কেবিনেট সচিবালয়

১৪ মাৰ্চ, ২০২৩ত কেবিনেট সচিবৰ অধ্যক্ষতাত আগন্তুক গ্ৰীষ্মকাল আৰু প্ৰশমন ব্যৱস্থাৰ বাবে প্ৰস্তুতিৰ পৰ্য্যালোচনা বৈঠক সম্পন্ন

Posted On: 14 MAR 2023 7:07PM by PIB Guwahati

আজি কেবিনেট সচিব শ্ৰী ৰাজীৱ গৌবাৰ অধ্যক্ষতাত আগন্তুক গ্ৰীষ্মকাল আৰু প্ৰশমন ব্যৱস্থাৰ বাবে প্ৰস্তুতিৰ পৰ্য্যালোচনা কৰিবলৈ এখনি বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত সংশ্লিষ্ট কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগৰ সচিব আৰু গ্ৰীষ্মপ্ৰবাহ পৰিস্থিতি প্ৰৱণ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবসকল উপস্থিত থাকে।

ইয়াত ভাৰতৰ বতৰ বিজ্ঞান বিভাগে (IMD) বিশ্বৰ বতৰৰ অৱস্থা আৰু ২০২৩ৰ মাৰ্চৰপৰা মে’লৈকে উষ্ণতাৰ সম্ভাৱনা সন্দৰ্ভত এক প্ৰেজেনটেচন আগবঢ়ায়। ইয়াতে ২০২৩ৰ মাৰ্চৰ দ্বিতীয় পষেকৰ পূৰ্বাভাসো প্ৰদান কৰা হয়।

আইএমডিয়ে ২০২৩ৰ মাৰ্চৰপৰা মে’ৰ সময়ছোৱাৰ বাবে উষ্ণতাৰ সম্ভাৱনা সন্দৰ্ভত অৱগত কৰে যে উত্তৰ-পূব, পূব আৰু মধ্য ভাৰতৰ বেছিভাগ অঞ্চল আৰু উত্তৰ-পশ্চিম ভাৰতৰ কেতবোৰ অঞ্চলত স্বাভাৱিকতকৈ অধিক বেছি উষ্ণতাৰ সম্ভাৱনা আছে। আইএমডিয়ে লগতে জনাই যে দক্ষিণ ভাৰতৰ বাহিৰে দেশখনৰ বেছিভাগ অঞ্চলতে ন্যূনতম উষ্ণতা স্বাভাৱিকতকৈ অধিক হোৱাৰ সম্ভাৱনা অধিক। দক্ষিণ ভাৰতত স্বাভাৱিকৰপৰা স্বাভাৱিকতকৈ নিম্ন উষ্ণতাৰ সম্ভাৱনা থাকে।

আইএমডিয়ে আৰু জনাই যে ২০২৩ৰ মাৰ্চৰ বাকী সময়ছোৱাত গ্ৰীষ্ম প্ৰবাহৰ বিশেষ সম্ভাৱনা নাই। কিন্তু, মাৰ্চৰ শেষৰ সপ্তাহত ভাৰত-গংগা সমভূমি আৰু পূব ভাৰতৰ কেতবোৰ অঞ্চলত উষ্ণতা স্বাভাৱিকতকৈ ২-৩0 চেলছিয়াছ অধিক হ’ব পাৰে।

কৃষি আৰু কৃষক কল্যাণ বিভাগ (DoA&FW)ৰ সচিবে জনোৱা মতে, আজিৰ তাৰিখত ৰবি শস্যৰ অৱস্থা স্বাভাৱিক আৰু ঘেঁহুৰ উৎপাদন প্ৰায় ১১২.১৮ মেট্ৰিক টন হোৱাৰ সম্ভাৱনা আছে, যি পৰিমাণ এতিয়ালৈকে সৰ্বাধিক। তেওঁ আৰু জনাই যে কৃষি আৰু কৃষক কল্যাণ বিভাগ (DoA&FW)য়ে ঘেঁহুৰ প্ৰান্তিক তাপৰ প্ৰভাৱ নিৰীক্ষণ আৰু প্ৰশমন কৰিবলৈ কৃষি আয়ুক্তৰ নেতৃত্বত এখনি বিশেষজ্ঞ কমিটি গঠন কৰিছে। তদুপৰি, এখন আন্তঃমন্ত্ৰালয় কমিটি ক্ৰপ ৱেদাৰ ৱাটচ গ্ৰুপ (CWWG)য়ে প্ৰতি সপ্তাহতে শস্যৰ পৰিস্থিতি পৰ্য্যালোচনা কৰি আছে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় (MoHFW)ৰ সচিবে জনোৱা অনুসৰি, ২০২১ৰ জুলাইত মন্ত্ৰালয়টোৱে প্ৰকাশ কৰা তাপ সম্পৰ্কীয় দুৰ্বলতা সন্দৰ্ভত ৰাষ্ট্ৰীয় কাৰ্য্য পৰিকল্পনা (NAP-HRI)ত গ্ৰীষ্ম প্ৰবাহ, তাপ-সম্পৰ্কীয় দুৰ্বলতাই সৃষ্টি কৰা প্ৰত্যাহ্বান আৰু প্ৰাথমিক অৱস্থাৰপৰা তৃতীয় পৰ্য্যায়লৈকে ইয়াৰ ব্যৱস্থাপনাৰ ৰূপৰেখা দাঙি ধৰা হৈছে। তেওঁ ৰাজ্যসমূহক অত্যাৱশ্যকীয় মেডিচিন, ইন্ট্ৰাভেনাচ ফ্লুইড, আইচ পেক, অ’আৰএছ আৰু খোৱাপানীৰ ক্ষেত্ৰত স্বাস্থ্য সুবিধাৰ প্ৰস্তুতিৰ পৰ্য্যালোচনা কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। লগতে, তেওঁ সময়মতে অত্যাৱশ্যকীয় আইইচিৰ প্ৰচাৰ/সজাগতা আহিলাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। লগতে এয়া আঞ্চলিক ভাষাসমূহলৈয়ো অনুবাদ কৰিবলৈ কয়।

পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় (MoEF&CC)ৰ সঞ্চালক প্ৰধান (বন) [DG(F)]য়ে বনজুই ব্যৱস্থাপনাৰ বাবে কাৰ্য্য পৰিকল্পনা আৰু প্ৰস্তুতিৰ ৰূপৰেখা দাঙি ধৰে। ইয়াৰ ভিতৰত থাকে ফায়াৰ লাইন আৰু পানী সংগ্ৰহৰ কাঠামো সৃষ্টি, নিয়ন্ত্ৰণ জ্বলন আৰু ৰাজ্যিক বন বিভাগসমূহৰদ্বাৰা অধিক অগ্নি প্ৰৱণ অঞ্চলসমূহত অগ্নি নিৰীক্ষণকাৰীসকলক নিয়োজিতকৰণ। তেওঁ লগতে জনাই যে ভাৰতীয় বন সমীক্ষাই (FSI) বন অগ্নি (VAN AGNI) নামেৰে এটা বন জুই পূৰ্বাভাস ব্যৱস্থাৰ পৰ্টেল যুগুত কৰি উলিয়াইছে। ই অগ্নিকাণ্ডৰ-পূৰ্বে আৰু ‘ৰিয়েল টাইম’ বনজুইৰ সতৰ্কবাণী প্ৰদান কৰে।

গৃহ সচিবে এমএইচএ আৰু এনডিএমএৰ প্ৰচেষ্টাৰাজিৰ ৰূপৰেখা দাঙি ধৰি কয় যে ২০১৬ত গ্ৰীষ্ম প্ৰবাহ প্ৰতিৰোধ আৰু ব্যৱস্থাপনাৰ বাবে কাৰ্য্য পৰিকল্পনা প্ৰস্তুতৰ অৰ্থে ৰাষ্ট্ৰীয় নীতি-নিৰ্দেশনা জাৰি কৰা হৈছিল আৰু ২০১৭ তথা ২০১৯ত ইয়াৰ সংশোধন কৰা হয়। ৰাজ্যসমূহক তাপৰ কাৰ্য্য পৰিকল্পনা (HAP) প্ৰস্তুত আৰু সকলো স্তৰতে ইয়াক কাৰ্য্যকৰী কৰিবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে। ইয়াৰোপৰি, ২০২৩ৰ মাৰ্চ, এপ্ৰিল আৰু মে’ত দূৰদৰ্শন আৰু আকাশবাণীত সজাগতামূলক কাৰ্য্যক্ৰম প্ৰচাৰ কৰা হ’ব। এনডিএমএয়ে সকলো ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে সমাজ সজাগতা প্ৰচেষ্টাৰো নেতৃত্ব প্ৰদান কৰিব।

শক্তি মন্ত্ৰালয়ৰ সচিবে ২০২৩ৰ মাৰ্চৰ ভিতৰত শক্তি প্ৰকল্পসমূহৰ সকলো ৰক্ষণাবেক্ষণৰ কাম-কাজ সম্পূৰ্ণ কৰাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে পঞ্জাৱ আৰু ৰাজস্থানক কেপটিভ শক্তি প্ৰকল্পসমূহৰদ্বাৰা কয়লাৰ উৎপাদন বৃদ্ধি কৰিবলৈয়ো আহ্বান জনায়। খোৱাপানী ও অনাময়, জলসম্পদ, নদী উন্নয়ন ও গংগা পুনৰুজ্জীৱিতকৰণ আৰু পশুপালন ও দুগ্ধ বিভাগৰ সচিবসকলে খোৱাপানী, জলসিঞ্চন আৰু পশুখাদ্যৰে সম্পৰ্কীয় পৰামৰ্শমূলক ব্যৱস্থাসমূহৰ ৰূপৰেখা দাঙি ধৰে।

কেবিনেট সচিবজনে উল্লেখ কৰে যে ২০২৩ত স্বাভাৱিকতকৈ অধিক উষ্ণ গ্ৰীষ্মৰ সম্ভাৱনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে সংশ্লিষ্ট প্ৰত্যাহ্বানসমূহৰে মোকাবিলা কৰিবলৈ পৰ্য্যাপ্তভাৱে সাজু হোৱাটো প্ৰয়োজন। তেওঁ কয় যে কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগসমূহে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে ঘনিষ্ঠভাৱে জড়িত হৈ অনুকূল প্ৰস্তুতিৰ অৱস্থা নিশ্চিত কৰিছে আৰু সময়মতে প্ৰশমন ব্যৱস্থা ৰূপায়ণৰ পৰিকল্পনা কৰিছে। তেওঁ মুখ্য সচিবসকলক সংশ্লিষ্ট বিভাগীয় সচিব আৰু জিলা উপায়ুক্তসকলৰ সৈতে সম্ভাৱ্য গ্ৰীষ্ম প্ৰবাহৰ বাবে প্ৰস্তুতিৰ পৰ্য্যালোচনা কৰিবলৈ আহ্বান জনায়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় (MoHFW) আৰু এনডিএমএয়ে জাৰি কৰা পৰামৰ্শৰাজি আঞ্চলিক ভাষাসমূহলৈ অনুবাদেৰে ব্যাপকভাৱে প্ৰচাৰ কৰিব পাৰি। কেবিনেট সচিবজনে হেণ্ড পাম্পৰ মেৰামতি, অগ্নি নিৰীক্ষণ আৰু মক ড্ৰিল আদি প্ৰাথমিক প্ৰস্তুতিসমূহৰ প্ৰয়োজনীয়তা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। তেওঁ ৰাজ্যসমূহক কেন্দ্ৰীয় সংস্থাসমূহে তেওঁলোকৰ সৈতে ঘনিষ্ঠ সমন্বয় অব্যাহত ৰাখিব আৰু প্ৰয়োজনীয় সহায়ৰ বাবে সাজু হৈ থাকিব বুলি আশ্বাস প্ৰদান কৰে।

*****



(Release ID: 1906986) Visitor Counter : 103