ৰাষ্ট্ৰপতি সচিবালয়
প্ৰেছ বিজ্ঞপ্তি
Posted On:
12 FEB 2023 9:16AM by PIB Guwahati
ৰাষ্ট্ৰপতিয়ে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে শ্ৰী ভগত সিংহ কোশিয়াৰী আৰু লাডাখৰ উপৰাজ্যপাল হিচাপে শ্ৰী ৰাধা কৃষ্ণণ মাথুৰৰ ইস্তফাক স্বীকৃতি দিছে।
ৰাষ্ট্ৰপতিয়ে নিম্নলিখিত নিযুক্তি প্ৰদান কৰি সন্তুষ্টি প্ৰকাশ কৰে:-
(i) লেফটেনেণ্ট জেনেৰেল কৈৱল্য ত্ৰিবিক্ৰম পৰনাইক, পিভিএছএম, ইউৱাইএছএম, ৱাইএছএম (সেৱানিবৃত্ত)ৰ অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল হিচাপে নিযুক্তি
(ii) শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ছিক্কিমৰ ৰাজ্যপাল হিচাপে নিযুক্তি
(iii) শ্ৰী চি পি ৰাধাকৃষ্ণণৰ ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি
(iv) শ্ৰী শিৱ প্ৰতাপ শুক্লাৰ হিমাচল প্ৰদেশৰ ৰাজ্যপাল হিচাপে নিযুক্তি
(v) শ্ৰী গুলাব চন্দ কাটাৰিয়াৰ অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি
(vi) শ্ৰী ন্যায়মূৰ্তি (সেৱানিবৃত্ত) এছ আব্দুল নজীৰৰ অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যপাল হিচাপে নিযুক্তি
(vii) অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যপাল শ্ৰী বিশ্ব ভূষণ হৰিচন্দনৰ ছত্তিশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি
(viii) ছত্তিশগড়ৰ ৰাজ্যপাল শ্ৰীমতী অনুসুয়া উইকেৰ মণিপুৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি
(ix) মণিপুৰৰ ৰাজ্যপাল শ্ৰী লা গণেশনৰ নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি
(x) বিহাৰৰ ৰাজ্যপাল শ্ৰী ফাগু চৌহানৰ মেঘালয়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি
(xi) হিমাচল প্ৰদেশৰ ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰৰ বিহাৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি
(xii) ঝাৰখণ্ডৰ ৰাজ্যপাল শ্ৰী ৰমেশ বেছৰ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি
(xiii) অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেডিয়াৰ (ডাঃ) শ্ৰী বি ডি মিশ্ৰ (সেৱানিবৃত্ত)ৰ লাডাখৰ উপৰাজ্যপাল হিচাপে নিযুক্তি
উপৰোক্ত নিযুক্তিসমূহ সংশ্লিষ্ট কাৰ্যালয়সমূহৰ দায়িত্ব গ্ৰহণ কৰাৰ তাৰিখৰ পৰা কাৰ্যকৰী হ'ব।
***
DS/AK
(Release ID: 1898693)