প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

চেন্নাই বিমানবন্দৰত নতুন অত্যাধুনিক ইণ্টিগ্ৰেটেড টাৰ্মিনেল ভৱন চেন্নাইৰ আন্তঃগাঁথনিত এক গুৰুত্বপূৰ্ণ সংযোজন হ'ব: প্ৰধানমন্ত্ৰী

Posted On: 06 APR 2023 11:26AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে চেন্নাই বিমানবন্দৰত নতুন অত্যাধুনিক ইণ্টিগ্ৰেটেড টাৰ্মিনেল ভৱন চেন্নাইৰ আন্তঃগাঁথনিৰ বাবে এক গুৰুত্বপূৰ্ণ সংযোজন হ'ব। শ্ৰী মোদীয়ে লগতে কয় যে ই সংযোগৰ সুবিধা বৃদ্ধি কৰিব আৰু স্থানীয় অৰ্থনীতিকো লাভান্বিত কৰিব।

এলানি টুইটত অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে জানিবলৈ দিয়ে যে চেন্নাই বিমানবন্দৰত নতুন অত্যাধুনিক ইণ্টিগ্ৰেটেড টাৰ্মিনেল ভৱনৰ প্ৰথম পৰ্যায়টো মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮ এপ্ৰিল ২০২৩ তাৰিখে উদ্বোধন কৰিবলৈ সাজু হৈছে।

অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;

"চেন্নাইৰ আন্তঃগাঁথনিত এইটো এক গুৰুত্বপূৰ্ণ সংযোজন হ'ব। ই সংযোগৰ সুবিধা বৃদ্ধি কৰিব আৰু স্থানীয় অৰ্থনীতিকো লাভান্বিত কৰিব।"

*****


DS/ST/MM


(Release ID: 1914402) Visitor Counter : 120