উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

আজি শ্বিলঙত অসম ৰাইফলছৰ ১৮৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনত ভাষণ প্ৰদান ড’নাৰ, সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডীৰ

১৮৩৫ চনৰ পৰা অসম ৰাইফলছৰ সাহসিকতাৰ এক অনন্য উদাহৰণ আছে, লগতে সৰ্বাধিক সংখ্যক বীৰত্ব বঁটা প্ৰদান কৰাৰো গৌৰৱ আছে, যিটো কেৱল কৰ্তব্যৰ ক্ষেত্ৰত এই বাহিনীৰ বীৰ সৈনিকসকলৰ সৰ্বোচ্চ ত্যাগৰ জৰিয়তেহে সম্ভৱ হৈছে
প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী হৈছে যে অমৃতকালত উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ বিকাশৰ ইঞ্জিন হিচাপে প্ৰতিষ্ঠা কৰা হ'ব
এই দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি উত্তৰ-পূৰ্বাঞ্চলত এক নতুন যুগৰ আৰম্ভ হৈছে আৰু আন্তঃগাঁথনি, সংযোগ, শান্তি আৰু স্থিৰতাৰ ক্ষেত্ৰত উন্নয়ন ত্বৰান্বিত হৈছে
উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এই নতুন দৃষ্টান্ত লাভ কৰাত অসম ৰাইফলছৰ এক ডাঙৰ অৱদান আছে
শ্ৰী ৰেড্ডীয়ে দুৰ্যোগ ব্যৱস্থাপনা অভিযানৰ সময়ত বাহিনীৰ প্ৰচেষ্টাক প্ৰশংসা কৰে আৰু তেওঁলোকৰ শক্তি আৰু দলবদ্ধ কামৰ বিৰল প্ৰদৰ্শনৰ বাবে বাহিনীটোক NDRF ৰ এক গোট হিচাপে নিযুক্তি দিয়াৰ কথাক প্ৰশংসা কৰে

শ্ৰী জি কিষাণ ৰেড্ডীয়ে বাহিনীৰ ৰাইফল ওমেনসকলক উৎসাহিত কৰি কয় যে কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে শান্তিৰক্ষী বাহিনীলৈ তেওঁলোকৰ অৱদান অতুলনীয় আৰু তেওঁলোক ভাৰতৰ মহিলা শক্তিৰ প্ৰতীক হৈ উঠিছে

Posted On: 24 MAR 2023 12:58PM by PIB Guwahati

নাৰ, সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডীয়ে আজি শ্বিলঙত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম ৰাইফলছৰ ১৮৮ তম প্ৰতিষ্ঠা দিৱস উদযাপনত ভাষণ প্ৰদান কৰে। শ্ৰী জি কিষাণ ৰেড্ডীয়ে কয় যে অসম ৰাইফলছৰ ১৮৩৫ চনৰ পৰা সাহসিকতাৰ এক অনন্য গাঁথা আছে আৰু সৰ্বাধিক সংখ্যক বীৰত্ব বঁটা লাভ কৰাৰ গৌৰৱ অৰ্জন কৰিছে। তেওঁ লগতে কয় যে কৰ্তব্যৰ ক্ষেত্ৰত এই বাহিনীটোৰ বীৰ সৈনিকসকলৰ সৰ্বোচ্চ ত্যাগৰ জৰিয়তে এই অনন্য সাফল্য সম্ভৱ হৈছে।

শ্ৰী ৰেড্ডীয়ে কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ পৰা তেওঁৰ ভাষণৰ সময়ত "অমৃতকাল"ৰ যুগৰ সূচনা কৰে আৰু ৰাষ্ট্ৰৰ প্ৰগতিৰ ৰোডমেপৰ ওপৰত আলোকপাত কৰে। তেওঁ লগতে কয় যে এই অমৃতকালত উত্তৰ-পূৰ্বাঞ্চলভাৰতৰ বিকাশৰ ইঞ্জিন হিচাপে প্ৰতিষ্ঠা কৰাটোৱেই প্ৰধানমন্ত্ৰীৰ লক্ষ্য। তেওঁ কয় যে এই দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি উত্তৰ-পূত এক নতুন যুগৰ সূচনা হৈছে আৰু আন্তঃগাঁথনিয়েই হওক, বা যোগাযোগ-সংযোগেই হওক, শান্তি আৰু স্থিৰতা হওঁক, সকলো দিশতে দ্ৰুত উন্নয়ন ঘটিছে। শ্ৰী ৰেড্ডীয়ে কয়, ,০০০ তকৈও অধিক সশস্ত্ৰ কেডাৰে আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ উভতি আহিছে আৰু প্ৰধানমন্ত্ৰীৰ নেতৃত্বত কেইবাখনো শান্তি চুক্তি স্বাক্ষৰিত হৈছে।

শ্ৰী জি কিষাণ ৰেড্ডীয়ে অঞ্চলটোত চৰকাৰৰ বিভিন্ন সাফল্যৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে অঞ্চলটোৰ উন্নয়ন আৰু ১৭ টা নতুন বিমানবন্দৰ, ১.০৫ লাখ টকাৰ চলিত পথ প্ৰকল্প আৰু ৭৭,৯৩০ কোটি টকাৰ ৰে'ল প্ৰকল্পৰ দৰে কেইবাটাও বৃহৎ যোগাযোগ-সংযোগ প্ৰকল্প অব্যাহত ৰখাৰ বাবে যোৱা ৯ বছৰত ৫ লাখ কোটি টকাৰ অধিক ব্যয় কৰা হৈছে। আজি উত্তৰ-পূৰ প্ৰতিটো খণ্ডই জনসাধাৰণৰ বাবে উন্নয়নৰ অগণন সুযোগ মুকলি কৰাৰ বাবে ত্বৰান্বিত কৰা হৈছে।

তেওঁ লগতে কয় যে উত্তৰ-পূৱৰ বাবে এই নতুন দৃষ্টান্ত প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত অসম ৰাইফলছৰ এক ডাঙৰ অৱদান আছে। তেওঁ আৰু কয় যে শান্তিৰ এই যুগে আমাক উত্তৰ-পূৰ প্ৰকৃত সম্ভাৱনা উপলব্ধি কৰিবলৈ সক্ষম কৰিছে আৰু উত্তৰ-পূৰ ৰাজ্যসমূহত অনুষ্ঠিত হ'বলগীয়া বিভিন্ন জি-২০ সন্মিলনৰ সময়ত আমি এতিয়া বিশ্ব সম্প্ৰদায়ৰ সন্মুখত বিভিন্ন ক্ষেত্ৰত আমাৰ শক্তি আত্মবিশ্বাসেৰে প্ৰদৰ্শন কৰিব পাৰোঁ। তেওঁ লগতে কয় যে সমগ্ৰ উত্তৰ-পূৱতে অনুষ্ঠিত হ'বলগীয়া এই জি-২০ সন্মিলনসমূহে অষ্টলক্ষ্মী ৰাজ্যসমূহক ভাৰতৰ উন্নয়ন কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিব।

শ্ৰী ৰেড্ডীয়ে দুৰ্যোগ ব্যৱস্থাপনা অভিযানৰ সময়ত এই বাহিনীটোৱে কৰা প্ৰচেষ্টা প্ৰশংসা কৰে আৰু এনে সময়ত শক্তি আৰু দলবদ্ধ কামৰ বিৰল প্ৰদৰ্শনৰ বাবে বাহিনীটোক এন ডি আৰ এফৰ এক গোট হিচাপে নিযুক্তি দিয়াৰ কথাক প্ৰশংসা কৰে। শ্ৰী জি কিষাণ ৰেড্ডীয়ে অঞ্চলটোত নিচাজাতীয় সামগ্ৰী আৰু অন্যান্য ড্ৰাগছৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে যুঁজিবলৈ অসম ৰাইফলছে কৰি অহা প্ৰচেষ্টাকো প্ৰশংসা কৰে।

শ্ৰী জি কিষাণ ৰেড্ডীয়ে বাহিনীটোমহিলা সকলক উৎসাহিত কৰি কয় যে তেওঁলোকে কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে শান্তিৰক্ষী বাহিনীলৈ অৱদান আগবঢ়াইছে আৰু ভাৰতৰ মহিলা শক্তিৰ প্ৰতীক হোৱাৰ বাবে তেওঁলোকক প্ৰশংসা কৰে। তেওঁ লগতে কয় যে অসম ৰাইফলছে চিকিৎসা শিবিৰ, মহিলা সবলীকৰণ আঁচনি, ৰাষ্ট্ৰীয় একত্ৰীকৰণ, পৰ্যটন আদি বিভিন্ন অসামৰিক কাৰ্য প্ৰকল্পত উৎসাহেৰে অংশগ্ৰহণ কৰি আহিছে। তেওঁ লগতে কয় যে এনে ধৰণৰ সহযোগিতাই স্থানীয় লোকসকলক যথেষ্ট পৰিমাণে সহায় কৰিছে।

শ্ৰী ৰেড্ডীয়ে শেষত কয় যে অঞ্চলটোত নিৰাপত্তা আৰু স্থিৰতাৰ বাবে কৰা নিষ্ঠা, উৎসাহ আৰু ত্যাগৰ বাবে এই বাহিনীক 'উত্তৰ-পূৰ চেণ্টিনেল' আৰু 'পৰ্বতবাসীৰ বন্ধু' বুলি কোৱা হয়।

******

MG/RNM/RK


(Release ID: 1912236) Visitor Counter : 151