ভাৰতীয় নিৰ্বাচন আয়োগ

মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰা বিধানসভাৰ সাধাৰণ নিৰ্বাচন, ২০২৩ -‘জন প্ৰতিনিধিত্ব আইন, ১৯৫১’ৰ ‘১২৬ অনুচ্ছেদ’ৰ আধাৰত সংবাদ মাধ্যমৰ সম্প্ৰচাৰণ

Posted On: 28 JAN 2023 9:11AM by PIB Guwahati

মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰা বিধান সভাৰ সাধাৰণ নিৰ্বাচন, ২০২৩ অনুষ্ঠিত কৰাৰ বাবে সময়সূচী ১৮-০১-২০২৩ তাৰিখে ঘোষণা কৰা হৈছে।  তলত দিয়া সময়সূচী অনুসৰি ৰাজ্যকেইখনত নিৰ্বাচন অনুষ্ঠিত হ'ব:

. ----

ৰাজ্য /কেন্দ্ৰীয় শাসিত অঞ্চলৰ নাম

--

মেঘালয়

 

পৰ্যায় আৰু ভোটদানৰ তাৰিখ

 

এটা পৰ্যায়- ২৭.০২.২০২৩

 

           নাগালেণ্ড

 

          এটা পৰ্যায়- ২৭.০২.২০২৩

 

           ত্ৰিপুৰা

 

            এটা পৰ্যায়- ১৬.০২.২০২৩

 

 

 

 

 

 

 

 

 

 

 

 

 

এই সন্দৰ্ভত, ‘জনপ্ৰতিনিধিত্ব আইন, ১৯৫১’-ৰ ‘অনুচ্ছেদ ১২৬’ৰ প্ৰতি সকলো সংবাদ মাধ্যমৰ মনোযোগ আকৰ্ষিত কৰাৰ বাবে গোঁহাৰি জনোৱা হৈছে। যিয়ে এটা সমষ্টিত ভোটগ্ৰহণ সমাপ্ত কৰাৰ বাবে নিৰ্ধাৰিত সময়ৰ ৪৮ ঘণ্টা আগতে দূৰদৰ্শন বা একে ধৰণৰ মাধ্যমৰ জৰিয়তে যিকোনো নিৰ্বাচনী বিষয়ৰ প্ৰদৰ্শন কৰাটো নিষিদ্ধ কৰিছে। ১২৬-অনুচ্ছেদৰ প্ৰাসঙ্গিক অংশবোৰ তলত পুনৰ উল্লেখ কৰা হৈছে:

(১২৬. ভোটগ্ৰহণ সমাপ্ত কৰাৰ বাবে নিৰ্ধাৰিত ঘণ্টাৰ সৈতে সমাপ্ত হোৱা আঠচল্লিশ ঘণ্টাৰ সময়ছোৱাত ৰাজহুৱা সভা নিষিদ্ধ কৰা-

 

  1. কোনো ব্যক্তিয়েই:
  1. .....................
  2. চিনেমাটোগ্ৰাফ, টেলিভিছন বা আন একে ধৰণৰ সঁজুলিৰ জৰিয়তে যিকোনো নিৰ্বাচন সম্পৰ্কীয় বিষয় ৰাইজক প্ৰদৰ্শন কৰা;

     (c)........................

যিকোনো নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ সমাপ্ত হোৱাৰ বাবে নিৰ্ধাৰিত সময়ৰ সৈতে সমাপ্ত হোৱা আঠচল্লিশ ঘণ্টাৰ সময়ছোৱাত যিকোনো ভোটগ্ৰহণ এলেকাত।

  1.  উপ-ধাৰা (১ৰ) ব্যৱস্থা উলংঘা কৰা যিকোনো ব্যক্তিক দুবছৰ পৰ্যন্ত, বা জৰিমনা, বা দুয়োটাৰে সৈতে শাস্তি বিহা হ'ব।
  2. এই অনুচ্ছেদত, "নিৰ্বাচনী বিষয়"-ৰ অভিব্যক্তিৰ অৰ্থ হৈছে যিকোনো নিৰ্বাচনৰ ফলাফল প্ৰভাৱিত বা নিৰ্বাচন প্ৰভাৱিত কৰাৰ উদ্দেশ্যে বা গণনা কৰাটো
  3. নিৰ্বাচনৰ সময়ত, কেতিয়াবা টিভি চেনেলবোৰে তেওঁলোকৰ পেনেল আলোচনা/বিতৰ্ক আৰু অন্যান্য বাতৰি আৰু সাম্প্ৰতিক পৰিক্ৰমা কাৰ্যসূচীৰ প্ৰচাৰত ‘জনপ্ৰতিনিধিত্ব আইন, ১৯৫১’-ৰ উপৰোক্ত ‘অনুচ্ছেদ ১২৬’-ৰ বিধান উলংঘা কৰাৰ অভিযোগ উত্থাপিত হয়। আয়োগে ইতিমধ্যে স্পষ্ট কৰি দিছিল যে ‘১২৬-অনুচ্ছেদ’ত এটা সমষ্টিত ভোটগ্ৰহণ সমাপ্ত হোৱাৰ বাবে নিৰ্ধাৰিত সময়ৰ সৈতে সমাপ্ত হোৱা ৪৮ ঘণ্টাৰ সময়ছোৱাত দূৰদৰ্শন বা একে ধৰণৰ মাধ্যমৰ সৈতে যিকোনো নিৰ্বাচনী বিষয় প্ৰদৰ্শন কৰাটো নিষিদ্ধ কৰা হৈছে। নিৰ্বাচনৰ ফলাফল প্ৰভাৱিত বা প্ৰভাৱিত কৰাৰ উদ্দেশ্য বা গণনা কৰা যিকোনো বিষয় হিচাপে সেই অনুচ্ছেদত "নিৰ্বাচনী বিষয়" সংজ্ঞায়িত কৰা হৈছে। ‘অনুচ্ছেদ ১২৬’-ৰ উপৰোক্ত বিধানসমূহ উলংঘা কৰিলে দুবছৰ পৰ্যন্ত কাৰাদণ্ড, বা জৰিমনা বা দুয়োটা বিহা হ'ব পাৰে।
  4. আয়োগে পুনৰ দোহাৰি কয় যে টিভি/ৰেডিঅ' চেনেল আৰু কেবল নেটৱৰ্ক/ইণ্টাৰনেট ৱে’বছাইট/ছ'চিয়েল মিডিয়া প্লেটফৰ্ম-য়ে নিশ্চিত কৰিব লাগে যে ‘অনুচ্ছেদ ১২৬’-ত উল্লেখ কৰা ৪৮ ঘণ্টাৰ সময়ছোৱাত তেওঁলোকে সম্প্ৰচাৰ/প্ৰচাৰ/প্ৰদৰ্শন কৰা কাৰ্যসূচীসমূহত কোনো প্ৰাৰ্থী বা প্ৰাৰ্থীসকলৰ সম্ভাৱনাক প্ৰভাৱিত কৰা/প্ৰভাৱিত কৰা বুলি গণ্য কৰা কোনো বিষয় সন্নিৱিষ্ট কৰা নহয়। ইয়াৰ ভিতৰত  পেনেলিষ্ট/অংশগ্ৰহণকাৰীসকলৰ মতামত/আহ্বান আদিকো ধৰা হ’ব।) ইয়াত অন্তৰ্ভুক্ত অন্যান্য বিষয়সমূহৰ ভিতৰত আছে যিকোনো জনমত সংক্ৰান্তীয় সমীক্ষাৰ প্ৰদৰ্শন আৰু মানক সম্পৰ্কীয় বিতৰ্ক, বিশ্লেষণ, দৃশ্য আৰু ধ্বনিযুক্ত-দৃশ্যাংশৰ প্ৰদৰ্শন।
  5. এই সন্দৰ্ভত, ‘জনপ্ৰতিনিধিত্ব আইন ১৯৫১’-ৰ ‘অনুচ্ছেদ ১২৬(এ)’-ৰ প্ৰতিও মনোযোগ আকৰ্ষণ কৰা হৈছে। যিয়ে ‘এগজিট পোল’ অনুষ্ঠিত কৰা আৰু এই অনুচ্ছেদত উল্লেখ কৰা সময়ছোৱাত, অৰ্থাৎ প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ আৰম্ভ কৰাৰ বাবে নিৰ্ধাৰিত সময় আৰু ৰাজ্যসমূহত অন্তিম পৰ্যায়ত ভোটগ্ৰহণ সমাপ্ত হোৱাৰ আধা ঘণ্টা পিছ পৰ্যন্ত, ইয়াৰ ফলাফল প্ৰচাৰ কৰাটো নিষিদ্ধ কৰে।
  6. ‘অনুচ্ছেদ ১২৬’-ৰ অধীনত নথকা সময়ছোৱাত, সংশ্লিষ্ট টিভি/ৰেডিঅ'/কেবল/এফএম চেনেল/ইণ্টাৰনেট ৱে’বছাইট/ছ'চিয়েল মিডিয়া প্লেটফৰ্মবোৰে যিকোনো সম্প্ৰচাৰ/টেলিকাষ্ট সম্পৰ্কীয় অনুষ্ঠান (এগজিট প'লৰ বাহিৰে) পৰিচালনা কৰাৰ বাবে প্ৰয়োজনীয় অনুমতিৰ বাবে ৰাজ্য/জিলা/স্থানীয় কৰ্তৃপক্ষৰ ওচৰলৈ মুক্ত ভাবে যাব পাৰিব। অৱশ্যে, এই সম্পৰ্কীয় কাৰ্যসূচীৰ বিষয়বস্তুসমূহ ‘আদৰ্শ আচৰণ বিধি’, ‘কেবল নেটৱৰ্ক (নিয়ন্ত্ৰণ) আইন’ৰ অধীনত ‘তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে’ শালীনতা, সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰখাৰ বাবে নিৰ্দ্ধাৰণ কৰা বিধিৰ ব্যৱস্থা অনুসৰি হ'ব লাগিব। সকলো ইণ্টাৰনেট ৱে’বছাইট আৰু ছ'চিয়েল মিডিয়া প্লেটফৰ্ম-য়ে ‘তথ্য প্ৰযুক্তি আইন, ২০০০’, ‘তথ্য প্ৰযুক্তি (মধ্যস্থতাকাৰী বিধি-নিৰ্দেশনা আৰু ডিজিটেল মিডিয়া নৈতিকতা সংহিতা) অধিনিয়ম, ২০২১’ আৰু নিৰ্বাচন আয়োগৰ বিধি-নিৰ্দেশনাৰ ব্যৱস্থাবোৰো পালন কৰিব লাগিব

  তেওঁলোকৰ প্লেটফৰ্মৰ সকলো ৰাজনৈতিক বিষয়বস্তুৰ বাবে ২৫ অক্টোবৰ, ২০১৩ তাৰিখৰ ৪৯১/এছএম/২০১৩/কমিউনিকেশ্যন নং নিৰ্দেশনা পালন কৰিব লাগিব। ৰাজনৈতিক বিজ্ঞাপনৰ ক্ষেত্ৰত, সংশ্লিষ্টসকলক আয়োগৰ নিৰ্দেশ নং ৫০৯/৭৫/২০০৪/জেএছ-১, তাৰিখ ১৫ এপ্ৰিল, ২০০৪ অনুসৰি ৰাজ্য/জিলা পৰ্যায়ত গঠন কৰা সমিতিবোৰে প্ৰদান কৰা আগতীয়া-প্ৰমাণপত্ৰৰ প্ৰয়োজন হ’ব।

  1. নিৰ্বাচনৰ সময়ত পালনৰ বাবে অনুসৰণ কৰিবলৈ ‘ভাৰতীয় প্ৰেছ কাউন্সিল’-য়ে জাৰী কৰা ৩০-০৭-২০১০ তাৰিখৰ নিৰ্দেশনা  আৰু 'সাংবাদিকতাৰ আচৰণ সম্পৰ্কীয় নিয়মাৱলী- ২০২০'ৰ প্ৰতিও সকলো ছপা মাধ্যমৰ মনোযোগ আকৰ্ষণ কৰা হৈছে।
  2. ২০১৪ চনৰ ৩ মাৰ্চ তাৰিখে ‘এনবিএছএ’-ই জাৰী কৰা "নিৰ্বাচনী সম্প্ৰচাৰৰ সম্পৰ্কীয় নিৰ্দেশনা"লৈ ইলেক্ট্ৰনিক মাধ্যমৰ মনোযোগ আকৰ্ষণ কৰা হৈছে।
  3. ‘ইণ্টাৰনেট এণ্ড ম'বাইল এছ'চিয়েশ্যন অব ইণ্ডিয়া’ই (আইএএমএআই) সকলো অংশগ্ৰহণকাৰী ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ বাবে "স্বেচ্ছামূলক নৈতিকতা সংহিতা" বিকশিত কৰিছে যাতে ২০১৯ চনৰ লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ সময়ত নিৰ্বাচনী প্ৰক্ৰিয়াৰ বিশ্বাসযোগ্যতা বৰ্তাই ৰখাৰ বাবে তেওঁলোকৰ প্লেটফৰ্মসমূহৰ মুক্ত, নিৰপেক্ষ আৰু নৈতিক ব্যৱহাৰ সুনিশ্চিত কৰিব পৰা যায়। ‘আইএএমএআই’-ৰ সন্মতি অনুসৰি, ২৩-০৯-২০১৯ তাৰিখৰ পত্ৰৰ আধাৰত সকলো নিৰ্বাচনৰ সময়ত "স্বেচ্ছামূলক নৈতিকতা বিধি" পালন কৰা হ'ব। সেই অনুসৰি, এই সংহিতা মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ বিধানসভাৰ  সাধাৰণ নিৰ্বাচন ২০২৩ৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব। এই সন্দৰ্ভত সংশ্লিষ্ট সকলো ‘ছ'চিয়েল মিডিয়া প্লেটফৰ্ম’ৰ মনোযোগ ২০ মাৰ্চ, ২০১৯তাৰিখৰ "স্বেচ্ছামূলক নৈতিকতা সংহিতা"ৰ প্ৰতি আকৰ্ষিত কৰা হৈছে।
  4.  প্ৰযোজ্য হোৱা এলেকাসমূহৰ ক্ষেত্ৰত ‘তথ্য প্ৰযুক্তি (মধ্যস্থতাকাৰী আৰু ডিজিটেল মিডিয়া নৈতিকতা সংহিতাৰ বাবে নিৰ্দেশনা) অধিনিয়ম ২০২১’ অনুপালনৰ প্ৰতিও মনোযোগ আকৰ্ষণ কৰা হয়।
  5.  লগতে, এইটোও জনোৱা হৈছে যে কোনো ৰাজনৈতিক দল বা প্ৰাৰ্থী বা আন কোনো সংগঠন বা ব্যক্তিয়ে ৰাজ্য/জিলা পৰ্যায়ৰ এমচিএমচি সমিতিৰ পৰা পূৰ্ব-প্ৰমাণিত নোহোৱা ৰাজনৈতিক বিজ্ঞাপনৰ বিষয়বস্তুৰে কোনো বিজ্ঞাপন ভোটদানৰ দিনা আৰু ভোটদানৰ দিনটোৰ এদিন আগতে ছপা মাধ্যমত প্ৰকাশ নকৰিব। আৱেদনকাৰীসকলে এনে বিজ্ঞাপন প্ৰকাশৰ প্ৰস্তাৱিত তাৰিখৰ কমেও ০২(দুই) দিনৰ আগতে ‘এমচিএমচি’ত আবেদন কৰিব লাগিব।

উপৰোক্ত পৰামৰ্শাৱলী সংবাদ মাধ্যমৰ সংশ্লিষ্ট সকলোৱে যথাযথভাৱে পালন কৰা উচিত।

 

 

***

RP/KB



(Release ID: 1894415) Visitor Counter : 175