আয়ুসৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল, আয়ুষৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড° মুঞ্জাপাৰা মহেন্দ্ৰভাইৰ বিশেষ বাৰ্তা সন্নিবিষ্ট কৰা হৈছে। বৈদ্য ৰাজেশ কোটেচা, আয়ুষ মন্ত্ৰালয়ৰ সচিব, শিক্ষা প্ৰতিষ্ঠানৰ বিশিষ্ট লেখক (যেনে-ড° বি এন গংগাধৰ, এনএমচি আৰু প্ৰাক্তন সঞ্চালক নিমহান্স), উদ্যোগ (পতঞ্জলিৰ আচাৰ্য বালকৃষ্ণ, ইমামিৰ ড° চি কে কাটিয়াৰ), গৱেষণা (চিএছআইআৰ)ৰ ডাঃ বিশ্বজননী সাট্টিগেৰী-টিকেডিএল), চিকিৎসক, বিশেষজ্ঞ (ডাঃ ৰাজেন্দ্ৰ এ বাডৱে, সঞ্চালক, টাটা মেম’ৰিয়েল চেণ্টাৰ, মুম্বাই), জৈৱ প্ৰযুক্তি বিশেষজ্ঞ (কল্পনা যোশী, অধ্যাপিকা আৰু মুৰব্বী জৈৱ প্ৰযুক্তি, সাবিত্ৰীবাই ফুলে পুনে বিশ্ববিদ্যালয়), আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞ আৰু অংশীদাৰে (জাৰ্মানী, ছুইডেন আৰু আমেৰিকা) এই সংস্কৰণত অৰিহণা যোগাইছে।

আয়ুৰ্বেদিক বিজ্ঞানৰ গৱেষণা আলোচনী (জেআৰএএছ)হৈছে নতুন দিল্লীৰ কেন্দ্ৰীয় আয়ুৰ্বেদিক বিজ্ঞান গৱেষণা পৰিষদ (চিচআৰএএছ) নতুন দিল্লীৰ এটা গোটৰ দ্বাৰা পৰ্যালোচিত, মুক্ত প্ৰৱেশ, ইউজিচি-কেয়াৰ তালিকাভুক্ত আনুষ্ঠানিক প্ৰকাশন। আলোচনীখন তিনি মাহৰ মুৰে মুৰে প্ৰকাশ কৰা হয় আৰু ছপা আৰু অনলাইন দুয়োটা ৰূপতে উপলব্ধ। আন্তঃশাখা স্বাস্থ্য বিজ্ঞানকে ধৰি আয়ুৰ্বেদ, যোগ, প্ৰাকৃতিক চিকিৎসা, সিদ্ধ, হোমিঅ’পেথী ক্ষেত্ৰসমূহৰ গৱেষণা প্ৰকাশৰ বাবে ই এক বহুবিষয়ক মঞ্চ। এই আলোচনীখন প্ৰকাশ কৰিছে মেডন’ৱে, যিটো বিশ্বৰ অন্যতম বৃহৎ মুক্ত প্ৰৱেশ প্ৰকাশক ৱল্টাৰ্ছ ক্লুৱেৰ হেল্থৰ অংশ আৰু ইয়াৰ পৰ্টফলিঅ’ত চাৰে চাৰিশতকৈও অধিক চিকিৎসা আলোচনী আছে।
*****
(रिलीज़ आईडी: 1920843)
आगंतुक पटल : 160