আয়ুষ
azadi ka amrit mahotsav

আয়ুষ মন্ত্ৰালয়ৰ প্ৰথম ‘চিন্তন শিৱিৰ’ উদ্বোধন কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ

শ্ৰী সৰ্বানন্দ সোণোৱালে যুৱ গৱেষক আৰু বিজ্ঞানীসকলক প্ৰমাণভিত্তিক বৈজ্ঞানিক গৱেষণাৰ কাম আৰম্ভ কৰিবলৈ আহ্বান জনায়

আয়ুষক অধিক জনমুখী কৰিবলৈ ইয়াৰ উপকাৰিতা আৰু গৱেষণা সম্পৰ্কে স্থানীয় ভাষাসমূহত ব্যাখ্যা কৰাটো আৱশ্যকীয়ঃ শ্ৰী সৰ্বানন্দ সোণোৱাল

Posted On: 27 FEB 2023 4:36PM by PIB Guwahati

কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আয়ুষ মন্ত্ৰালয়ৰ প্ৰথম “চিন্তন শিৱিৰ” উদ্বোধন কৰে। মন্ত্ৰীজনে আয়ুষ খণ্ডৰ বিশাল সম্ভাৱনাৰ আলোকপাতেৰে যুৱ গৱেষক আৰু বিজ্ঞানীসকলক প্ৰমাণভিত্তিক বৈজ্ঞানিক গৱেষণাৰ কাম আৰম্ভ কৰিবলৈ আহ্বান জনায় আৰু আয়ুষক অধিক জনমুখী কৰিবলৈ এই ব্যৱস্থাৰ চিকিৎসা পদ্ধতিৰ উপকাৰিতা আৰু গৱেষণা সম্পৰ্কে স্থানীয় ভাষাসমূহত ব্যাখ্যা কৰাটো আৱশ্যকীয় বুলি কয়। 

শ্ৰী সৰ্বানন্দ সোণোৱালে লগতে কয় যে আয়ুষ ‘হিল ইন ইণ্ডিয়া’ আৰু ‘হিল বাই ইণ্ডিয়া’ বাতাবৰণৰ বাবে গুৰুত্বপূৰ্ণ। এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যতৰ দৃষ্টিভংগীৰ বাবেও আয়ুষ অতিশয় গুৰুত্বপূৰ্ণ। মাননীয় প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতৰ পৰম্পৰাগত চিকিৎসা ব্যৱস্থাই বৈশ্বিকভাৱে এটি স্থান লাভ কৰিছে।    

এই চিন্তন শিৱিৰত কেন্দ্ৰীয় আয়ুষ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ডাঃ মহেন্দ্ৰ মুঞ্জাপাৰা, আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেচা, আয়ুষ মন্ত্ৰালয়ৰ বিশেষ সচিব শ্ৰী প্ৰমোদ কুমাৰ পাঠককে প্ৰমুখ্য কৰি মন্ত্ৰালয়ৰ আন-আন জ্যেষ্ঠ বিষয়া আৰু বিশিষ্ট বক্তা, বিশেষজ্ঞ তথা বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

কেন্দ্ৰীয় আয়ুষ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ডাঃ মহেন্দ্ৰ মুঞ্জাপাৰাই আয়ুষত ডিজিটেল স্বাস্থ্য আৰু প্ৰযুক্তি শীৰ্ষক প্ৰথম অধিবেশনত অংশগ্ৰহণ কৰি কয়, “এতিয়া বিশ্বই আয়ুষৰ শক্তিক উপলব্ধি কৰিছে। ডিজিটেল স্বাস্থ্য, আয়ুষ গ্ৰীড, ডিজিটেল আৰু প্ৰযুক্তিগত অগ্ৰগতিৰ সহায়ত আয়ুষৰ শক্তিক প্ৰাথমিক স্বাস্থ্যসেৱাৰপৰা বিশেষীকৃত স্বাস্থ্য কেন্দ্ৰসমূহলৈকে প্ৰয়োগ কৰিব পৰা যাব।”

নতুন দিল্লীৰ মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ ঈশ্বৰ ভি. বাসৱৰেড্ডীয়ে পৰিচালনা কৰা ৱাই-ব্ৰেকত আয়ুষ মন্ত্ৰালয়ৰ বিষয়াসকলৰ সৈতে দুয়োজন মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে।

প্ৰথম দিনাৰ প্ৰথম অধিবেশন আয়ুষত ডিজিটেল স্বাস্থ্য আৰু প্ৰযুক্তি, দ্বিতীয় অধিবেশনত আয়ুষ গৱেষণাঃ ভৱিষ্যতৰ কৌশল, প্ৰত্যাহ্বান আৰু সন্মুখৰ পথ আৰু তৃতীয় অধিবেশনত আয়ুষ শিক্ষাঃ ভৱিষ্যতৰ পদক্ষেপ, সামৰ্থ্য বিকাশ, নিয়োগ সৃষ্টি আৰু এনইপি বিষয়ত আলোচনা কৰা হয়।

দ্বিতীয় দিনা আয়ুষ ড্ৰাগ উদ্যোগৰ সাম্প্ৰতিক প্ৰত্যাহ্বান আৰু সন্মুখৰ পথ, সেৱা আৰু আয়ুষ প্ৰডাক্টৰ মান নিৰ্ধাৰণ বিষয়ত অধিবেশন অনুষ্ঠিত হ’ব। পঞ্চম অধিবেশনত জনস্বাস্থ্যত আয়ুষ, প্ৰত্যাহ্বান আৰু সন্মুখৰ পথ বিষয়ত আলোচনা কৰা হ’ব আৰু ডেলিভাৰেবল আৰু ৰোডমেপৰ সৈতে প্ৰতিবেদন দাখিলৰে অন্ত পৰিব।

আয়ুষ প্ৰতিষ্ঠানসমূহৰ উন্নীতকৰণ আৰু প্ৰযুক্তিগত অগ্ৰগতিৰে ইয়াৰ একত্ৰীকৰণৰ বাবে ৰূপৰেখা অংকন তথা আয়ুষক নতুন শিক্ষা নীতিখনৰ সৈতে একত্ৰীকৰণৰ উপায় চিনাক্তকৰণৰ অৰ্থে উক্ত দুদিনীয়া চিন্তন শিৱিৰৰ আয়োজন কৰা হৈছে। লগতে ইয়াত বৰ্তমানৰ সেৱাসমূহৰ চিনাক্তকৰণৰ লগতে আয়ুষৰ সুবিধা গ্ৰহণৰ ক্ষেত্ৰত অগ্ৰগতি সাধনৰ সম্ভাৱনা সম্পৰ্কেও আলোচনা কৰা হ’ব।

………..


(Release ID: 1902820) Visitor Counter : 116