ৰাষ্ট্ৰপতি সচিবালয়

৭৪তম গণতন্ত্ৰ দিৱসৰ প্ৰাক-সন্ধ্যাত দেশবাসীক উদ্দেশ্যি ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ভাষণ

Posted On: 25 JAN 2023 7:42PM by PIB Guwahati

মৰমৰ দেশবাসীসকল,

নমস্কাৰ!

 

১.  ৭৪তম গণতন্ত্ৰ দিৱসৰ প্ৰাকমুহূৰ্তত মই ভাৰতীয় নাগৰিক তথা প্ৰবাসী ভাৰতীয়সকললৈ হৃদয়েৰে শুভেচ্ছা জ্ঞাপন কৰিছো। সংবিধান কাৰ্যকৰী হোৱাৰ দিনৰ পৰা আজিলৈকে আমাৰ যাত্ৰা অভূতপূৰ্ব হৈ আহিছে আৰু আন বহুতো দেশ আমাৰ দ্বাৰা অনুপ্ৰাণিত হৈছে। প্ৰতিজন নাগৰিকে ভাৰতৰ গৌৰৱময় গাঁথাক লৈ গৌৰৱ অনুভৱ কৰে। যেতিয়া আমি গণতন্ত্ৰ দিৱস উদযাপন কৰোঁ, আমি এখন ৰাষ্ট্ৰ হিচাপে ঐক্যৱদ্ধভাৱে লাভ কৰা সাফল্যবোৰ উদযাপন কৰোঁ।

 

২. ভাৰত হৈছে বিশ্বৰ সবাতোকৈ প্ৰাচীন জীৱন্ত সভ্যতাসমূহৰ ভিতৰত অন্যতম এটা। ভাৰতক গণতন্ত্ৰৰ মাতৃ বুলি কোৱা হয়। তথাপিও আমাৰ আধুনিক গণতন্ত্ৰ তৰুণ। স্বাধীনতাৰ প্ৰাৰম্ভিক বৰ্ষবোৰত আমি অগণন প্ৰত্যাহ্বান আৰু প্ৰতিকূলতাৰ সন্মুখীন হৈছিলো। দীৰ্ঘকালীন বিদেশী শাসনৰ অতিশয় বেয়া পৰিণামবোৰৰ ভিতৰত দুটা কুপ্ৰভাৱ আছিল – চৰম দৰিদ্ৰতা আৰু নিৰক্ষৰতা। তথাপিও অবিচলিত হৈ ৰৈছিল ভাৰত। আশা আৰু আত্মবিশ্বাসেৰে আমি মানৱজাতিৰ ইতিহাসত এক অনন্য পৰীক্ষা-নিৰীক্ষা আৰম্ভ কৰিলো। ইমান বৃহৎ সংখ্যাত ইমান বৈচিত্ৰ্যপূৰ্ণ জন-সমূদায়- এক গণতন্ত্ৰ হিচাপে একত্ৰিত হোৱা নাছিল। এয়া আমি এনে এক বিশ্বাসেৰে কৰিলো যে আমি সকলো একে আৰু আমি সকলো ভাৰতীয়। বিভিন্ন ধৰ্ম আৰু বিভিন্ন ভাষাই আমাক বিভক্ত কৰা নাই, বৰঞ্চ আমাক ঐক্যৱদ্ধহে কৰিছে। সেইকাৰণে আমি গণতান্ত্ৰিক গণৰাজ্য হিচাপে সফল হৈছো। এয়াই হৈছে ভাৰতৰ সাৰ-তত্ব।

 

৩.  এই সাৰ-তত্বই সংবিধানৰ কেন্দ্ৰবিন্দু আছিল আৰু সময়ৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। স্বাধীনতা সংগ্ৰামৰ আদৰ্শৰ সৈতে সংগতি ৰাখি আমাৰ গণৰাজ্যক আধাৰ প্ৰদান কৰি সংবিধান প্ৰস্তুত কৰা হৈছিল। মহাত্মা গান্ধীৰ নেতৃত্বত ৰাষ্ট্ৰীয় আন্দোলনৰ লক্ষ্য আছিল স্বাধীনতা লাভ কৰা আৰু ভাৰতীয় আদৰ্শ পুনৰ প্ৰতিষ্ঠা কৰা। সেই দশকবোৰৰ সংগ্ৰাম আৰু ত্যাগে আমাক কেৱল বিদেশী শাসনৰ পৰাই নহয়, বৰঞ্চ বলপূৰ্বক জাপি দিয়া মূল্যবোধ আৰু সংকীৰ্ণ বিশ্ব দৃষ্টিভংগীৰ পৰাও স্বাধীনতা লাভ কৰাত সহায় কৰিছিল। বিপ্লৱী আৰু সংস্কাৰকসকলে আমাৰ শান্তি, ভ্ৰাতৃত্ব আৰু সমতাৰ বহু পুৰণি মূল্যবোধক পুনৰ গ্ৰহণ কৰাৰ ক্ষেত্ৰত দূৰদৰ্শী তথা আদৰ্শবাদী ব্যক্তিসকলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিছিল। যিসকলে আধুনিক ভাৰতীয় চিন্তাধাৰাক গতি প্ৰদান কৰিছিল তেওঁলোকে "আ নো ভদ্ৰা: ক্ৰতবো য়ন্তু বিশ্বতঃ" অৰ্থাৎ আমাৰ সকলো দিশৰ পৰা ভাল ধাৰণাসমূহ অহা উচিত-ৰ বৈদিক শিক্ষা অনুসৰি প্ৰগতিশীল ধাৰণাসমূহকো আদৰণি জনাইছিল। এক দীঘলীয়া আৰু গম্ভীৰ আলোচনাৰ অন্তত আমাৰ সংবিধানৰ গাঁথনি প্ৰস্তুত হৈছিল।

 

৪. আমাৰ এই বুনিয়াদী দস্তাবেজখন পৃথিৱীৰ আটাইতকৈ প্ৰাচীন জীৱন্ত সভ্যতাৰ মানৱতাবাদী দৰ্শনৰ লগতে আধুনিক ধাৰণাসমূহৰ দ্বাৰাও অনুপ্ৰাণিত। আমাৰ দেশ সদায় বাবাচাহেব ভীমৰাও আম্বেদকাৰৰ ওচৰত ঋণী হৈ থাকিব যিয়ে খচৰা সমিতিৰ নেতৃত্ব দিছিল আৰু সংবিধান চূড়ান্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আজিৰ দিনটোতে আমাক সংবিধানৰ প্ৰাথমিক খচৰা প্ৰস্তুত কৰা আইনবিদ শ্ৰী বি এন ৰাও তথা সংবিধানৰ খচৰা প্ৰস্তুত কৰাত সহায় কৰা আন বিশেষজ্ঞ আৰু বিষয়াসকলকো সোঁৱৰণ কৰা উচিত।  সেই সংবিধান সভাৰ সদস্যসকলে ভাৰতৰ সকলো অঞ্চল আৰু সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰিছিল আৰু তাৰ বাবে আমি গৌৰৱান্বিত। সভাৰ ১৫গৰাকী মহিলা সদস্যইও সংবিধান প্ৰস্তুত কৰাত অৱদান আগবঢ়াইছিল।

 

৫. সংবিধানত সন্নিৱিষ্ট আদৰ্শসমূহে আমাৰ গণতন্ত্ৰক নিৰন্তৰে পথ প্ৰদৰ্শিত কৰি আহিছে। এই সময়ছোৱাত ভাৰতে এক দৰিদ্ৰ আৰু নিৰক্ষৰ ৰাষ্ট্ৰৰ মৰ্যাদাৰ পৰা বিশ্ব দৰবাৰত এক আত্মবিশ্বাসী ৰাষ্ট্ৰলৈ পৰিণত হৈছে। সংবিধান প্ৰণেতাসকলৰ সামূহিক জ্ঞানৰ দ্বাৰা প্ৰদান কৰা নিৰ্দেশনা অবিহনে এই প্ৰগতি সম্ভৱ নহ'লহেঁতেন।

 

৬. বাবাচাহেব আম্বেদকাৰ আৰু আনসকল ব্যক্তিবিশেষে আমাক এখন মানচিত্ৰ আৰু নৈতিক আধাৰ প্ৰদান কৰিছিল। সেই পথ অনুসৰণ কৰাটো আমাৰ সকলোৰে দায়িত্ব। আমি তেওঁলোকৰ প্ৰায়সংখ্যক প্ৰত্যাশা পূৰণ কৰাত কিছু হ’লেও সফল হৈছো যদিও আমি অনুভৱ কৰোঁ যে গান্ধীজীৰ 'সৰ্বোদয়'ৰ আদৰ্শক উপনীত হ’বলৈ অৰ্থাৎ সকলোৰে উত্থান হ’বলৈ এতিয়াও বাকী আছে। তথাপিও আমি  সকলো ক্ষেত্ৰতে উৎসাহজনক প্ৰগতি লাভ কৰিছো।

 

মৰমৰ দেশবাসীসকল,

 

৭.  আমাৰ সৰ্বোদয় অভিযানৰ অধীনত অৰ্থনৈতিক মঞ্চত যি অগ্ৰগতি আমি লাভ কৰিছো সেয়া আটাইতকৈ উৎসাহজনক হিচাপে বিবেচিত হৈছে। যোৱা বছৰ ভাৰত বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হৈছিল। উল্লেখ্য, অৰ্থনৈতিক অনিশ্চয়তাৰে পৰিপূৰ্ণ এক গোলকীয় পটভূমিত এই সাফল্য অৰ্জন কৰা হৈছে। বিশ্বব্যাপী মহামাৰীয়ে ইয়াৰ চতুৰ্থ বৰ্ষত প্ৰৱেশ কৰিছে আৰু পৃথিৱীৰ অধিকাংশ অংশত অৰ্থনৈতিক বিকাশত প্ৰভাৱ পেলাইছে। প্ৰাৰম্ভিক পৰ্যায়ত, ক’ভিড-১৯-য়ে ভাৰতৰ অৰ্থনীতিৰ যথেষ্ট ক্ষতি সাধন কৰিছিল। তথাপিও, দক্ষ নেতৃত্ব আৰু কাৰ্যকৰী সংগ্ৰামৰ সৈতে আমি সোনকালেই মন্দাৱস্থাৰ পৰা বাহিৰলৈ আহিবলৈ সক্ষম হ’লো আৰু আমাৰ বিকাশৰ যাত্ৰা পুনৰ আৰম্ভ কৰিলো। অৰ্থনীতিৰ অধিকাংশ খণ্ডই এতিয়া মহামাৰীৰ প্ৰভাৱৰ পৰা মুক্ত হৈছে। ভাৰত হৈছে দ্ৰুতগতিত বিকশিত বৃহৎ অৰ্থনীতিসমূহৰ ভিতৰত অন্যতম এটা। এয়া কেৱল চৰকাৰৰ সময়োপযোগী সক্ৰিয় প্ৰচেষ্টাৰ জৰিয়তেহে সম্ভৱ হৈছে। এই পৰিপ্ৰেক্ষিতত 'আত্মনিৰ্ভৰ ভাৰত' অভিযানৰ প্ৰতি সাধাৰণ ৰাইজৰ মাজত বিশেষ উৎসাহ দেখা গৈছে। ইয়াৰ উপৰিও, বিভিন্ন খণ্ডৰ বাবে বিশেষ উদগনিমূলক আঁচনিও ৰূপায়ণ কৰা হৈছে।

 

 

৮.  উপেক্ষিতসকলকো আঁচনি আৰু কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰাটো এক অত্যাধিক সন্তোষৰ বিষয় আৰু ইয়াৰ দ্বাৰা তেওঁলোকৰ কঠিন সময়ত সহায় কৰা হৈছে। ২০২০ চনৰ মাৰ্চ মাহত ঘোষণা কৰা 'প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা' কাৰ্যকৰী কৰি চৰকাৰে দৰিদ্ৰ পৰিয়ালবোৰৰ বাবে খাদ্য সুৰক্ষা নিশ্চিত কৰিছিল ৷ সেই সময়ত আমাৰ দেশবাসীয়ে ক’ভিড-১৯ মহামাৰীৰ ফলত হঠাতে অৰ্থনৈতিক সমস্যাৰ সন্মুখীন হৈছিল। এই সহায়ৰ বাবে সেই সময়ত কোনেও অনাহাৰে নিদ্ৰাহীন জীৱন কটাবলগীয়া হোৱা নাছিল। দৰিদ্ৰ পৰিয়ালৰ স্বাৰ্থত ঊৰ্ধত ৰাখি এই আঁচনিৰ ম্যাদ বাৰে বাৰে বৃদ্ধি কৰা হৈছিল আৰু ইয়াৰ দ্বাৰা লাভান্বিত হৈছিল প্ৰায় ৮১ কোটি দেশবাসী। এই সাহায্য অব্যাহত ৰাখি চৰকাৰে ঘোষণা কৰিছে যে ২০২৩ বৰ্ষতো হিতাধিকাৰীসকলে তেওঁলোকৰ মাহিলী ৰেচন বিনামূলীয়াকৈ লাভ কৰিব। এই ঐতিহাসিক পদক্ষেপৰ জৰিয়তে চৰকাৰে দুৰ্বল শ্ৰেণীৰ লোকসকলক অৰ্থনৈতিক বিকাশত অন্তৰ্ভুক্ত কৰাৰ লগতে তেওঁলোকৰ যত্ন লোৱাৰ দায়িত্ব গ্ৰহণ কৰিছে।

 

৯.  আমাৰ অৰ্থনীতিৰ সুদৃঢ় ভেটিৰ সৈতে আমি কেইবাটাও উৎপাদনশীল প্ৰচেষ্টা আৰম্ভ কৰিবলৈ আৰু আগুৱাই নিবলৈ সক্ষম হৈছো। সকলো নাগৰিকে যাতে ব্যক্তিগত আৰু সামূহিকভাৱে, তেওঁলোকৰ প্ৰকৃত সম্ভাৱনাৰ সম্পূৰ্ণ সদ্ব্যৱহাৰ কৰে আৰু তেওঁলোকৰ জীৱন উন্নত হয়, এনে পৰিৱেশ সৃষ্টি কৰাই হৈছে আমাৰ চূড়ান্ত লক্ষ্য। এই উদ্দেশ্যৰ আধাৰশিলা স্থাপনত শিক্ষাৰ ভূমিকা অপৰিসীম, সেয়েহে 'ৰাষ্ট্ৰীয় শিক্ষা নীতি'ত উচ্চাকাংক্ষী পৰিৱৰ্তন কৰা হৈছে। শিক্ষাৰ দুটা মুখ্য উদ্দেশ্য আছে। প্ৰথমে, অৰ্থনৈতিক আৰু সামাজিক সৱলীকৰণ আৰু দ্বিতীয়তে, সত্যৰ অনুসৰণ। ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে এই দুয়োটা লক্ষ্যত উপনীত হোৱাৰ পথ প্ৰশস্ত কৰে। এই নীতিয়ে আমাৰ সভ্যতাৰ ওপৰত আধাৰিত জ্ঞানক সমসাময়িক জীৱনৰ সৈতে প্ৰাসংগিক কৰি তোলে আৰু একবিংশ শতিকাৰ প্ৰত্যাহ্বানৰ বাবে শিক্ষাৰ্থীসকলক প্ৰস্তুত কৰে। এই নীতিত শিক্ষা প্ৰক্ৰিয়াৰ বিস্তৃতকৰণ তথা ইয়াক গভীৰতা প্ৰদান কৰাৰ বাবে প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভতো আলোকপাত কৰা হৈছে।

 

১০. আমি ক’ভিড-১৯-ৰ প্ৰাৰম্ভিক পৰ্যায়ত প্ৰযুক্তিৰ জীৱন পৰিৱৰ্তনকাৰী সম্ভাৱনাসমূহ প্ৰত্যক্ষ কৰিছিলো। 'ডিজিটেল ইণ্ডিয়া মিছন'ৰ অধীনত গাওঁ আৰু চহৰৰ মাজৰ ব্যৱধান দূৰ কৰি তথ্য আৰু যোগাযোগ প্ৰযুক্তিক অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা কৰা হৈছে। দূৰৱৰ্তী ঠাইবোৰত অধিক সংখ্যক লোকে ইণ্টাৰনেটৰ সুবিধা গ্ৰহণ কৰিছে। আন্তঃগাঁথনি সম্প্ৰসাৰণৰ সহায়ত চৰকাৰে বিভিন্ন ধৰণৰ সেৱা প্ৰদান কৰিবলৈ সমৰ্থ হৈছে। বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত আমি আমাৰ সাফল্যৰ বাবে গৌৰৱ কৰিব পাৰোঁ। মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰত আগশাৰীৰ দেশসমূহৰ ভিতৰত অন্যতম। এই ক্ষেত্ৰত দীৰ্ঘদিন ধৰি সংস্কাৰ সাধন কৰা হৈছে আৰু এতিয়া ব্যক্তিগত উদ্যোগসমূহক এই বিকাশ-যাত্ৰাত যোগদান কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। ভাৰতীয় মহাকাশচাৰীক কঢ়িয়াই নিয়াৰ বাবে 'গগনযান' কাৰ্যসূচী চলি আছে। এয়া ভাৰতৰ প্ৰথম মানৱযুক্ত মহাকাশ ভ্ৰমণ হ'ব। আকাশৰ তৰা স্পৰ্শ কৰিও আমি আমাৰ ভৰি ভূমিত ৰাখোঁ।

 

১১.  ভাৰতৰ 'মংগল অভিযান' মহিলাৰ এক অসাধাৰণ দলে পৰিচালনা কৰিছিল আৰু আন আন ক্ষেত্ৰসমূহতো ভগ্নী আৰু কন্যাসকল এতিয়া পিছ পৰি থকা নাই। পুৰুষ আৰু মহিলাৰ মাজত মহিলা সৱলীকৰণ আৰু সমতা এতিয়া কেৱল এক শ্ল'গান নহয়। আমি শেহতীয়া বছৰবোৰত এই আদৰ্শত উপনীত হোৱাৰ দিশত যথেষ্ট অগ্ৰগতি লাভ কৰিছো। 'বেটি বচাও, বেটি পঢ়াও' অভিযানত জনসাধাৰণৰ অংশগ্ৰহণৰ ফলত প্ৰতিটো ক্ষেত্ৰতে মহিলাৰ প্ৰতিনিধিত্ব বৃদ্ধি পাইছে। ৰাজ্যসমূহলৈ কৰা  ভ্ৰমণ, শৈক্ষিক কাৰ্যসূচী আৰু পেছাদাৰীসকলৰ বিভিন্ন প্ৰতিনিধি দলক সাক্ষাৎ কৰাৰ সময়ত মই যুৱতীসকলৰ আত্মবিশ্বাস দেখি অতি প্ৰভাৱিত হৈছো। মহিলাসকলে ভৱিষ্যতৰ ভাৰতক গঢ় দিবলৈ সৰ্বাধিক অৱদান আগবঢ়াব, এই সন্দৰ্ভত মোৰ কোনো সন্দেহ নাই। যদি অৰ্ধেক জনসংখ্যাক সুযোগ দিয়া হয় আৰু তেওঁলোকৰ সামৰ্থ্য অনুসৰি ৰাষ্ট্ৰ নিৰ্মাণত অৰিহণা যোগাবলৈ উৎসাহিত কৰা হয়, তেন্তে এনেকুৱা কি চমৎকাৰ কাম কৰিব নোৱাৰি?

 

১২. সৱলীকৰণৰ এই দৃষ্টিভংগীয়ে অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিকে ধৰি দুৰ্বল শ্ৰেণীৰ লোকসকলৰ বাবে চৰকাৰৰ কাৰ্যপ্ৰণালীৰ পথ প্ৰদৰ্শন কৰে। দৰাচলতে, আমাৰ লক্ষ্য কেৱল সেই লোকসকলৰ জীৱনৰ প্ৰতিবন্ধকতাবোৰ আঁতৰ কৰা আৰু তেওঁলোকৰ বিকাশত সহায় কৰাই নহয়, বৰঞ্চ সেই সম্প্ৰদায়বোৰৰ পৰা শিক্ষালাভো হ’ল আমাৰ উদ্দেশ্য। বিশেষকৈ জনজাতীয় সম্প্ৰদায়ৰ লোকসকলে পৰিৱেশ সুৰক্ষিত কৰাৰ পৰা সমাজক ঐক্যবদ্ধ কৰালৈকে বহুতো ক্ষেত্ৰত আমাক শিকাব পাৰে।

 

মৰমৰ দেশবাসীসকল,

১৩.  শাসনৰ সকলো দিশত পৰিৱৰ্তন সাধন কৰিবলৈ আৰু জনসাধাৰণৰ সৃষ্টিশীল শক্তিক আলোকপাত কৰাৰ বাবে শেহতীয়া বৰ্ষবোৰত কৰা কেইবাটাও প্ৰচেষ্টাৰ ফলস্বৰূপে, এতিয়া বিশ্ব-সমূদায়ে ভাৰতক সন্মানৰ এক নতুন দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিছে। পৃথিৱীৰ বিভিন্ন মঞ্চত আমাৰ সক্ৰিয়তাই ইতিবাচক পৰিৱৰ্তন আনিবলৈ আৰম্ভ কৰিছে। বিশ্ব মঞ্চত ভাৰতে অৰ্জন কৰা এই সন্মানে দেশক নতুন সুযোগ আৰু দায়িত্ব প্ৰদান কৰিছে। আপোনালোক সকলোৱে এই বিষয়ে নিশ্চয় অৱগত যে চলিত বৰ্ষত ভাৰতে জি-২০ দেশৰ গোটৰ অধ্যক্ষতা কৰিছে। আমাৰ বিশ্বভ্ৰাতৃত্বৰ আদৰ্শৰ সৈতে সংগতি ৰাখি আমি সকলোৰে বাবে শান্তি আৰু সমৃদ্ধিৰ পক্ষপাতী। জি-২০ অধ্যক্ষতাই এখন উন্নত বিশ্ব গঢ়াত অৰিহণা যোগোৱাৰ বাবে ভাৰতক এক অতি গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰিছে। সেয়েহে, জি-২০ৰ অধ্যক্ষতা গণতন্ত্ৰ আৰু বহুপাক্ষিকতাৰ প্ৰচাৰৰ বাবে এক উত্তম সুযোগ আৰু একে সময়তে এক উন্নত বিশ্ব তথা এক উন্নত ভৱিষ্যত গঢ়ি তোলাৰ বাবে উপযুক্ত মঞ্চ। মই নিশ্চিত যে ভাৰতৰ নেতৃত্বত জি-২০ য়ে অধিক ন্যায়সংগত তথা স্থিৰ বিশ্ব শৃংখলা গঢ়ি তোলাৰ প্ৰয়াসক যথেষ্ট আগুৱাই নিবলৈ সক্ষম হ'ব।

১৪.  জি-২০ সদস্য ৰাষ্ট্ৰসমূহ  বিশ্বৰ জনসংখ্যাৰ প্ৰায় দুই-তৃতীয়াংশ আৰু বিশ্বব্যাপী জিডিপিৰ প্ৰায় ৮৫ শতাংশ, সেয়েহে ই বিশ্বব্যাপী প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা আৰু মোকাবিলা কৰাৰ বাবে এক আদৰ্শ মঞ্চ হিচাপে বিবেচিত হৈছে। মোৰ দৃষ্টিত, গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তন হৈছে এক প্ৰত্যাহ্বান যাৰ সৈতে শীঘ্ৰে সন্মুখীন হ'ব লাগিব। গোলকীয় উষ্ণতা বৃদ্ধি হৈ আছে আৰু বতৰ পৰিৱৰ্তনৰ চৰমতম ৰূপ দেখা গৈছে। আমি এক গুৰুতৰ দ্বিধাৰ সন্মুখীন হৈছো: অধিক সংখ্যক লোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰিবলৈ অৰ্থনৈতিক বিকাশ প্ৰয়োজনীয়, কিন্তু জীৱাশ্ম ইন্ধনো এই বিকাশৰ বাবে ব্যৱহাৰ কৰিব লাগিব। দুৰ্ভাগ্যবশতঃ, সমাজৰ দৰিদ্ৰ শ্ৰেণীবোৰে গোলকীয় উষ্ণতাৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয়। শক্তিৰ বৈকল্পিক উৎস বিকশিত আৰু জনপ্ৰিয় কৰাটোও ইয়াৰ এটা সমাধান হ’ব পাৰে। ভাৰতে সৌৰ-শক্তি আৰু বৈদ্যুতিক বাহনসমূহক নীতিগত উদগনি প্ৰদান কৰি এই দিশত প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। অৱশ্যে, গোলকীয় পৰ্যায়ত উন্নত দেশসমূহৰ দ্বাৰা প্ৰযুক্তি হস্তান্তৰ আৰু বিত্তীয় সহায়ৰ জৰিয়তে উদীয়মান অৰ্থনীতিসমূহক সমৰ্থন প্ৰদান কৰাৰ প্ৰয়োজন আছে।

১৫.  উন্নয়ন আৰু পৰিৱেশৰ মাজত ভাৰসাম্য বৰ্তাই ৰাখিবলৈ আমি প্ৰাচীন পৰম্পৰাবোৰক এক নতুন দৃষ্টিৰে চাব লাগিব। আমি আমাৰ মৌলিক অগ্ৰাধিকাৰসমূহো পুনৰ বিবেচনা কৰিব লাগিব। পৰম্পৰাগত জীৱন-মূল্যৰ বৈজ্ঞানিক পৰিসৰসমূহ বুজিব লাগিব। আমি আকৌ এবাৰ প্ৰকৃতিৰ প্ৰতি সন্মান আৰু অসীম বিশ্বব্ৰহ্মাণ্ডৰ সন্মুখত নম্ৰতাপূৰ্বক অনুভূতি জাগ্ৰত কৰিব লাগিব। এইখিনিতে মই এটা কথাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰো যে মহাত্মা গান্ধী আধুনিক যুগৰ এজন প্ৰকৃত দূৰদৰ্শী ব্যক্তি আছিল কিয়নো তেওঁ ইতিমধ্যেই অনিয়ন্ত্ৰিত ঔদ্যোগিকৰণৰ ফলত হোৱা দুৰ্যোগৰ বিষয়ে অনুভৱ কৰিছিল আৰু বিশ্বক এই সন্দৰ্ভত পথ সংশোধন কৰিবলৈ সতৰ্ক কৰি দিছিল।

১৬.  যদি আমি বিচাৰো যে আমাৰ সন্তানে এই পৃথিৱীত এক সুখী জীৱন অতিবাহিত কৰক তেন্তে আমি আমাৰ জীৱনশৈলী পৰিৱৰ্তন কৰিব লাগিব। পৰিৱৰ্তনৰ এই সন্দৰ্ভত দিয়া এটা পৰামৰ্শ খাদ্যৰ সৈতে সম্পৰ্কিত। মই আনন্দিত যে ৰাষ্ট্ৰসংঘই ভাৰতৰ পৰামৰ্শ গ্ৰহণ কৰিছে আৰু ২০২৩ বৰ্ষক আন্তৰ্জাতিক মোটা শস্য বৰ্ষ হিচাপে ঘোষণা কৰিছে।  মোটা শস্য আমাৰ আহাৰৰ মুখ্য উপাদান আছিল। সমাজৰ সকলো শ্ৰেণীয়ে এই খাদ্যক পুনৰ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। এনে শস্য পৰিৱেশ অনুকূল হয় কিয়নো ইয়াৰ উৎপাদনত পানীৰ ব্যৱহাৰ কম হয়। এই শস্যবোৰে এক উচ্চ-স্তৰৰ পুষ্টিও প্ৰদান কৰে। যদি অধিক সংখ্যক লোকে তেওঁলোকৰ খাদ্যাভ্যাসত মোটা শস্য অন্তৰ্ভুক্ত কৰে, ই পৰিৱেশ-সুৰক্ষাত সহায় কৰাৰ লগতে জনসাধাৰণৰ স্বাস্থ্যও উন্নত কৰিব।

১৭.  গণতন্ত্ৰৰ আন এটা বৰ্ষ পাৰ হৈছে আৰু এটা নতুন বছৰ আৰম্ভ হৈছে। এইটো এটা অভূতপূৰ্ব পৰিৱৰ্তনৰ সময়। মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ ফলত মাত্ৰ কেইদিনমানৰ ভিতৰতে পৃথিৱীখন সলনি হৈ পৰিছিল। বিগত তিনিটা বৰ্ষত যেতিয়াই আমি অনুভৱ কৰোঁ যে আমি ভাইৰাছটোক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছো, তেনে সময়তে এই ভাইৰাছটোৱে আন এক বিকৃত ৰূপত পুনৰ ঘূৰি আহে। কিন্তু এতিয়া আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই কিয়নো আমি বুজি পাইছো যে আমাৰ নেতৃত্ব, আমাৰ বিজ্ঞানী আৰু চিকিৎসক, আমাৰ প্ৰশাসক আৰু 'ক’ৰোনা যোদ্ধা'সকলে যিকোনো পৰিস্থিতিত মোকাবিলা কৰিবলৈ যথাসম্ভৱ সকলো প্ৰচেষ্টা কৰিব। একে সময়তে, আমি এইটোও শিকিছোঁ যে আমি আমাৰ সুৰক্ষা অৱনমিত হ'বলৈ নিদিওঁ আৰু সতৰ্ক হৈ থাকিম।

মৰমৰ দেশবাসীসকল,

১৮.  আমাৰ গণতন্ত্ৰৰ এই পৰ্যন্ত বিকশিত যাত্ৰাত বিভিন্ন ক্ষেত্ৰত কাম কৰা বিভিন্ন প্ৰজন্মৰ লোকসকল তেওঁলোকৰ অমূল্য অৱদানৰ বাবে প্ৰশংসাৰ যোগ্য। মই কৃষক, শ্ৰমিক, বিজ্ঞানী আৰু অভিযন্তাসকলৰ ভূমিকাক প্ৰশংসা কৰোঁ যাৰ সামূহিক শক্তিয়ে আমাৰ দেশক "জয় জোৱান, জয় কিষাণ, জয় বিজ্ঞান, জয় অনুসন্ধান"ৰ সত্বাৰ সৈতে সংগতি ৰাখি আগবাঢ়ি যাবলৈ সক্ষম কৰিছে। দেশৰ প্ৰগতিত অৱদান আগবঢ়াই অহা প্ৰতিজন নাগৰিকক মই প্ৰশংসা কৰিছো। মই ভাৰতীয় সংস্কৃতি তথা সভ্যতাৰ অগ্ৰদূত প্ৰবাসী ভাৰতীয়সকলকো অভিবাদন জনাইছো।

 

১৯.  এই উপলক্ষে মই বিশেষকৈ সেই বীৰ সৈনিকসকলক প্ৰশংসা কৰোঁ যিসকলে আমাৰ সীমান্ত সুৰক্ষিত কৰে আৰু যিকোনো ত্যাগ আৰু বলিদানৰ বাবে সদায় সাজু থাকে। দেশবাসীক আভ্যন্তৰীণ নিৰাপত্তা প্ৰদান কৰা সকলো অৰ্ধসামৰিকবাহিনী আৰু আৰক্ষীৰ সাহসী সৈনিকসকলকো মই প্ৰশংসা কৰোঁ। মই আমাৰ সেনাবাহিনী, অৰ্ধসামৰিকবাহিনী আৰু আৰক্ষীৰ সকলো নায়কলৈ প্ৰণাম জনাইছো যিয়ে কৰ্তব্যৰত অৱস্থাত নিজৰ প্ৰাণ আহুতি দিছে। মই মৰমৰ সকলো শিশুক তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ বাবে হৃদয়েৰে আশীৰ্বাদ দিছোঁ। মই আকৌ এবাৰ আপোনালোক সকলো দেশবাসীলৈ গণতন্ত্ৰ দিৱস উপলক্ষে মোৰ হৃদয়েৰে শুভেচ্ছা জ্ঞাপন কৰিছো।

 

ধন্যবাদ,

জয় হিন্দ!

জয় ভাৰত!



(Release ID: 1893756) Visitor Counter : 337