প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কলাবুৰাগীত স্থাপন হোৱা পিএম মিত্ৰ মেগা টেক্সটাইলছ পাৰ্কৰ বাবে কৰ্ণাটকক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 28 MAR 2023 5:50PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কলাবুৰাগীত পি এম মিত্ৰ মেগা টেক্সটাইলছ পাৰ্ক স্থাপনৰ বাবে কৰ্ণাটকবাসীক অভিনন্দন জ্ঞাপন কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পিয়ুষ গোৱালৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে।

‘কালাবুৰাগীত পি এম মিত্ৰ মেগা টেক্সটাইলছ পাৰ্ক স্থাপনৰ বাবে কৰ্ণাটকৰ মোৰ ভগ্নী-ভাইসকললৈ অভিনন্দন জ্ঞাপন কৰিছো। এই উদ্যানখনে কৰ্ণাটকৰ চহকী বস্ত্ৰ পৰম্পৰাক উদ্ভাসিত কৰাৰ লগতে জনসাধাৰণৰ বাবে কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি কৰিব।”

লোকসভাৰ সাংসদ ড০ উমেশ জি জাধৱৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে মেগা টেক্সটাইলছ পাৰ্কৰ জৰিয়তে দেশৰ বস্ত্ৰ বৈচিত্ৰ্যক বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰি এইদৰে কয়,

“কৰ্ণাটক আৰু বিশেষকৈ কালাবুৰাগীৰ বাবে সঁচাকৈয়ে এয়া এক বিশেষ দিন। এই বস্ত্ৰ উদ্যানৰ জৰিয়তে বিশ্বই ভাৰতৰ বস্ত্ৰ বৈচিত্ৰ্য আৰু আমাৰ জনসাধাৰণৰ সৃষ্টিশীলতাৰ আভাস পাব।

*****

DS/MS



(Release ID: 1912229) Visitor Counter : 80