প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় সামুদ্ৰিক সপ্তাহ আৰম্ভ হোৱাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে

प्रविष्टि तिथि: 31 MAR 2023 9:13AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় সামুদ্ৰিক সপ্তাহত বন্দৰ-নেতৃত্বাধীন উন্নয়ন আৰু অৰ্থনৈতিক সমৃদ্ধিৰ বাবে উপকূলসমূহক ব্যৱহাৰ কৰাৰ দিশত চলি থকা প্ৰচেষ্টাত শক্তি বৃদ্ধি কৰিবলৈ শুভেচ্ছা জনাইছে।

তেওঁ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ এটা টুইটৰ উত্তৰ দিয়ে, য'ত তেওঁ ৰাষ্ট্ৰীয় সামুদ্ৰিক সপ্তাহৰ আৰম্ভণি উপলক্ষে প্ৰধানমন্ত্ৰীৰ লেপ'লত প্ৰথম সামুদ্ৰিক পতাকা পিন কৰাৰ বিষয়ে অৱগত কৰিছিল। ৫ এপ্ৰিলত ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱসত ভাৰতৰ সামুদ্ৰিক পৰম্পৰাৰ গৌৰৱময় ইতিহাস উদযাপন কৰা হয়।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:

"ৰাষ্ট্ৰীয় সামুদ্ৰিক সপ্তাহই আমাৰ সমৃদ্ধ সামুদ্ৰিক ইতিহাসৰ সৈতে আমাৰ সংযোগ গভীৰ কৰাৰ সুযোগ হিচাপে কাম কৰক। ই বন্দৰ-নেতৃত্বৰ উন্নয়নআৰু অৰ্থনৈতিক সমৃদ্ধিৰ বাবে আমাৰ উপকূলসমূহক ব্যৱহাৰ কৰাৰ দিশত চলি থকা প্ৰচেষ্টাত শক্তি বৃদ্ধি কৰক।"

****

DS/MS


(रिलीज़ आईडी: 1913077) आगंतुक पटल : 126
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , English , Gujarati , Urdu , हिन्दी , Marathi , Manipuri , Punjabi , Odia , Tamil , Telugu , Kannada , Malayalam