প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

চিআইএছএফৰ জোৱানসকলক প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

Posted On: 10 MAR 2023 8:23AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ইয়াৰ জোৱানসকল আৰু তেওঁলোকৰ পৰিয়ালবৰ্গলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

এটা টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"প্ৰতিষ্ঠা দিৱস উপলক্ষে @CISFHQrsৰ সকলো জোৱানকে শুভেচ্ছা জনালো। আমাৰ নিৰাপত্তা ব্যৱস্থাত চিআইএছএফে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁলোকে গুৰুত্বপূৰ্ণ আৰু কৌশলগত আন্তঃগাঁথনিকে প্ৰমুখ্য কৰি প্ৰধান স্থানসমূহত ২৪ ঘন্টাই নিৰাপত্তা প্ৰদান কৰি আহিছে। এই বাহিনীটো কঠোৰ পৰিশ্ৰম আৰু পেছাদাৰী দৃষ্টিভংগীৰ বাবে সু-পৰিচিত।"

***

DS/ST/SB



(Release ID: 1905788) Visitor Counter : 65