ৰাষ্ট্ৰপতি সচিবালয়
৬ ৰ পৰা ৮ এপ্ৰিললৈ ভাৰতৰ ৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণ
Posted On:
05 APR 2023 6:46PM by PIB Guwahati
ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মূয়ে ৬ ৰ পৰা ৮ এপ্ৰিল ২০২৩ তাৰিখলৈ অসম ভ্ৰমণ কৰিব।
২০২৩ চনৰ ৭ এপ্ৰিলত ৰাষ্ট্ৰপতিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গজ উৎসৱ-২০২৩ উদ্বোধন কৰিব। ইয়াৰ পিছত গুৱাহাটীত তেওঁ কাঞ্চনজংঘা পৰ্বত অভিযান-২০২৩ ৰ শুভাৰম্ভ কৰিব। একেদিনাই, তেওঁ গুৱাহাটীৰ গৌহাটি উচ্চ ন্যায়ালয়ৰ ৭৫ বছৰ বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত অনুষ্ঠানতো উপস্থিত থাকিব।
২০২৩ চনৰ ৮ এপ্ৰিলত ৰাষ্ট্ৰপতিগৰাকীয়ে তেজপুৰ বায়ু সেনা আস্থানত ছুখই ৩০ এমকেআই যুঁজাৰু বিমানৰ এক উড়নত অংশগ্ৰহণ কৰিব।
****
DS/BM
(Release ID: 1914006)
Visitor Counter : 269