প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰসিদ্ধ স্থপতিবিদ ডঃ বিভি দোশীৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 24 JAN 2023 1:53PM by PIB Guwahati

প্ৰসিদ্ধ স্থপতিবিদ ডঃ বি ভি দোশীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"ডঃ বিভি দোশীজী আছিল এজন প্ৰতিভাৱান স্থপতিবিদ যিয়ে বিভিন্ন প্ৰতিষ্ঠান গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সমগ্ৰ দেশজুৰি তেওঁৰ সমৃদ্ধ স্থাপত্য শৈলীৰ জৰিয়তে আগন্তুক প্ৰজন্মই তেওঁৰ মহানতাৰ উমান পাব। তেওঁৰ প্ৰয়াণ অতি দুখজনক। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি সমবেদনা জনাইছোঁ। ওম শান্তি।"

 

***

DS/SH/KG


(ৰিলিজ আই ডি : 1893541) অতিথি কক্ষ : 170