যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়

ৰাষ্ট্ৰৰ নামত উচৰ্গা ২৫৪ ৪জি টাৱাৰ; ৩৩৬খন গাঁৱত অবিৰত দূৰসংযোগ যোগাযোগ ব্যৱস্থা ইউনিভাৰ্চেল ছাৰ্ভিচ অবলিগেচন ফাণ্ড (ইউএছঅ’এফ)ৰ অধীনত টাৱাৰ নিৰ্মাণ

ভাৰত চৰকাৰ আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ ঐক্যবদ্ধ প্ৰচেষ্টা–সকলো বিভাগ আৰু জিলাই অতি সমন্বয়ৰে কাম কৰিছিল

শেহতীয়াকৈ অৰুণাচল প্ৰদেশে সকলো ক্ষেত্ৰতে অপৰিসীম অগ্ৰগতি লাভ কৰিছে–কিছুদিন পূৰ্বে ড’নি প’ল’ বিমানবন্দৰৰ উদ্বোধন, ভাৰত গৌৰৱ ৰে’লৰ ৰে’ল সংযোগ মুকলি

শেহতীয়াকৈ ইটানগৰত ৫জি সেৱা আৰম্ভ কৰা হৈছে–অতি সোনকালে অন্যান্য অঞ্চললৈও সম্প্ৰসাৰিত কৰা হ’ব

Posted On: 22 APR 2023 5:25PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশৰ উন্নয়নৰ প্ৰতি ইয়াৰ লোকসকলৰ প্ৰতিক্ৰিয়াৰ সঁহাৰি জনাই কয়, ‘অৰুণাচল প্ৰদেশৰ জনসাধাৰণ ব্যতিক্ৰমী। তেওঁলোকৰ দেশপ্ৰেমৰ মনোভাৱ অদম্য। এই মহান ৰাজ্যখনৰ বাবে কাম কৰা আৰু ইয়াৰ প্ৰকৃত সম্ভাৱনা উপলব্ধি কৰাত সহায় কৰাটো এক সন্মানৰ কথা।”

ভাৰত চৰকাৰ আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ যৌথ প্ৰচেষ্টাত ২০২৩ চনৰ ২২ এপ্ৰিলত কেন্দ্ৰীয় যোগাযোগ, ৰে’ল আৰু ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱৰ উপস্থিতিত ২৫৪টা ৪জি মোবাইল টাৱাৰ ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰা হয়৷ অনুষ্ঠানত কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী শ্ৰী কিৰেন ৰিজিজু, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডু, কেন্দ্ৰীয় যোগাযোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী দেৱুসিংহ চৌহান আৰু অৰুণাচলৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী চৌনা মেইনৰ লগতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়া উপস্থিত থাকে।

 

৩৩৬খন গাঁও সামৰি লোৱা এই টাৱাৰসমূহে অৰুণাচলৰ হাজাৰ হাজাৰ বাসিন্দাক উপকৃত কৰিব। ইয়াত বসবাস কৰা হিতাধিকাৰীসকলে দ্ৰুতবেগী নেটৱৰ্ক সংযোগ লাভ কৰিব পাৰিব যিয়ে শিক্ষা, স্বাস্থ্য, ই-বাণিজ্য আৰু কৃষিৰ দৰে খণ্ডত বিভিন্ন ডিজিটেল সেৱা নিশ্চিত কৰি আৰ্থ-সামাজিক উন্নয়নৰ দিশত আগবঢ়াই নিব পাৰিব।

ভাৰত নেট আঁচনিৰ অধীনত ১,৩১০ খনতকৈও অধিক গাঁও পঞ্চায়তক অপ্টিকেল ফাইবাৰেৰে সংযোগ কৰা হৈছে আৰু ডিজিটেল অন্তৰ্ভুক্তি অনাৰ বাবে আৰু ১,১৫৬টাতকৈও অধিক টাৱাৰ স্থাপনৰ পৰিকল্পনা কৰা হৈছে। শেহতীয়াকৈ ইটানগৰত ৫জি সেৱা আৰম্ভ কৰা হৈছে আৰু ইয়াক অন্যান্য অঞ্চললৈও সম্প্ৰসাৰিত কৰা হ’ব।

ইয়াৰে এজন হিতাধিকাৰীয়ে নামনি দিবাং উপত্যকাৰ গাঁৱৰ পৰা ভাৰ্চুৱেলী সংযোগ স্থাপন কৰি টেলিকম সংযোগক লৈ আনন্দ প্ৰকাশ কৰে৷

অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী চৌনা মেইনে প্ৰশংসা কৰি কয় যে বিগত ৮ বছৰত ভাৰত চৰকাৰে ৰাজ্যখনত ৰে’ল, পথ আৰু দূৰসংযোগ ক্ষেত্ৰত বৃহৎ সংযোগ স্থাপনেৰে সামগ্ৰিক যোগাযোগ ব্যৱস্থাৰ উন্নয়ন সাধন কৰিছে৷

কেন্দ্ৰীয় যোগাযোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী দেৱুসিংহ চৌহানে সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰি যোগাযোগ ব্যৱস্থা সম্পূৰ্ণ কৰাৰ প্ৰচেষ্টাক শলাগ লয় আৰু লগতে ইটানগৰত ৰাষ্ট্ৰীয় ডাক কেন্দ্ৰ স্থাপন আৰু ৰাজ্যখনত ডাক সংযোগ অনাৰ বাবে বিভিন্ন পদক্ষেপৰ বিষয়েও উল্লেখ কৰে।

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে আজিৰ দিনটো ঐতিহাসিক দিন বুলি উল্লেখ কৰে। তেওঁ কয় যে ২০১৪ চনৰ পৰা অৰুণাচল প্ৰদেশত আন্তঃগাঁথনিগত পৰিৱৰ্তন হৈছে আৰু ইয়াৰ ফলত ৰূপান্তৰ হৈছে। ডিজিটেল অন্তৰ্ভুক্তিয়ে দুৰ্নীতি নিৰ্মূল আৰু ই-গভৰ্নেন্স স্থাপনত সহায় কৰিছে। তেওঁ লগতে কয় যে ১০০% ই-অফিচ ব্যৱহাৰ কৰা হৈছে আৰু অৰুণাচল প্ৰদেশ বিধানসভাই ই-বিধান প্ৰকল্প ৰূপায়ণ কৰিছে। তেওঁ লগতে কয় যে নিৰ্দিষ্ট সময়সীমাৰ পূৰ্বে বাকী থকা ঠাইসমূহ সামৰি লৈ সম্পূৰ্ণ কৰিবলৈ কেন্দ্ৰীভূত সমন্বয় আৰু সামগ্ৰিক প্ৰচেষ্টাৰ প্ৰয়োজন। তেওঁ এক আৰু একক এঘাৰ অভিসৰণৰ আৰ্হিত গুৰুত্ব দিয়ে, দুই নহয়। অৰুণাচল প্ৰদেশক কেৱল উদিত সূৰ্য্যৰ ভূমি বুলিয়েই নহয়, উদিত উন্নয়নৰ ভূমি বুলিও কোৱা হয়।

কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী শ্ৰী কিৰেন ৰিজিজুৱে চৰকাৰৰ সামগ্ৰিক দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যাৰ বাবে সকলো প্ৰকল্প ৰূপায়ণক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিষয়াৰ যৌথ প্ৰচেষ্টাৰ প্ৰয়োজন। ইউএছঅ’এফৰ অধীনত পৰিকল্পিত বাকী ১,১৫৬টা ৪জি টাৱাৰৰ বাবে ইতিমধ্যে স্থান চিনাক্ত কৰা হৈছে। আন এখন আঁচনিৰ অংশ হিচাপে অৰ্থাৎ ৪জি চেচুৰেচন আঁচনিৰ অংশ হিচাপে ২,৪২৪ টা ৪জি টাৱাৰ স্থাপন কৰা হ’ব, য’ত অধিক সংযোগ আনিবলৈ অ’এফচিৰ জৰিয়তে ২৭০টা ছাইট, মাইক্ৰৱেভৰ জৰিয়তে ১,২৩৭টা ছাইট আৰু ভিএছএটিৰ জৰিয়তে ৯১৭টা ছাইট অন্তৰ্ভুক্ত কৰা হৈছে। তদুপৰি, উপগ্ৰহ যোগাযোগৰ ব্যৱস্থাও সঠিক সংযোগৰ বাবে ব্যৱহাৰ কৰা হ’ব। তেওঁ লগতে কয় ভাইব্ৰেণ্ট গাঁৱৰ কাৰ্যসূচী আৰু সীমান্ত ঘাইপথে এক ব্যাপক উন্নয়ন আনিব আৰু নাগৰিকৰ জীৱন সলনি কৰিব। তেওঁ ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাৰ শলাগ লয় আৰু ২০২৪ চনৰ মাৰ্চ মাহৰ ভিতৰত যাতে কোনো গাঁও সংযোগবিহীন হৈ নাথাকে তাৰ বাবে মিছন মোডত কাম কৰিব লাগে বুলি আহ্বান জনায়। ২০৪৭ চনৰ ভিতৰত ভাৰতক উন্নত দেশ হিচাপে গঢ়ি তোলাৰ সপোন বাস্তৱ কৰাত সীমান্তৱৰ্তী অঞ্চলসমূহৰ বৃহৎ অৱদান থাকিব বুলিও উল্লেখ কৰে৷

কেন্দ্ৰীয় যোগাযোগ, ৰে’ল আৰু ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে তেওঁৰ ভাষণত জনায় কৰে যে এই টাৱাৰসমূহ দূৰ্গম স্থানত স্থাপন কৰা হৈছে, ব্যৱহাৰিক অসুবিধা সবকা প্ৰয়াসৰ স্পষ্ট উদাহৰণ। তেওঁ লগতে কয় যে যোগাযোগৰ গুৰুত্ব সকলোৰে বাবে দুৱাৰ আৰু সুযোগ মুকলি কৰে। তেওঁ লগতে উল্লেখ কৰে যে ক’ভিডৰ সময়ত আন দেশৰ হিতাধিকাৰীক সুবিধা প্ৰদান কৰাটো কিমান কঠিন আছিল, অৱশ্যে ভাৰতত ইণ্ডিয়া ষ্টেকৰ ফলপ্ৰসূ ব্যৱহাৰৰ সৈতে অৰ্থাৎ ইউপিআই, আধাৰ, টেলিকম নেটৱৰ্ক ইনফ্ৰাষ্ট্ৰাকচাৰ বিতৰণ আৰু অন্যান্য সকলো সেৱা ডিজিটেল আৰু এটা বুটামৰ ক্লিকতে পৰিচালনা কৰা হৈছিল৷ তেওঁ ১২,৬০০ ফুট উচ্চতাত থকা টাৱাঙত এটা টাৱাৰ স্থাপনৰ উদাহৰণ উল্লেখ কৰি দূৰ্গম স্থানৰ প্ৰত্যাহ্বান অতিক্ৰম কৰাত গুৰুত্ব আৰোপ কৰে। তেওঁৰ ভাষণৰ সামৰণিত এই কৃতিত্বৰ বাবে প্ৰতিৰক্ষা বাহিনী, জিলা প্ৰশাসন, সেৱা প্ৰদানকাৰী, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিষয়াসকলৰ বিভিন্ন সংস্থাক ধন্যবাদ জ্ঞাপন কৰে।

*****



(Release ID: 1919435) Visitor Counter : 105