প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘কোৱাদ’-ৰ পৰৱৰ্তী শীৰ্ষ সন্মিলন ছিদনীত অনুষ্ঠিত কৰিবলৈ লোৱা বাবে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এলবানীজক ধন্যবাদ জনালে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
26 APR 2023 6:46PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়াৰ ছিদনীত ‘কোৱাড’-ৰ পৰৱৰ্তী শীৰ্ষ সন্মিলন আয়োজন কৰাৰ বাবে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এলবানীজক ধন্যবাদ জ্ঞাপন কৰে।
অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে;
"ছিদনীত ‘কোৱাড’-ৰ পৰৱৰ্তী সন্মিলন আয়োজন কৰাৰ বাবে @AlboMP ধন্যবাদ, যিয়ে এক স্বাধীন, মুক্ত আৰু অন্তৰ্ভুক্তিমূলক ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল নিশ্চিত কৰাৰ বাবে আমাৰ প্ৰচেষ্টাক শক্তিশালী কৰিব।
আমাৰ ইতিবাচক কাৰ্যসূচীক আগুৱাই নিয়াৰ বাবে মই মোৰ ভ্ৰমণ আৰু বিভিন্ন ক্ষেত্ৰত কোৱাড সহযোগিতা শক্তিশালী কৰাৰ প্ৰসংগত আলোচনাৰ বাবে অপেক্ষা কৰি আছো।"
****
(ৰিলিজ আই ডি : 1920121)
অতিথি কক্ষ : 166
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada