আয়ুষ

পৰম্পৰাগত ঔষধৰ ওপৰত SCOৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু এক্সপো উদ্বোধন আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

পৰম্পৰাগত ঔষধৰ গোলকীয় কেন্দ্ৰ বিশ্ব স্বাস্থ্য সংস্থাই ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহক পৰম্পৰাগত ঔষধৰ শিক্ষা আৰু ইয়াৰ পদ্ধতি শক্তিশালী কৰাৰ বাবে সেইবোৰ দেশত কাৰ্যকৰী পদক্ষেপ লোৱাত সহায় কৰিব- শ্ৰী সৰ্বানন্দ সোণোৱাল

Posted On: 02 MAR 2023 2:55PM by PIB Guwahati

কেন্দ্ৰীয় আয়ুষ আৰু বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গুৱাহাটীত ছাংহাই সহযোগিতা সংস্থা চমুকৈ এছচিঅ'ৰ অধীনত পৰম্পৰাগত ঔষধৰ ওপৰত আয়োজন কৰা প্ৰথমখন B2B গ্লোবেল কনফাৰেন্স এণ্ড এক্সপো উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত ১৭ খন এছচিঅ' (৪ খন দেশে ভাৰ্চুৱেলি সংযোজিত) দেশৰ ১৫০ তকৈও অধিক প্ৰতিনিধি উপস্থিত থাকে। পৰম্পৰাগত ঔষধ সংক্ৰান্তীয় চাৰিদিনীয়া এক্সপোখন আজি মন্ত্ৰী সোণোৱালে এই একেটা চৌহদতে উদ্বোধন কৰে।

উদ্বোধনী ভাষণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, "ভাৰতে আয়ুৰ্বেদ আৰু অন্যান্য পৰম্পৰাগত ঔষধ প্ৰণালীৰ জৰিয়তে উপলব্ধ প্ৰাকৃতিক সম্পদৰ শ্ৰেষ্ঠতম ব্যৱহাৰ কৰি মানুহক স্বাস্থ্যসেৱা প্ৰদান কৰাৰ উপৰিও সাৰ্বজনীন স্বাস্থ্য কভাৰেজৰ লক্ষ্যত উপনীত কৰাৰ দিশত ব্যৱহাৰ কৰিছে। ভাৰতৰ সমৰ্থনত জামনগৰত স্থাপন কৰা বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত ঔষধৰ গ্লোবেল চেণ্টাৰ (WHO-GCTM)টোৱে সদস্য দেশসমূহক পৰম্পৰাগত ঔষধৰ শিক্ষা আৰু পদ্ধতি শক্তিশালী কৰাৰ বাবে তেওঁলোকৰ নিজ নিজ দেশত কাৰ্যকৰী পদক্ষেপ লোৱাত সহায় কৰিব।"

উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ আৰু আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে কেন্দ্ৰীয় আয়ুষ আৰু মহিলা আৰু শিশুকল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী মহেন্দ্ৰভাই মুঞ্জাপাৰা, ম্যানমাৰৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ থেট খাইং ৱিন, মালদ্বীপৰ উপ-স্বাস্থ্যমন্ত্ৰী ছাফিয়া মহম্মদ ছৈয়দ আৰু আয়ুষ দপ্তৰৰ সচিব বৈদ্য ৰাজেশ কোটেছাই অংশগ্ৰহণ কৰে।

কেন্দ্ৰীয় আয়ুষ আৰু মহিলা আৰু শিশুকল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী মহেন্দ্ৰভাই মুঞ্জাপাৰাই তেওঁৰ ভাষণত কয়, "ভাৰতে আয়ুৰ্বেদ, যোগ, উনানি, সিদ্ধ, ছোৱা-ৰিগপা আৰু হোমিঅ'পেথি (আয়ুষ)ৰ শিক্ষা আৰু অনুশীলনৰ গুণগত নিশ্চয়তাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰি আহিছে। আয়ুষ সামগ্ৰীৰ মানদণ্ড নিশ্চিত কৰাৰ বাবে বহুতো নিয়ামক ব্যৱস্থাৰ লগতে স্বীকৃতি প্ৰণালীও আছে। ভাৰতে পৰম্পৰাগত ঔষধ আৰু পশ্চিমীয়া ঔষধপ্ৰণালীক একত্ৰিত কৰাৰ বাবে দেশৰ "সংহত ঔষধ নীতি" বিকাশৰ বাবেও আগভাগ লৈছে। ইয়াৰ উপৰি নীতি বিকাশৰ বাবে যাৱতীয় প্ৰশিক্ষণ, গৱেষণা আৰু সুৰক্ষাও নিশ্চিত কৰিছে।"

ইফালে, ম্যানমাৰৰ স্বাস্থ্যমন্ত্ৰী ড০ থেট খাইং উইনে কয়, "ম্যানমাৰত পৰম্পৰাগত ঔষধক এক অমূল্য ৰাষ্ট্ৰীয় ঐতিহ্য হিচাপে গণ্য কৰা হৈছে, আমাৰ সংস্কৃতিত ইয়াৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। পৰম্পৰাগত ঔষধৰ বৰ্ধিত চাহিদাৰ সৈতে আমি প্ৰতিটো দিশতে পৰম্পৰাগত ঔষধৰ বিকাশত সহায় কৰি আহিছো।"

আনফালে অনুষ্ঠানত উপস্থিত থাকি মালদ্বীপৰ উপ-স্বাস্থ্যমন্ত্ৰী ছাফিয়া মহম্মদ ছৈয়দে এসময়ত কেনেদৰে পৰম্পৰাগত ঔষধেই লক্ষ লক্ষ লোকৰ উপাৰ্জনৰ মুখ্য উৎস আছিল, বিশেষকৈ উন্নয়নশীল দেশসমূহৰ গ্ৰামাঞ্চলৰ বাবে, সেই সন্দৰ্ভত আলোকপাত কৰে। তেওঁ এই ক্ষেত্ৰত শ্ৰেষ্ঠতম অনুশীলনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে বৰ্তমান এই পৰম্পৰাগত ঔষধ উদ্যোগটোক সহায় কৰিবলৈ আমাৰ আইনী পৰিকাঠামো আৰু নিৰ্দেশনাৰো অভাৱ আছে।

উল্লেখ্য যে ভাৰতকে ধৰি ১৭ খন দেশৰ ১৫০ ৰো অধিক প্ৰতিনিধিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে, য'ত স্বাস্থ্যমন্ত্ৰী, বিভিন্ন দপ্তৰৰ চৰকাৰী প্ৰতিনিধি, আৰু এছচিঅ' আৰু অংশীদাৰ দেশসমূহৰ বিদেশী ক্ৰেতাসকলৰ দৰে উচ্চ পৰ্যায়ৰ প্ৰতিনিধিও অন্তৰ্ভুক্ত আছে। এই অনুষ্ঠানতে ১৩ খন দেশৰ মুঠ ৭৫ জন বিদেশী বিষয়া আৰু ব্যৱসায়িক প্ৰতিনিধিয়েও ভাৰ্চুৱেলী অংশগ্ৰহণ কৰিছে। চীন, উজবেকিস্তান, কিৰ্গিজস্তান, কাজাখস্তানৰ চৰকাৰী প্ৰতিনিধিসকলেও ভাৰ্চুৱেলী অংশগ্ৰহণ কৰিছে এই অনুষ্ঠানত।

এই দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা সন্মিলনখনত পৰম্পৰাগত ঔষধ সামগ্ৰীৰ বাবে বিভিন্ন নিয়ামক পৰিকাঠামোৰ বিষয়ে আলোচনা কৰা হ’ব, ইয়াৰ ভিতৰত সন্নিৱিষ্ট থাকিব ফাৰ্মাকোপিয়া, মানদণ্ড নিশ্চিতি আৰু গৱেষণা, ভেষজ নিষ্কাশন, নিউট্ৰাচুটিকেল আদিৰ সৈতে পৰম্পৰাগত ঔষধৰ প্ৰচাৰৰ বাবে প্ৰয়োজনীয় এছচিঅ' আদি। এই আলোচনাত উৎপাদনকাৰী আৰু যোগানকাৰী আৰু চৰকাৰী হস্তক্ষেপৰ পৰা আৰম্ভ কৰি পৰম্পৰাগত ঔষধৰ প্ৰচাৰ প্ৰসাৰলৈকে সামৰি লোৱা হ’ব। নিৰ্দিষ্ট সামগ্ৰী অনুসৰি, ৰপ্তানি আৰু আমদানিৰ সুযোগৰ ওপৰত আলোচনা কৰাৰ বাবে আৰু এছচিঅ' দেশবোৰত বৰ্ধিত বজাৰৰ প্ৰৱেশাধিকাৰৰ সৈতে গভীৰ অৰ্থনৈতিক অংশীদাৰীত্বৰ বাবেও 'Know your buyer' আৰু ' B2B সভা'ৰ দৰে গুৰুত্বপূৰ্ণ অধিৱেশনৰ পৰিকল্পনা কৰা হৈছে।

উল্লেখ্য যে পৰম্পৰাগত ঔষধৰ ওপৰত চাৰিদিনীয়া এক্সপ’ও উদ্বোধন কৰা হয়। আয়ুষ উদ্যোগৰ লগতে বিদেশী পৰম্পৰাগত ঔষধ উদ্যোগ/ৰপ্তানিকৰ্তা/আমদানিকৰ্তাসকলেও এই এক্সপোত তেওঁলোকৰ সামগ্ৰী আৰু সেৱা প্ৰদৰ্শন কৰে। এই এক্সপোৰ উদ্দেশ্য হৈছে পৰম্পৰাগত ঔষধৰ বাণিজ্যিক সুযোগ মুকলি কৰা। স্মৰ্তব্য যে এই এক্সপোত আয়ুষ প্ৰতিষ্ঠান/পৰিষদ মন্ত্ৰালয়েও ইয়াৰ সাফল্যৰ কাহিনী প্ৰদৰ্শন কৰিবলৈ এক বিশেষ ষ্টল স্থাপন কৰিছে।

****

SK



(Release ID: 1903678) Visitor Counter : 103