গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

মুদ্ৰাস্ফীতি ৰোধ কৰিব পৰাকৈ কেন্দ্ৰীয় চৰকাৰে ৩১ মাৰ্চ পৰ্যন্ত ঘেহুৰ ‘সংৰক্ষিত মূল্য’ পুনৰ হ্ৰাস কৰিছে


‘সংৰক্ষিত মূল্য’ৰ হ্ৰাসকৰণে ঘেহু আৰু ঘেহুৰে প্ৰস্তুত সামগ্ৰীৰ বজাৰ মূল্য হ্ৰাস কৰাত সহায় কৰিব

Posted On: 17 FEB 2023 4:59PM by PIB Guwahati

খাদ্য অৰ্থনীতিত মুদ্ৰাস্ফীতিৰ প্ৰৱণতা নিয়ন্ত্ৰণ কৰিবলৈ, ‘খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগ’ (ডিএফপিডি)য়ে ২০২৩ চনৰ ৩১ মাৰ্চ পৰ্যন্ত ‘সংৰক্ষিত মূল্য’ পুনৰ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে:

ক.      ‘মুক্ত বজাৰ বিপণন আঁচনি (ঘৰুৱা)’ {অএমএছএছ (ডি)ৰ অধীনত ঘেঁহু (এফএকিউ)ৰ বাবে ২১৫০টকা/কুইণ্টল.(সমগ্ৰ দেশতে) আৰু ব্যক্তিগত পক্ষক ঘেঁহু বিক্ৰীৰ বাবে ‘আৰএমএছ ২০২৩-২৪’ সহ সকলো প্ৰকাৰৰ ঘেঁহুৰ (ইউআৰএছ) বাবে ২১২৫টকা প্ৰতি কুইণ্টল(সমগ্ৰ দেশতে) হিচাপত সংৰক্ষিত মূল্য নিৰ্ধাৰণ কৰা হৈছে।

খ.      ৰাজ্যবোৰক ই-নিলামত অংশগ্ৰহণ নকৰাকৈ উপৰোক্ত প্ৰস্তাৱিত সংৰক্ষিত মূল্যত তেওঁলোকৰ নিজা আঁচনিৰ বাবে ‘ভাৰতীয় খাদ্য নিগম’ৰ পৰা ঘেঁহু ক্ৰয় কৰাৰ অনুমতি দিয়া হ'ব পাৰে।

সংৰক্ষিত মূল্য হ্ৰাসে গ্ৰাহকসকলৰ বাবে ঘেঁহু আৰু ঘেঁহুৰে প্ৰস্তুত সামগ্ৰীৰ বজাৰ মূল্য হ্ৰাস কৰাত সহায় কৰিব।

‘ভাৰতীয় খাদ্য নিগম’য়ে ১৭.০২.২০২৩ তাৰিখে এই সংশোধিত ‘সংৰক্ষিত মূল্য’ত ঘেঁহু বিক্ৰীৰ বাবে তৃতীয় ‘ই-নিলাম’ প্ৰক্ৰিয়া আৰম্ভ কৰিব। নিলাম মুকলি কৰা হ’ব ২২.০২.২০২৩ তাৰিখে।

‘মন্ত্ৰীমণ্ডল সমিতি’য়ে নিম্নলিখিত ধৰণে ‘মুক্ত বজাৰ বিপণন আঁচনি’ (অএমএছএছ)ৰ জৰিয়তে ‘ভাৰতীয় খাদ্য নিগম’ৰ ভাণ্ডাৰৰ পৰা ৩০লাখ মেট্ৰিক টন ঘেঁহু মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ক. ‘ভাৰতীয় খাদ্য নিগম’-ৰ দ্বাৰা অনুসৰণ কৰা সাধাৰণ প্ৰক্ৰিয়া অনুসৰি ব্যৱসায়ী, ময়দা কল আদিক ই-নিলাম প্ৰক্ৰিয়াৰে ২৫ লাখ মেট্ৰিক টন আগবঢ়োৱা হ'ব। নিবিদাকাৰীসকলে প্ৰতিটো নিলামত প্ৰতি অঞ্চলত সৰ্বাধিক ৩০০০ মেট্ৰিক টনৰ বাবে ‘ই-নিলাম’ত অংশগ্ৰহণ কৰিব পাৰিব।

খ. ‘ই-নিলাম’ৰ ব্যৱস্থা নোহোৱাকৈয়ে ৰাজ্য চৰকাৰসমূহক @10,000 মেট্ৰিক টন/ৰাজ্য আঁচনিৰ বাবে ২ লাখ মেট্ৰিকটন আগবঢ়োৱা হ'ব।

গ. ‘ই-নিলাম’ৰ ব্যৱস্থা নোহোৱাকৈয়ে কেন্দ্ৰীয় ভাণ্ডাৰ/এনচিচিএফ/নাফেড আদিৰ দৰে চৰকাৰী পিএছইউ/সমবায়/ফেডাৰেচনসমূহক ৩ লাখ মেট্ৰিক টন আগবঢ়োৱা হ'ব।

পৰৱৰ্তী সময়ত, বিভাগটোৱে কেন্দ্ৰীয় ভাণ্ডাৰ/ নাফেড/এনচিচিএফক তেওঁলোকৰ দাবী অনুসৰি ৩ লাখ মেট্ৰিক টন ঘেঁহুৰ আৱণ্টন দিয়ে। কেন্দ্ৰীয় ভাণ্ডাৰ, নাফেড আৰু এনচিচিএফক ক্ৰমে ১.৩২লাখ মেট্ৰিক টন, ১ লাখ মেট্ৰিক টন আৰু ০.৬৮ লাখ মেট্ৰিক টন আৱণ্টন দিয়া হৈছিল।

তদুপৰি, এনচিচিএফ/নাফেড/কেন্দ্ৰীয় ভাণ্ডাৰ/ৰাজ্য চৰকাৰৰ সমবায়/ফেডাৰেচন আদিৰ লগতে সামূহিক পাকঘৰ /দাতব্য/এনজিঅ' আদিক বিক্ৰী কৰাৰ বাবে ১০.০২.২০২৩ তাৰিখে ঘেঁহুৰ দাম ২১.৫০ টকা/কিলোগ্ৰামলৈ হ্ৰাস কৰা হয়। সংশ্লিষ্টসকলে ঘেঁহুৰ পৰা আটা প্ৰস্তুত কৰি গ্ৰাহকক ২৭ টকা দৰত বিক্ৰী কৰিব।

***

AD/NS/KB



(Release ID: 1900624) Visitor Counter : 124