বিত্ত মন্ত্ৰালয়

সকলোৰে বাবে গুণগত শিক্ষা নিশ্চিতকৰণৰ অৰ্থে চৰকাৰ অংগীকাৰবদ্ধ


’২২ বিত্তীয় বৰ্ষত ২৬.৫ কোটি শিশুৱে বিদ্যালয়ত নামভৰ্তি কৰিছে

‘২২ বিত্তীয় বৰ্ষত অতিৰিক্তভাৱে ১৯.৪ লাখ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰাথমিকৰপৰা উচ্চতৰ মাধ্যমিক পৰ্য্যায়ত নামভৰ্তি কৰে

শেহতীয়া বছৰ কেইটাত সকলো স্তৰতে ছাত্ৰী আৰু ছাত্ৰ উভয়ৰে স্কুল ড্ৰপআউটৰ হাৰ ক্ৰমাগতভাৱে হ্ৰাস পাইছে

’২২ বিত্তীয় বৰ্ষত বিশেষ প্ৰয়োজনীয়তা থকা শিশু (CWSN) ৰ নামভৰ্তি ৩.৩% বৃদ্ধি অৰ্থাৎ ’২১ বিত্তীয় বৰ্ষত ২১.৯ লাখৰ তুলনাত ২২.৭ লাখ

‘১৩ বিত্তীয় বৰ্ষৰপৰা ‘২২ বিত্তীয় বৰ্ষলৈকে সকলো স্তৰতে ছাত্ৰ-শিক্ষকৰ অনুপাত ক্ৰমাগতভাৱে উন্নত হৈছে

পিএম-শ্ৰী ৰ অধীনত ১৪,৫০০ ৰোধিক বিদ্যালয়ক আদৰ্শ বিদ্যালয় হিচাপে গঢ়ি তোলা হ'ব, ২০ লাখৰো অধিক ছাত্ৰ-ছাত্ৰী লাভান্বিত হ'ব

ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান (IIITS) ৰ সংখ্যা ২০১৪ ত ৯ ৰ বিপৰীতে ২০২২ ত ২৫ লৈ বৃদ্ধি পাইছে

উচ্চ শিক্ষাত মুঠ নামভৰ্তি ‘২০ বিত্তীয় বৰ্ষত ৩.৯ কোটিৰপৰা ’২১ বিত্তীয় বৰ্ষত প্ৰায় ৪.১ কোটিলৈ বৃদ্ধি পাইছে

উচ্চ শিক্ষাৰ ক্ষেত্ৰত ’১৫ বিত্তীয় বৰ্ষৰপৰা নামভৰ্তিৰ হাৰ ২১ শতাংশ বৃদ্ধি

উচ্চ শিক্ষাত মহিলাৰ নামভৰ্তি ‘২০ বিত্তীয় বৰ্ষত ১

Posted On: 31 JAN 2023 1:39PM by PIB Guwahati

সমীক্ষা অনুসৰি, ৰাষ্ট্ৰসংঘৰ এছডিজি (SDG4) ৰ অধীনত লক্ষ্য ৪ হিচাপে তালিকাভুক্ত হোৱা গুণগত শিক্ষাৰ লক্ষ্য হৈছে ২০৩০ ৰ ভিতৰত “অন্তৰ্ভুক্ত আৰু সমতাপূৰ্ণ গুণগত শিক্ষাৰ নিশ্চিতকৰণ আৰু সকলোৰে বাবে আজীৱন শিক্ষণৰ সুযোগক প্ৰোৎসাহিতকৰণ”। এনে প্ৰেক্ষাপটতে ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ ক দেশখনৰ একাধিক ক্ৰমবৰ্ধমান উন্নয়নমূলক আৱশ্যকতাৰে মোকাবিলাৰ লক্ষ্যৰে একবিংশ শতিকাৰ প্ৰথম শিক্ষা নীতি হিচাপে প্ৰণয়ন কৰা হৈছিল। এই নীতিয়ে শিক্ষাৰ গাঁথনিৰ সকলো দিশৰ পুনৰীক্ষণ আৰু সংস্কাৰৰ পোষকতা কৰে। আজি সংসদত কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনে ২০২২-২৩ ৰ অৰ্থনৈতিক সমীক্ষা দাখিল কৰে।

বিদ্যালয়ত নামভৰ্তিঃ

’২২ বিত্তীয় বৰ্ষত বিদ্যালয়সমূহত মুঠ নামভৰ্তিৰ অনুপাত (GER) ৰ উন্নতি সাধন আৰু লিংগ সমতাৰ অগ্ৰগতি প্ৰত্যক্ষ হয়। ৬ ৰপৰা ১০ বছৰ বয়সৰ শিশুৰ শতাংশ হিচাপে প্ৰথম ৰপৰা পঞ্চম শ্ৰেণীত প্ৰাথমিক-নামভৰ্তিত জিইআৰৰ ‘২২ বিত্তীয় বৰ্ষত ছাত্ৰীৰ লগতে ছাত্ৰৰ ক্ষেত্ৰতো অগ্ৰগতি হয়। এই অগ্ৰগতিয়ে ’১৭ বিত্তীয় বৰ্ষ আৰু ’১৯ বিত্তীয় বৰ্ষৰ মাজত হোৱা হ্ৰাসৰ প্ৰৱণতাৰ এক বিপৰীত ছবি প্ৰতিফলিত কৰিছে। উচ্চ প্ৰাথমিকত জিইআৰ (১১-১৩ বছৰ বয়সৰ কিশোৰ-কিশোৰীৰ শতাংশ হিচাপে ষষ্ঠ ৰপৰা অষ্টম শ্ৰেণীত নামভৰ্তি), ‘১৭ বিত্তীয় বৰ্ষ আৰু ’১৯ বিত্তীয় বৰ্ষৰ মাজত স্থবিৰ হোৱাৰ বিপৰীতে ’২২ বিত্তীয় বৰ্ষত উন্নত হৈছে। প্ৰাথমিক আৰু উচ্চ-প্ৰাথমিক পৰ্য্যায়ৰ সংশ্লিষ্ট বয়সৰ গোটবোৰত, ছাত্ৰীৰ জিইআৰ ছাত্ৰতকৈ ভাল।

বিদ্যালয়সমূহত মুঠ নামভৰ্তিৰ অনুপাত

 

’২২ বিত্তীয় বৰ্ষত ২৬.৫ কোটি শিশুৱে বিদ্যালয়ত নামভৰ্তি কৰিছে। ‘২২ বিত্তীয় বৰ্ষত অতিৰিক্তভাৱে ১৯.৪ লাখ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰাথমিকৰপৰা উচ্চতৰ মাধ্যমিক পৰ্য্যায়ত নামভৰ্তি কৰে। ’২২ বিত্তীয় বৰ্ষত বিশেষ প্ৰয়োজনীয়তা থকা শিশু (CWSN) ৰ নামভৰ্তি ৩.৩% বৃদ্ধি পাইছে অৰ্থাৎ ’২১ বিত্তীয় বৰ্ষত ২১.৯ লাখৰ তুলনাত ২২.৭ লাখ। প্ৰাক-প্ৰাথমিক পৰ্য্যায়ৰ বাহিৰে সকলো স্তৰ যথাঃ প্ৰাথমিক, উচ্চ-প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকত নামভৰ্তি বৃদ্ধি পাইছে। প্ৰাক-প্ৰাথমিক পৰ্য্যায়ত নামভৰ্তিৰ হাৰ ‘২১ বিত্তীয় বৰ্ষত ১.১ কোটিৰপৰা ‘২২ বিত্তীয় বৰ্ষত ১.০ কোটিলৈ হ্ৰাস পাইছে। বছৰটোত প্ৰায় ১.০ কোটি শিশুৰ প্ৰাক-প্ৰাথমিক, ১২.২ কোটিৰ প্ৰাথমিক, ৬.৭ কোটিৰ উচ্চ প্ৰাথমিক, ৩.৯ কোটিৰ মাধ্যমিক আৰু ২.৯ কোটিৰ উচ্চতৰ মাধ্যমিকত নামভৰ্তি হয়।

স্কুল ড্ৰপআউট

শেহতীয়া বছৰ কেইটাত সকলো স্তৰতে ছাত্ৰী আৰু ছাত্ৰ উভয়ৰে স্কুল ড্ৰপআউটৰ হাৰ ক্ৰমাগতভাৱে হ্ৰাস পাইছে। সমগ্ৰ শিক্ষা, আৰটিই আইন, বিদ্যালয়ৰ উন্নত আন্তঃগাঁথনি আৰু সা-সুবিধা, আৱাসিক হোষ্টেল ভৱন, শিক্ষক-শিক্ষয়িত্ৰীৰ উপলব্ধতা, শিক্ষক-শিক্ষয়িত্ৰীৰ নিয়মীয়া প্ৰশিক্ষণ, বিনামূলীয়া পাঠ্যপুথি, শিশুৰ বাবে ইউনিফৰ্ম, কস্তুৰবা গান্ধী বালিকা বিদ্যালয় আৰু পিএম পোষণ আঁচনিৰ দৰে ব্যৱস্থাসমূহে বিদ্যালয়ত শিশুৰ নামভৰ্তি আৰু তেওঁলোকৰ মনোযোগ ধৰি ৰখাত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

স্কুল ড্ৰপআউটৰ হাৰ

 

বিদ্যালয়ৰ আন্তঃগাঁথনি

বিদ্যালয়, সুবিধা আৰু ডিজিটেলাইজেশ্যনৰ ৰূপত শিক্ষাৰ আন্তঃগাঁথনিৰ লগতে শিক্ষা-বিজ্ঞানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বিদ্যালয়সমূহত প্ৰাথমিক আন্তঃগাঁথনিৰ সুবিধা – স্বীকৃত বিদ্যালয়ৰ সংখ্যা তথা শিক্ষাৰ্থী-শিক্ষক অনুপাতত শিক্ষকৰ উপলব্ধতা উভয়তে ’২২ বিত্তীয় বৰ্ষত অগ্ৰগতি দেখা গৈছে।

বিদ্যালয়সমূহৰ মৌলিক সুবিধাসমূহৰ ক্ষেত্ৰত পূৰ্বৰ বছৰসমূহৰ তুলনাত ’২২ বিত্তীয় বৰ্ষত অগ্ৰগতি সাধন অব্যাহত আছিল। শৌচাগাৰ (ছাত্ৰী বা ছাত্ৰ), খোৱাপানী, হাত ধোৱাৰ ব্যৱস্থা এতিয়া বেছিভাগ চৰকাৰী বিদ্যালয়তে উপলব্ধ। সমগ্ৰ শিক্ষা আঁচনিৰ অধীনত বিদ্যালয়সমূহত খোৱাপানী আৰু অনাময় ব্যৱস্থাত অগ্ৰাধিকাৰ প্ৰদানৰ লগতে স্বচ্ছ ভাৰত মিছনে প্ৰয়োজনীয় সম্পদ যোগান ধৰাত সহায় কৰিছে। সমগ্ৰ শিক্ষা আঁচনিৰ তথ্য আৰু যোগাযোগ প্ৰযুক্তি (ICT) ৰ অধীনত চৰকাৰে বিদ্যালয়ত স্মাৰ্ট শ্ৰেণীকোঠা আৰু আইচিটি লেব স্থাপনৰ বাবে সমৰ্থন আগবঢ়াইছে। এই ক্ষেত্ৰত হাৰ্ডৱেৰ, শিক্ষামূলক চফ্টৱেৰ আৰু পাঠদানৰ বাবে ই-কন্টেন্টৰ সমৰ্থন আগবঢ়োৱা হৈছে।

বিদ্যালয়ৰ আন্তঃগাঁথনিৰ অগ্ৰগতি সাধন

 

শিক্ষাৰ মানদণ্ডৰ উন্নতি সাধনৰ ক্ষেত্ৰত এক সূচক শিক্ষাৰ্থী-শিক্ষকৰ অনুপাতৰদ্বাৰা পৰিমাপ কৰা শিক্ষকৰ উপলব্ধতা ’১৩ বিত্তীয় বৰ্ষৰপৰা ’২২ বিত্তীয় বৰ্ষলৈ সকলো পৰ্য্যায়তে নিৰন্তৰভাৱে উন্নত হৈছেঃ প্ৰাথমিক পৰ্য্যায়ত ৩৪.০ ৰপৰা ২৬.২ লৈ, উচ্চ প্ৰাথমিকত ২৩.০ ৰপৰা ১৯.৬ লৈ, মাধ্যমিকত ৩০.০ ৰপৰা ১৭.৬ লৈ আৰু উচ্চতৰ পৰ্য্যায়ত ৩৯.০ ৰপৰা ২৭.১ লৈ। বিদ্যালয়ৰ সংখ্যা, শিক্ষকৰ উপলব্ধতা আৰু বিদ্যালয়ত সা-সুবিধাৰ অগ্ৰগতি সাধনে নামভৰ্তি বৃদ্ধি আৰু ড্ৰপআউটৰ হাৰ হ্ৰাসত সহায় কৰিব বুলি আশা কৰা হৈছে।

’২৩ বিত্তীয় বৰ্ষত শুভাৰম্ভ কৰা বিদ্যালয় শিক্ষাৰ ভিন্ন কাৰ্য্যক্ৰম আৰু আঁচনি তলত উল্লেখ কৰা হৈছে।

  • পিএম স্কুলছ ফৰ ৰাইজিং ইণ্ডিয়াঃ চৰকাৰে ৭ ছেপ্টেম্বৰ, ২০২২ ত পিএম স্কুলছ ফৰ ৰাইজিং ইণ্ডিয়া (PM SHRI) শীৰ্ষক এক কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতা কৰা আঁচনি (CSS) ৰ শুভাৰম্ভ কৰে। আঁচনিখনৰ অধীনত, কেন্দ্ৰীয় চৰকাৰ/ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰ/স্থানীয় সংস্থাসমূহৰদ্বাৰা পৰিচালিত বিদ্যালয়সমূহৰ মাজৰপৰা বিদ্যমান বিদ্যালয়সমূহক শক্তিশালীকৰণেৰে ’২৩ বিত্তীয় বৰ্ষৰপৰা ’২৭ বিত্তীয় বৰ্ষলৈ ১৪,৫০০ ৰোধিক ‘পিএম-শ্ৰী’ বিদ্যালয় স্থাপনৰ ব্যৱস্থা কৰা হৈছে। এই বিদ্যালয়সমূহ আধুনিক আন্তঃগাঁথনিৰে সজ্জিত হ'ব আৰু এইসমূহত এনইপিৰ ৰূপায়ণক থূপাই প্ৰদৰ্শন কৰা হ'ব আৰু চমু সময়ৰ ভিতৰতে অনুকৰণীয় বিদ্যালয় হিচাপে আত্মপ্ৰকাশৰ ব্যৱস্থা কৰা হ'ব তথা এই বিদ্যালয়সমূহে নিকটৱৰ্তী বিদ্যালয়সমূহক নেতৃত্ব প্ৰদান কৰিব। ২০ লাখৰো অধিক শিক্ষাৰ্থী আঁচনিখনৰ প্ৰত্যক্ষ হিতাধিকাৰী হ'ব বুলি আশা কৰা হৈছে।
  • বুনিয়াদী পৰ্য্যায়ৰ বাবে ৰাষ্ট্ৰীয় পাঠ্যক্ৰম কাঠামো (NCF): ফাউণ্ডেশ্যন পৰ্য্যায়ৰ বাবে এনচিএফক নতুন ৫+৩+৩+৪ পাঠ্যক্ৰমৰ গাঁথনি হিচাপে আৰম্ভ কৰা হৈছে যিয়ে ৩ ৰপৰা ৮ বছৰ বয়সৰ সকলো শিশুৰ বাবে আৰম্ভণিমূলক শিশুৰ যত্ন আৰু শিক্ষাক সংহত কৰিছে।
  • বালবাটিকাৰ পাইলট প্ৰজেক্টঃ ৩+, ৪+ আৰু ৫+ বছৰ বয়সৰ শিশুৰ জ্ঞানভিত্তিক, ভাৱাত্মক আৰু মনোপ্ৰেৰণামূলক ক্ষমতা বিকাশৰ ওপৰত গুৰুত্ব আৰোপৰ লগতে তেওঁলোকৰ প্ৰাৰম্ভিক সাক্ষৰতা আৰু গণনাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰকল্প বালবাটিকা, অৰ্থাৎ 'প্ৰস্তুতিমূলক শ্ৰেণী', ২০২২ ৰ অক্টোবৰত ৪৯ খন কেন্দ্ৰীয় বিদ্যালয়ত মুকলি কৰা হয়।
  • খেলনা-ভিত্তিক শিক্ষাবিজ্ঞানৰ বাবে এখন হাতপুথি
  • নিৰ্দিষ্ট শিক্ষণ অক্ষমতাৰ শিশুৰ বাবে স্ক্ৰিনিং সঁজুলি (মবাইল এপ)
  • ৰাষ্ট্ৰীয় ক্ৰেডিট কাঠামো
  • ৰাজ্যসমূহৰ পাঠদান-শিক্ষণ আৰু ফলাফলৰ উন্নীতকৰণ (STARS):
  • বিদ্যাঞ্জলি (এটি বিদ্যালয় স্বেচ্ছাসেৱী পদক্ষেপ): এই কাৰ্য্যক্ৰমে সমগ্ৰ ৰাষ্ট্ৰৰ প্ৰায় ১১,৩৪,২১৮ জন ছাত্ৰ-ছাত্ৰীক সফলতাৰে প্ৰভাৱিত কৰিবলৈ সক্ষম হৈছে।
  • সমগ্ৰ শিক্ষা আঁচনিঃ প্ৰাক-বিদ্যালয়ৰপৰা দ্বাদশ শ্ৰেণীলৈকে বিস্তৃত বিদ্যালয় শিক্ষা খণ্ডটোৰ বাবে এক সামগ্ৰিক কাৰ্য্যসূচী। সমগ্ৰ শিক্ষা আঁচনিখন এনইপি, ২০২০ ৰ পৰামৰ্শৰে সংগতি ৰাখি ২২ বিত্তীয় বৰ্ষৰপৰা ২৬ বিত্তীয় বৰ্ষলৈ সম্প্ৰসাৰিত কৰা হৈছে।

উচ্চ শিক্ষা

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (IIT) আৰু ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান (IIM) ৰ সংখ্যা ২০২২ ত ক্ৰমে ২৩ আৰু ২০ ৰ বিপৰীতে ২০১৪ ত ১৬ আৰু ১৩ খন আছিল। ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান (IIIT) ৰ সংখ্যা ২০২২ ত ২৫ ৰ বিপৰীতে ২০১৪ ত ৯ খন আছিল।

উচ্চ শিক্ষাত মুঠ নামভৰ্তি ‘২০ বিত্তীয় বৰ্ষত ৩.৯ কোটিৰপৰা ’২১ বিত্তীয় বৰ্ষত প্ৰায় ৪.১ কোটিলৈ বৃদ্ধি পাইছে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত ’১৫ বিত্তীয় বৰ্ষৰপৰা নামভৰ্তিৰ হাৰ ২১ শতাংশ বৃদ্ধি। উচ্চ শিক্ষাত মহিলাৰ নামভৰ্তি ‘২০ বিত্তীয় বৰ্ষত ১.৯ কোটিৰপৰা ‘২১ বিত্তীয় বৰ্ষত ২ কোটিলৈ বৃদ্ধি হৈছে।

 

উচ্চ শিক্ষাত মুঠ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি 

                       

 

উচ্চ শিক্ষাত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি

দূৰ শিক্ষাত নামভৰ্তিৰ সংখ্যা ৪৫.৭ লাখ (২০.৯ লাখ ছাত্ৰীৰ সৈতে), যি সংখ্যা ‘২০ বিত্তীয় বৰ্ষৰ পিছত প্ৰায় ৭ শতাংশ আৰু ‘১৫ বিত্তীয় বৰ্ষৰ পিছত ২০ শতাংশ বৃদ্ধি। ২০১১ ৰ জনসংখ্যাৰ প্ৰক্ষেপণৰ ওপৰত ভিত্তি কৰি উচ্চ শিক্ষাৰ জিইআৰ (সংশোধিত) ‘২১ বিত্তীয় বৰ্ষত ২৭.৩ শতাংশ হৈছে, যি ‘২০ বিত্তীয় বৰ্ষত ২৫.৬ শতাংশতকৈ অধিক। ‘২০ বিত্তীয় বৰ্ষত ছাত্ৰৰ জিইআৰ ২৪.৮ ৰপৰা ‘২১ বিত্তীয় বৰ্ষত ২৬.৭ লৈ বৃদ্ধি পোৱাৰ বিপৰীতে ছাত্ৰীৰ জিইআৰ ও একে সময়ছোৱাত ২৬.৪ ৰপৰা ২৭.৯ লৈ বৃদ্ধি হৈছে।

উচ্চ শিক্ষাত মুঠ ফেকাল্টি/শিক্ষকৰ সংখ্যা ১৫,৫১,০৭০, যাৰ প্ৰায় ৫৭.১ শতাংশ পুৰুষ আৰু ৪২.৯ শতাংশ মহিলা।

এই সমীক্ষাই উচ্চ শিক্ষানুষ্ঠানসমূহত গৱেষণা আৰু উন্নয়ন কোষ (RDC), একেলগে দুটা শৈক্ষিক কাৰ্য্যসূচী গ্ৰহণৰ বাবে নিৰ্দেশিকা, শিক্ষা ঋণৰ ক্ষেত্ৰত সুতৰ ৰাজসাহায্যকে ধৰি উচ্চ শিক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভিন্ন পদক্ষেপক প্ৰশংসা কৰিছে।

ইউজিচি আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ সহযোগত শিক্ষা মন্ত্ৰালয়ে ২০২২ ৰ ৭-৯ জুলাইত বাৰাণসীত আয়োজন কৰা তিনিদিনীয়া অখিল ভাৰতীয় শিক্ষা সন্মিলনৰ কথাও সমীক্ষাই উল্লেখ কৰে। এই অনুষ্ঠানত ৰাজহুৱা আৰু ব্যক্তিগত বিশ্ববিদ্যালয়সমূহৰ ৩০০ ৰোধিক উপাচাৰ্য্য আৰু সঞ্চালক, শিক্ষাবিদ, নীতি নিৰ্ধাৰক, লগতে উদ্যোগ প্ৰতিনিধিসকল একত্ৰিত হৈ যোৱা দুটা বছৰত কেইবাটাও পদক্ষেপৰ সফল ৰূপায়ণৰ পিছত সমগ্ৰ দেশতে এনইপি, ২০২০ ৰূপায়ণক কেনেকৈ আগুৱাই নিব পাৰি, সেই বিষয়ে আলোচনা কৰে। এই সন্মিলনে চিন্তা-উদ্দীপক আলোচনাৰ বাবে এক মঞ্চ প্ৰশস্ত কৰে যিয়ে ৰূপৰেখা অংকন আৰু ৰূপায়ণ কৌশলসমূহ যুগুত, জ্ঞান বিনিময়ৰ বৰ্ধন, আন্তঃশাখা আলোচনাৰ জৰিয়তে নেটৱৰ্ক গঢ়ি তোলা আৰু শিক্ষানুষ্ঠানসমূহে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনাৰ পথ প্ৰশস্ত আৰু সমাধান সূত্ৰ নিৰূপণত সহায় কৰে।

 

***



(Release ID: 1895265) Visitor Counter : 222