প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ ‘চেন্নাইৰ এমজিআৰ চেন্নাই চেণ্ট্ৰেল ৰে’ল ষ্টেশ্যন’ত ‘চেন্নাই-কইম্বাটৰ বন্দে ভাৰত এক্সপ্ৰেছ’ৰ ‘ফ্লেগ অফ’ কৰে
प्रविष्टि तिथि:
08 APR 2023 6:16PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ চেন্নাইস্থিত ‘এমজিআৰ চেন্নাই কেন্দ্ৰীয় ৰে'ল ষ্টেশ্যন’ত ‘চেন্নাই-কইম্বাটৰ বন্দে ভাৰত এক্সপ্ৰেছ’ৰ শুভাৰম্ভ কৰে। অনুষ্ঠানস্থলীত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰীয়ে ‘চেন্নাই-কইম্বাটৰ বন্দে ভাৰত এক্সপ্ৰেছ’ পৰিদৰ্শন কৰে আৰু শিশুসকলৰ লগতে ৰে'লখনৰ কৰ্মচাৰীসকলৰ সৈতেও বাৰ্তালাপ কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে:
"চেন্নাই আৰু কোয়েম্বাটৰৰ দৰে সুন্দৰ চহৰ দুখনৰ মাজৰ যোগাযোগ ব্যৱস্থাক অধিক উন্নত কৰিব বন্দে ভাৰত এক্সপ্ৰেছ-য়ে। ৰেলখনৰ ‘ফ্লেগ অফ’ কৰিলো আৰু অনুষ্ঠানটোত যুৱ প্ৰজন্মৰ বন্ধুসকলকো লগ পাইছিলো।"
প্ৰধানমন্ত্ৰীৰ সৈতে তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ এন ৰবি, তামিলনাডুৰ মুখ্যমন্ত্ৰী শ্ৰী এম কে ষ্টালিন আৰু কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ উপস্থিত থাকে।
***
DS/TS/KB
(रिलीज़ आईडी: 1915127)
आगंतुक पटल : 165
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada