প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰতৰ বন্দৰখণ্ডই দ্ৰুতগতিৰে অগ্ৰগতি লাভ কৰাৰ লগতে অৰ্থনৈতিক প্ৰগতিতো অৰিহণা আগবঢ়াইছে: প্ৰধানমন্ত্ৰী

Posted On: 16 MAR 2023 2:56PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত বছৰটোৰ তুলনাত চলিত বৰ্ষত টুতিকোৰিন ভিঅ'চি বন্দৰে  ১১.৩৫% বৃদ্ধিৰে লাভ কৰা সাফল্যৰ প্ৰশংসা কৰে। বন্দৰটোৱে ১৪ মাৰ্চ, ২০২৩ তাৰিখ পৰ্যন্ত ৩৬.০৩ নিযুত টন কাৰ্গো সৰবৰাহ কৰাৰ লগতে জাহাজ মন্ত্ৰালয়ে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে নিৰ্ধাৰণ কৰা ৩৬ নিযুত টনৰ লক্ষ্য  ১৭ দিন আগতে অতিক্ৰম কৰিছে।

তুতিকোৰিনৰ ভি অ চিদাম্বৰানাৰ বন্দৰ কৰ্তৃপক্ষৰ এটা টুইটৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

"ভাল কথা! ভাৰতৰ বন্দৰখণ্ডই দ্ৰুতগতিত অগ্ৰগতি লাভ কৰাৰ লগতে অৰ্থনৈতিক প্ৰগতিতো অৰিহণা আগবঢ়াইছে।"

 

***

DS/ST/KB



(Release ID: 1908013) Visitor Counter : 89