উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

"হৰ ঘৰ ধ্যান" অভিযানৰ অধীনত ধ্যান আৰু মানসিক স্বাস্থ্য বিষয়ক এক ঘণ্টাযোৰা পৰিচয়মূলক অধিৱেশনৰ আয়োজন কৰে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ে

प्रविष्टि तिथि: 31 JAN 2023 10:37AM by PIB Guwahati

"আজাদী কা অমৃত মহোৎসৱ"ৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ে নতুন দিল্লীৰ বিজ্ঞান ভৱনৰ সৈতে সংলগ্ন ভৱনত তেওঁলোকৰ বিষয়া/কৰ্মচাৰীসকলৰ বাবে "হৰ ঘৰ ধ্যান" অভিযানৰ অধীনত ধ্যান আৰু মানসিক স্বাস্থ্যৰ ওপৰত এক ঘণ্টাযোৰা এক পৰিচয়মূলক অধিৱেশনৰ আয়োজন কৰে।

অধিৱেশনখনত সভাপতিত্ব কৰে আৰ্ট অৱ লিভিঙৰ শ্ৰীমতী অৰুণিমা সিনহা আৰু শ্ৰীযুত সুয়শ ৰাজ শিৱমে।

অধিৱেশনখনত অংশগ্ৰহণকাৰীসকলক মানসিক আৰু আৱেগিক স্বাস্থ্যৰ ওপৰত সজাগ কৰা হয়, ধ্যানৰ এক সৰল আৰু সহজতে কৰিব পৰা অনুশীলন আৰু আত্ম-উন্নতিৰ নিৰন্তৰ যাত্ৰাৰ বাবে বহু সমল প্ৰদান কৰে।

উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ে জীৱনৰ সকলো স্তৰৰ লোকৰ বাবে অদূৰ ভৱিষ্যতে ধ্যান আৰু মানসিক স্বাস্থ্যৰ অভ্যাসক নতুন শিখৰলৈ আগবঢ়াই নিয়াৰ বাবে কাম কৰি যাবলৈ আগ্ৰহ প্ৰকাশ কৰে ।

 

***

MG/RK/KG


(रिलीज़ आईडी: 1895269) आगंतुक पटल : 161
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Tamil , Telugu